ETV Bharat / sports

সেনাৰ টুপী পিন্ধি খেলপথাৰত কোন এইসকল খেলুৱৈ ?

ৰাঁচীত অনুস্থিত এদিনীয়া শৃংখলাৰ মাননি নলয় ভাৰতীয় দলে

author img

By

Published : Mar 8, 2019, 4:50 PM IST

শ্বহীদ জোৱানলৈ ভাৰতীয় ক্ৰিকেট দলৰ শ্ৰদ্ধাঞ্জলি

স্পৰ্টছ ডেস্ক,৮মাৰ্চ: শুকুৰবাৰে ৰাঁচীত শৃংখলা দখলৰ লক্ষ্যৰে তৃতীয় এদিনীয়াত অৱতীৰ্ণ হৈছে ভাৰতীয় ক্ৰিকেট দল । অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে শৃংখলাটো ২-০ অগ্ৰগতিৰে ভাৰতীয় দলটোৱে অধিক আত্মবিশ্বাসেৰে ধোনীৰ গৃহ চহৰ ৰাঁচীৰ জেএছচিএ ষ্টেডিয়ামত অংশ লৈছে । প্ৰাক্তন অধিনায়ক ধোনীৰ এইখন খেলেই হ'ব গৃহ চহৰ ৰাঁচীত অন্তিমখন এদিনীয়া। ইপিনে এই এদিনীয়াত ভাৰতীয় দলটোৱে ভাৰতীয় ক্ৰিকেট দলৰ টুপীৰ বিপৰীতে সেনাৰ টুপী পিন্ধি খেলপথাৰত অৱতীৰ্ণ হৈছে ।

উল্লেখ্য যে এই তৃতীয় এদিনীয়াত টছৰ সময়তে অধিনায়ক বিৰাট কোহলিয়ে খেলখনৰ পৰা লাভ কৰিবলগীয়া খেলুৱৈসকলৰ সমস্ত মাননি 'নেচনেল ডিফেন্স ফাণ্ড'লৈ আগবঢ়োৱাৰ কথা ঘোষণা কৰে । শ্বহীদ পৰিয়ালৰ সন্তানসকলৰ শিক্ষাৰ ক্ষেত্ৰত সহায় কৰাৰ উদ্দেশ্যে খেলুৱৈসকলে এই অৱদান আগবঢ়াই ।

উল্লেখ্য যে সন্ত্ৰাসবাদীৰ হাতত কাশ্মীৰৰ পুলৱামা আক্ৰমণত শ্বহীদ হোৱা জোৱানসকলৰ প্ৰতি শ্ৰদ্ধা জনাই শুকুৰবাৰে প্ৰাক্তন অধিনায়ক ধোনীয়ে সকলো ভাৰতীয় খেলুৱৈৰ হাতত সেনাৰ টুপীসমূহ তুলি দিয়ে । ইয়াৰ পূৰ্বেও অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে অনুষ্ঠিত প্ৰথমখন টি-২০ ত শ্বহীদৰ প্ৰতি শ্ৰদ্ধা জনাই ভাৰতীয় খেলুৱৈসকলে বাহুত ক'লা ৰঙৰ কাপোৰ বান্ধি খেল আৰম্ভ হোৱাৰ আগেয়ে শ্বহীদসকলৰ আত্মাৰ সদগতি কামনা কৰি মৌনতা অৱলম্বন কৰিছিল ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.