স্পৰ্টছ ডেস্ক, 14 মে’: ইংলেণ্ডত 1983 চনত অনুষ্ঠিত হৈছিল তৃতীয় সংস্কৰণৰ আন্তঃৰাষ্ট্ৰীয় এদিনীয়া বিশ্বকাপ ৷ সেই সময়ত বিশ্বকাপক জনা গৈছিল প্ৰোডেনচিয়েল কাপ নামেৰেও ৷ 9 জুনৰ পৰা 25 জুনলৈ অনুষ্ঠিত হৈছিল এই বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাৰ ৷ বিশ্বৰ মুঠ আঠখন দেশে অংশগ্ৰহণ কৰিছিল এই প্ৰতিযোগিতাত ৷ প্ৰতিযোগিতাখনত দলসমূহ বিভক্ত কৰা হৈছিল দুটা ভাগত- ‘পুল A’ আৰু ‘পুল B’ ৷ পুল A ত আছিল ইংলেণ্ড, পাকিস্তান, নিউজিলেণ্ড আৰু শ্ৰীলংকা ৷ ইপিনে পুল B ত আছিল ৱেষ্ট ইণ্ডিজ, অষ্ট্ৰেলিয়া, ভাৰত আৰু জিম্বাবৱে ৷ বিশ্বকাপত প্ৰথমবাৰৰ বাবে অংশগ্ৰহণ কৰিছিল জিম্বাবৱে দলটোৱে ৷ অৱশ্যে, সেই সময় আৰু এই সময়ৰ বিশ্বকাপৰ পুল মেচৰ মাজত পাৰ্থক্য আছিল এইয়ে যে, এটা দলে আনটো দলৰ বিপক্ষে দুবাৰকৈ মুখামুখি হৈছিল ৷ কিন্তু বৰ্তমান এটা দলে আনটো দলৰ বিৰুদ্ধে একোখনকৈ খেলতহে অৱতীৰ্ণ হয় ৷
এই প্ৰতিযোগিতাতে কপিল দেৱৰ এক ঐতিহাসিক ইংনিছৰ ফলতেই ভাৰতে ছেমিফাইনেলত স্থান লাভ কৰিবলৈ সক্ষম হৈছিল ৷ জিম্বাবৱেৰ বিৰুদ্ধে অনুষ্ঠিত মেচখনত কপিল দেৱে খেলিছিল বিস্ফোৰক অপৰাজিত 175 ৰানৰ ইংনিছ ৷ মন কৰিবলগীয়া এই যে, এই মেচখনত ভাৰতে মাত্ৰ 17 ৰানতে হেৰুৱাইছিল 5 টা কৈ উইকেট ৷ ভাৰতে নিজৰ সপ্তমটো উইকেট হেৰুৱাইছিল 78 ৰানত ৷ কপিল দেৱৰ বিধ্বংসী বেটিংৰ ফলতেই ভাৰতে 8 উইকেট হেৰুৱাই নিৰ্ধাৰিত 60 অভাৰত 266 ৰান কৰাৰ লগতে মেচখন 31 ৰানত জয় লাভ কৰি ছেমিফাইনেলত প্ৰৱেশ কৰিছিল ৷
অৱশ্যে, দুখৰ কথা এইয়ে যে এই ঐতিহাসিক ক্ষণৰ সাক্ষী হৈ ৰ’ব নোৱাৰিলে বহু ভাৰতীয়ই ৷ ইয়াৰে দুটা কাৰণৰ এটা হৈছে সেই দিনটোত BBCয়ে পালন কৰিছিল এদিনীয়া ধৰ্মঘট ৷ আনহাতে, দ্বিতীয়টো কাৰণ আছিল জিম্বাবৱে বিৰুদ্ধে অনুষ্ঠিত মেচক লৈ মানুহৰ মাজত নাছিল কোনো ধৰণৰ উৎসাহ । উল্লেখ্য যে, ছেমিফাইনেলত ভাৰতৰ লগতে স্থান লাভ কৰিবলৈ সক্ষম হৈছিল ইংলেণ্ড, পাকিস্তান আৰু ৱেষ্ট ইণ্ডিজে ৷
উল্লেখ্য যে, শক্তিশালী ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে ফাইনেল মেচত 43 ৰানেৰে জয় লাভ কৰি ক্ৰিকেটৰ ইতিহাসত ভাৰতৰ নাম সোণালী আখৰেৰে খোদিত কৰিবলৈ সক্ষম হৈছিল কপিল দেৱ নেতৃত্বাধীন ভাৰতীয় দলটোৱে ৷ ফাইনেলত ভাৰতে প্ৰথমে বেটিং কৰি 54.4 অভাৰত আটাইকেইটা উইকেট হেৰুৱাই সংগ্ৰহ কৰিছিল কেৱল 183 ৰান ৷ ইয়াৰ প্ৰত্যুত্তৰত 140 ৰানতে ৱেষ্ট ইণ্ডিজ দলটোক ধৰাশায়ী কৰি তিনিবাৰকৈ বিশ্বকাপ খিতাপ জয়ৰ হেটট্ৰিক অৰ্জনৰ ৱেষ্ট ইণ্ডিজৰ স্বপ্ন ভংগ কৰিছিল ভাৰতে ৷ এই মেচখনতেই কপিল দেৱে বহু দূৰ দৌৰি ভিভিয়ান ৰিচাৰ্ডৰ এটা সুন্দৰ কেট্চ ধৰি আউট কৰা দৃশ্য আজিও বহু অনুৰাগীৰ মনত সজীৱ হৈ আছে ৷ মেচখনত কপিল দেৱে এটা উইকেট দখল কৰাৰ বিপৰীতে মদন লালে 3টা, মহেন্দ্ৰৰ অমৰনাথে 3 টা, বালৱিন্দৰ সান্ধুৱে 2 টা আৰু ৰ’জাৰ বিন্নীয়ে 1 টা উইকেট দখল কৰিবলৈ সক্ষম হৈছিল ৷
1983 চনৰ বিশ্বকাপৰ ভাৰতীয় ক্ৰিকেট দলটোত আছিল- কপিলে দেৱ (অঃ), মহিন্দ্ৰ অমৰনাথ, কৃৰ্তি আজাদ, ৰ’জাৰ বিন্নী, সুনীল গাভাস্কাৰ, শ্বয়েদ কিৰ্মাণী (উইকেটকীপাৰ), মদন লাল, সন্দীপ পাটেল, বালৱিন্দৰ সান্ধু, য়ছপাল শৰ্মা, ৰবি শাস্ত্ৰী, কৃষ্ণমাচাৰী শ্ৰীকান্ত, সুনীল ভালচন আৰু দিলীপ ভেংচৰকাৰ ৷
বিশ্বকাপ প্ৰতিযোগিতা খনৰ কিছু কথা-
- টুৰ্ণামেণ্ট খনত সৰ্বোচ্চ ৰানঃ ইংলেণ্ডৰ ডেভিদ গৱেৰ ( 384 ৰান )
- সৰ্বোচ্চ উইকেটঃ ভাৰতৰ ৰজাৰ মিটচেল হামফেৰি বিন্নী (18 টা উইকেট)
- সৰ্বোচ্চ দলীয় ৰানঃ পাকিস্তান 338/5, বিৰোধী দল শ্ৰীলংকা
- সৰ্বনিম্ন দলীয় ৰানঃ অষ্ট্ৰেলিয়াৰ 129 ৰান, বিৰোধী দল ভাৰত ৷