ETV Bharat / sports

প্ৰধানমন্ত্ৰী আৰু শচীন তেণ্ডুলকাৰক দিবা-নৈশ টেষ্টত আমন্ত্ৰণৰ চেষ্টা বিচিচিআইৰ

author img

By

Published : Oct 31, 2019, 11:52 PM IST

Updated : Nov 1, 2019, 12:58 AM IST

22 নৱেম্বৰৰ পৰা 26 নৱেম্বৰৰ লৈ কলকাতাৰ ইডেন গাৰ্ডেনত অনুষ্ঠিত হ’ব ভাৰত-বাংলাদেশৰ মাজত প্ৰথম দিবা নৈশ মেচ ৷ এই টেষ্টত উপস্থিত থাকিব বাংলাদেশৰ প্ৰধানমন্ত্ৰী শ্বেখ হাছিনা ৷ শেহতীয়াকৈ নৰেন্দ্ৰ মোডী আৰু শচীন তেণ্ডুলকাৰক আমন্ত্ৰণৰ চেষ্টা চলাইছে বিচিচিআইয়ে ৷

প্ৰধানমন্ত্ৰী আৰু শচীন তেণ্ডুলকাৰক দিবা-নৈশ টেষ্টত আমন্ত্ৰণৰ চেষ্টা বিচিচিআইৰ

স্পৰ্টছ ডেস্ক, 31 অক্টোবৰ: কলকাতাৰ ইডেন গাৰ্ডেনত অনুষ্ঠিত হ’ব ভাৰত-বাংলাদেশৰ মাজত প্ৰথমখন দিবা নৈশ মেচ ৷ 22 নৱেম্বৰৰ পৰা 26 নৱেম্বৰৰ লৈ চলিব দুখন মেচৰ টেষ্ট শৃংখলা ৷ যাৰ বাবে ইতিমধ্যে বিচিচিআইয়ে আৰম্ভ কৰিছে প্ৰস্তুতি ৷

বিচিচিআইৰ নৱ নিযুক্ত অধ্যক্ষ সৌৰভ গাংগুলী

এই সন্দৰ্ভত বিচিচিআইৰ নৱ নিযুক্ত অধ্যক্ষ সৌৰভ গাংগুলীয়ে কয়, ভাৰতৰ দৃষ্টিভংগীৰে এইখন মেচ হ’ব ঐতিহাসিক ৷ সেয়েহে এই মেচখনক অধিক স্মৰণীয় কৰাৰ উদ্দেশ্যে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী, প্ৰাক্তন মহান ক্ৰিকেটাৰ শচীন তেণ্ডুলকাৰৰ দৰে গণ্য-মান্য ব্যক্তি উপস্থিতিৰ বাবে চেষ্টা চলাইছে বিচিচিআইয়ে ৷ সংবাদ মাধ্যমৰ আগত গাংগুলীয়ে কয়, আমি এই মেচখন আটকধুনীয়াকৈ পৰিচালিত কৰিম ৷ 3-4 দিনৰ ভিতৰত সম্পূৰ্ণ কাৰ্যসূচী প্ৰদান কৰা হ’ব বুলিও গাংগুলীয়ে জানিবলৈ দিয়ে ৷

ভাৰতীয় টেষ্ট দল
ভাৰতীয় টেষ্ট দল

উল্লেখ্য যে, ভাৰতৰ এইখন হ’ব প্ৰথমখন দিবা-নৈশ টেষ্ট মেচ ৷ বাংলাদেশৰ বিৰুদ্ধে অৱতীৰ্ণ হ’ব ভাৰতীয় দলটো ৷ ইতিমধ্যে বাংলাদেশ দলটো ভাৰত আহি উপস্থিত হৈছে ৷ অহা তিনি নৱেম্বৰত ভাৰতৰ বিৰুদ্ধে প্ৰথমখন টি-20 মেচত অৱতীৰ্ণ হ’ব বাংলাদেশ দলটো ৷

Intro:২ নৱেম্বৰৰ পৰা ডিফুত ১৩ সংখ্যক ৰাজ্যিক ইউনাইটেড কে ৰাটে চেম্পিয়ণশ্বীপ৷

ডিফু, ৩১ অক্টোবৰ:- অহা ২ অক্টোবৰৰ পৰা ডিফুত অনুষ্ঠিত হ'ব ১৩ সংখ্যক সদৌ অসম ইউনাইটেড কেৰাটে চেম্পীয়ণশ্বীপ ২০১৯ ৷ সদৌ অসম কেৰাটে সন্থাৰ উদ্যোগত আৰু কাৰবি আংলং জিলা ক্ৰীড়া সন্থা তথা কাৰবি আংলং জিলা কেৰাটে সন্থাৰ ব্যৱস্থাপনাত কাছা ইনড'ৰ ষ্টেডিয়ামত অহা ২ নৱেম্বৰ শণিবাৰ সন্ধিয়া ৫ বজাৰ পৰা আৰম্ভ হ'ব বুলি জানিব পৰা গৈছে ৷ কাৰবি আংলং কেৰাটে সন্থাৰ কাৰিকৰী সঞ্চালক পূৰ্ণ তিমুঙে জানিবলৈ দিয়া অনুসৰি উক্ত প্ৰতিযোগিতাত কেডেট, জুনিয়ৰ, ছাবজুনিয়ৰ আৰু ছিনিয়ৰ শাখাত ৯০০ গৰাকী খেলুৱৈয়ে অংশ গ্ৰহণ কৰিব ৷ অহা ৩ নৱেম্বৰ দিনৰ ১১ বজাৰ পৰা চেম্পিয়ণশ্বপটিৰ বঁটা বিতৰণি কাৰ্যসূচী অনুষ্ঠিত হ'ব ৷ চেম্পিয়ণশ্বপটিৰ উদ্ধোধনী অনুষ্ঠানত ৰাজ্যিক কেৰাটে সন্থাৰ এগৰাকী সম্পাদকৰ লগতে বিশিষ্ট লোক সকল উপস্থিত থাকিব ৷

ছাইদুল ইছলাম, ডিফু ৷Body:*******Conclusion:********
Last Updated : Nov 1, 2019, 12:58 AM IST

For All Latest Updates

TAGGED:

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.