স্পৰ্টছ ডেস্ক,10 মে': প্ৰাক্তন ভাৰতীয় বেগী বলাৰ ইৰফান পাঠান আৰু বেটছমেন সুৰেশ ৰাইনাই বিচিচিআইলৈ আবেদন জনাইছে যে, জাতীয় দলৰ সৈতে চুক্তি নথকা ভাৰতীয় খেলুৱৈসকলক বিচিচিআইয়ে বিদেশৰ টি-20 লীগত অংশগ্ৰহণৰ অনুমতি প্ৰদান কৰা উচিত ৷
- " class="align-text-top noRightClick twitterSection" data="
">
বিচিচিআইৰ নিয়ম অনুসৰি, সকলো ফৰমেটৰ ক্ৰিকেটৰ পৰা আনুষ্ঠানিক অৱসৰ ঘোষণা নকৰালৈকে ভাৰতীয় খেলুৱৈয়ে বিদেশৰ টি-20 লীগত অংশগ্ৰহণ কৰিব নোৱাৰে ৷ পাঠানে এই বছৰৰ জানুৱাৰীত সকলো ধৰণৰ ক্ৰিকেটৰ পৰা অৱসৰ ঘোষণা কৰিলেও ৰাইনাই 2018 চনৰ জুলাই মাহৰ পৰা ভাৰতীয় দলত স্থান লাভ কৰিবলৈ সক্ষম হোৱা নাই ৷
পাঠানৰ সৈতে ইনষ্টাগ্ৰাম লাইভ ভিডিঅ'ত ৰাইনাই কয়, "আইচিচিৰ সৈতে বিচিচিআইয়ে আলোচনা কৰি বিচিচিআইৰ সৈতে চুক্তি নথকা ভাৰতীয় খেলুৱৈক বিদেশত খেলিবৰ বাবে অনুমতি প্ৰদান কৰিব লাগে ৷ অতি কমেও দুই পৃথক বিদেশী লীগত খেলাৰ অনুমতি প্ৰদান কৰক ৷ আমি ভাল ক্ৰিকেট প্ৰদৰ্শন কৰিবলৈ সমৰ্থ হ'লে আমাৰ বাবেও ভাল ৷ এই লীগসমূহত প্ৰদৰ্শন আগবঢ়াইয়ে বহু আন্তৰাষ্ট্ৰীয় ক্ৰিকেটাৰে দললৈ প্ৰত্যাৱৰ্তন কৰে ৷"
উল্লেখ্য় যে, এই বছৰ পাঠানে জম্মু-কাশ্মীৰ দলৰ ঘৰুৱা ছিজনৰ বাবে প্ৰশিক্ষণ প্ৰদান কৰিছিল ৷ এই দায়িত্ব পালন কৰি থকা সময়তে তেওঁক তিনিখনকৈ লীগত খেলিবৰ বাবে নিমন্ত্ৰণ কৰা হৈছিল বুলি মন্তব্য কৰে পাঠানে ৷