ETV Bharat / sports

2014 বৰ্ষৰ আজিৰ দিনটোতে এদিনীয়াত সৰ্বাধিক স্কৰ গঢ়িছিল ৰোহিত শৰ্মাই

author img

By

Published : Nov 13, 2020, 10:35 PM IST

2014 বৰ্ষৰ আজিৰ দিনটোতে ভাৰতীয় অপেনিং বেটছমেন ৰোহিত শৰ্মাই এদিনীয়াত সৰ্বাধিক ব্যক্তিগত ৰাণ সংগ্ৰহ কৰিছিল ৷ 'হিটমেন' হিচাপে পৰিচিত ৰোহিতে কলকাতাৰ ইডেন গাৰ্ডেনত শ্ৰীলংকাৰ বিৰুদ্ধে 264 ৰাণৰ ইনিংছ গঢ়িছিল ৷

হিটমেন
ৰোহিত শৰ্মা

স্পৰ্টছ ডেস্ক, 13 নৱেম্বৰ : 2014 বৰ্ষৰ আজিৰ দিনটোতে ভাৰতীয় অপেনিং বেটছমেন ৰোহিত শৰ্মাই এদিনীয়াত সৰ্বাধিক ব্যক্তিগত ৰাণ সংগ্ৰহ কৰিছিল ৷ 'হিটমেন' হিচাপে পৰিচিত ৰোহিতে কলকাতাৰ ইডেন গাৰ্ডেনত শ্ৰীলংকাৰ বিৰুদ্ধে 264 ৰাণৰ ইনিংছ গঢ়িছিল ৷ আজি পৰ্যন্ত এই স্কৰ 50 অ'ভাৰৰ ফৰমেটৰ সৰ্বাধিক ব্যক্তিগত স্কৰ হিচাপে পৰিগণিত হৈ আছে ৷

সেই মেচত সোঁহতীয়া বেটছমেনগৰাকীয়ে 4 ৰাণত জীৱনদান পোৱাৰ পাচত শ্ৰীলংকাৰ বলাৰক ধৰাশায়ী কৰি আৰু 260 ৰাণ সংগ্ৰহ কৰিবলৈ সক্ষম হৈছিল ৷ ব্যক্তিগতভাৱে এদিনীয়াত 8 বাৰ 200 ৰাণ সংগ্ৰহ কৰিছে বহুকেইজন ক্ৰিকেটাৰে ৷ ইয়াৰে তিনিবাৰ এই সফলতা অৰ্জন কৰিছে ৰোহিত শৰ্মাই ৷ 2014 চনত 264 ৰাণ আৰু 2017 চনত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে 208 ৰাণৰ ইনিংছ গঢ়িছিল ৰোহিতে ৷ আনহাতে, প্ৰথমবাৰ 2013 চনত তেওঁ দ্বিশতক অৰ্জন কৰিছিল বেংগালুৰত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে ৷ সেই মেচত 158 বলত 209 ৰাণ সংগ্ৰহ কৰিছিল ৰোহিত শৰ্মাই ৷

  • #OnThisDay in 2014, a @ImRo45 record 💥💥

    12......1.......11...41.1.4.1..11.1.41..4141...211...1.1......1111111.11114121..414..2114114.644.1114111.64.141.144.64.1111141.11161.1.21..61144414114441466.4.1414464161141☝️ pic.twitter.com/khn9525MjB

    — ICC (@ICC) November 13, 2020 " class="align-text-top noRightClick twitterSection" data=" ">

50 অ'ভাৰৰ ফৰমেটত প্ৰথমটো দ্বিশতক অৰ্জন কৰিছিল প্ৰাক্তন ভাৰতীয় বেটছমেন শচীন তেণ্ডুলকাৰে ৷ 2010 চনত দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে এই অভিলেখ অৰ্জন কৰিছিল শচীনে ৷

শ্ৰীলংকাৰ বিৰুদ্ধে পাঁচখনীয়া এদিনীয়া শৃংখলাৰ চতুৰ্থ মেচত 264 ৰাণৰ ইনিংছ গঢ়িছিল ৰোহিতে ৷ তেওঁৰ এই ইনিংছত আছিল 33 টা চাৰি আৰু 9 টা ছয় ৷ ৰোহিতৰ দূৰ্দান্ত প্ৰদৰ্শনৰ জৰিয়তে ভাৰতে শ্ৰীলংকাৰ বিৰুদ্ধে 404/5 সংগ্ৰহ কৰিছিল ৷ অৱশেষত নুৱান কুলাছেকাৰাৰ বলত উইকেট হেৰুৱাইছিল ৰোহিতে ৷

  • #OnThisDay in 2014, @ImRo45 created history by smashing 264 - the highest individual score in the ODIs 👊👌

    A 🔝 knock that included 3⃣3⃣ fours and 9⃣ sixes 💥💥#TeamIndia

    Watch that splendid knock here 👇📽️

    — BCCI (@BCCI) November 13, 2020 " class="align-text-top noRightClick twitterSection" data=" ">

এই মেচত ভাৰতে শ্ৰীলংকা দলক 251 ৰাণত অল আউট কৰাৰ লগতে 153 ৰাণত জয় সাব্যস্ত কৰিবলৈ সক্ষম হৈছিল ৷ উল্লেখ্য যে, শেহতীয়াকৈ ৰোহিত শৰ্মা নেতৃত্বাধীন মুম্বাই ইণ্ডিয়ানছে আইপিএলৰ পঞ্চমটো খিতাপ দখল কৰিবলৈ সক্ষম হৈছে ৷ দিল্লী কেপিটেলছৰ বিৰুদ্ধে অনুষ্ঠিত ফাইনেলত পাঁচ উইকেটত জয় লাভ কৰিছিল মুম্বাই ইণ্ডিয়ানছে ৷

বৰ্তমান অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে 17 ডিচেম্বৰৰ পৰা অ'ভেলত অনুষ্ঠিত হ'বলগা টেষ্ট ছিৰিজত অংশগ্ৰহণৰ বাবে সাজু হৈছে ৰোহিত ৷ আইপিএলত অংশগ্ৰহণৰ সময়ত হেমষ্ট্ৰিঙত ভোগা বাবে বৰ্তমান নেশ্যনেল ক্ৰিকেট একাডেমীত (NCA) চিকিৎসা গ্ৰহণ কৰি আছে হিটমেন খ্যাত বেটছমেনগৰাকীয়ে ৷

লগতে পঢ়ক : এটিপি প্ৰতিযোগিতাত ফাইনেলত নভাক ড'জকুভিক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.