স্পৰ্টছ ডেস্ক, 17 ছেপ্তেম্বৰ : ইংলেণ্ডৰ অল ৰাউণ্ডাৰ বেন ষ্টোকছে মঙলবাৰে ইংলেণ্ডৰ এখন বাতৰি কাকতৰ বিৰুদ্ধে এক বিবৃতি প্ৰকাশ কৰিছে ৷ ষ্টোকছৰ জীৱনৰ সৈতে জড়িত 'গোপন পৰিয়াল ট্ৰেজেদী' নামৰ এটা প্ৰতিবেদন প্ৰকাশ কৰাৰ পাছতে এইদৰে খৰ্গহস্ত হৈ পৰে ক্ৰিকেটাৰগৰাকী ৷ 'দা ছান' নামৰ বাতৰি কাকতখনৰ বিৰুদ্ধে প্ৰকাশ কৰা বিবৃতিত ষ্টোকছে কয় যে, 31 বছৰ পুৰণি তেওঁৰ জীৱনৰ সৈতে জড়িত অতি কষ্টকৰ, সংবেদনশীল আৰু ব্যক্তিগত বিষয়ক বাতৰি কাকতখনে প্ৰকাশ কৰিলে ৷ উল্লেখ্য যে, 1988 চনত ষ্টোকছৰ জন্মৰ পূৰ্বে তেওঁৰ মাতৃৰ দুই সন্তানক মাতৃৰ প্ৰাক্তন প্ৰেমিকে হত্যা কৰিছিল বুলি কাকতখনে দাবী কৰিছিল ৷ এই সমগ্ৰ প্ৰতিবেদনক 'হৃদয়হীন আৰু অমানৱীয়' আখ্যা দিয়ে ক্ৰিকেটাৰগৰাকীয়ে ৷
- — Ben Stokes (@benstokes38) September 17, 2019 " class="align-text-top noRightClick twitterSection" data="
— Ben Stokes (@benstokes38) September 17, 2019
">— Ben Stokes (@benstokes38) September 17, 2019
লগতে তেওঁ উল্লেখ কৰে যে, বাতৰি কাকতখনৰ সাংবাদিকে এই বিষয়ত তথ্য সংগ্ৰহৰ বাবে নিউজিলেণ্ড ভ্ৰমণ কৰি তেওঁৰ অভিভাৱকক প্ৰশ্ন কৰিছিল ৷ সাংবাদিকতাৰ এনে নিম্ন মানদণ্ডৰ আৰু ঘৃণনীয় আচৰণক কঠোৰ ভাষাৰে গৰিহণা দিয়ে অল ৰাউণ্ডাৰগৰাকীয়ে ৷
ইয়াৰোপৰি, তেওঁ মন্তব্য কৰে যে, এই মানসিক কষ্টৰ সৈতে যুঁজিবৰ বাবে তেওঁৰ পৰিয়ালে বহু কষ্টৰে যুঁজিব লগা হৈছে ৷ এনে এক হৃদয়স্পৰ্শী বিষয়ক কাকতৰ প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰাটো বাতৰি কাকতখনে গ্ৰহণীয় বুলি ভাবে নি বুলিও প্ৰশ্ন কৰে বেন ষ্টোকছে ৷ এনে প্ৰতিবেদনে সাংবাদিকতাৰ একেবাৰে নিম্ন মানদণ্ডক সূচাইছে বুলি সমালোচনা কৰে খেলুৱৈগৰাকীয়ে ৷
উল্লেখ্য যে, সদ্যসমাপ্ত এছেজ শৃংখলাৰ তৃতীয় টেষ্টত 135 ৰানৰ সুন্দৰ ইনিংছ খেলি ইংলেণ্ড দলৰ বিজয়ত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল বেন ষ্টোকছে ৷ ইয়াৰ পাছতে তেওঁক 'মেন অৱ দা ছিৰিজ'ৰ সন্মানো প্ৰদান কৰা হৈছিল ৷ ইয়াৰোপৰি, আইচিচি বিশ্বকাপ, 2019 ৰ ফাইনেলত ষ্টোকছৰ 84 ৰানৰ জৰিয়তে নিউজিলেণ্ডৰ বিৰুদ্ধে ইংলেণ্ড দলে ট্ৰফী বুটলিবলৈ সক্ষম হৈছিল ৷