ETV Bharat / sports

অমিত শ্বাহৰে সাক্ষাতৰ জল্পনা-কল্পনাক নাকচ সৌৰভ গাংগুলীৰ

author img

By

Published : Dec 28, 2020, 2:02 PM IST

দেওবাৰে পশ্চিমবংগৰ ৰাজ্যপাল জগদ্বীপ ধনকাৰে গাংগুলীক সাক্ষাৎ কৰি বিভিন্ন বিষয় সন্দৰ্ভত আলোচনা কৰিছিল ৷ ইয়াৰ পিছতেই এইটো উৰাবাতৰি ওলাইছিল যে,বিচিচিআইৰ সভাপতি গৰাকীয়ে দিল্লীলৈ গৈ অমিত শ্বাহক সাক্ষাৎ কৰিব ৷

sourav ganguly dismisses all rumours about the meeting with amit shah
অমিত শ্বাহৰে সাক্ষাতৰ জল্পনা-কল্পনাক নাকচ সৌৰভ গাংগুলীৰ

স্পৰ্টছ ডেস্ক,28 ডিচেম্বৰ: কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰে সাক্ষাতৰ জল্পনা-কল্পনাক নাকচ কৰিছে ভাৰতীয় ক্ৰিকেট দলৰ প্ৰাক্তন অধিনায়ক তথা বিচিচিআইৰ সভাপতি সৌৰভ গাংগুলীয়ে ৷ গাংগুলীয়ে কয় যে,তেওঁ দিল্লী জিলা ক্ৰিকেট সন্থাৰ এটি অনুষ্ঠানত অংশগ্ৰহণৰ বাবেহে দিল্লীলৈ ৰাওনা হৈছে ৷ কেন্দ্ৰীয় মন্ত্ৰী অমিত শ্বাহৰে সাক্ষাতৰ তেওঁৰ কোনো পৰিকল্পনা নাই ৷

দেওবাৰে পশ্চিমবংগৰ ৰাজ্যপাল জগদ্বীপ ধনকাৰে গাংগুলীক সাক্ষাৎ কৰি বিভিন্ন বিষয় সন্দৰ্ভত আলোচনা কৰিছিল ৷ ইয়াৰ পিছতেই এইটো উৰা বাতৰি ওলাইছিল যে,বিচিচিআইৰ সভাপতি গৰাকীয়ে দিল্লীলৈ গৈ অমিত শ্বাহক সাক্ষাৎ কৰিব ৷ আনহাতে,2019 বৰ্ষতো অমিত শ্বাহক সাক্ষাৎ কৰাৰ পিছত উৰা বাতৰি ওলাইছিল যে, 2021ৰ পশ্চিমবংগৰ বিধানসভা নিৰ্বাচনত প্ৰতিদ্বন্দিতা আগবঢ়াব সৌৰভ গাংগুলীয়ে ৷

ইয়াৰ উপৰিও বিজেপিৰে বন্ধুত্বই তেখেতৰ বিচিচিআইৰ সভাপতি পদৰ ক্ষেত্ৰত সহায়ক হ’ব বুলি ওলোৱা উৰা বাতৰিকো নাকচ কৰিছিল গাংগুলীয়ে ৷ এই সন্দৰ্ভত মন্তব্য কৰি অমিত শ্বাহৰ পুত্ৰ জয় শ্বাহে কয় বিচিচিআইৰ সভাপতি পদৰ সৈতে বিজেপিৰ কোনো সম্পৰ্ক নাই ৷

উল্লেখ্য যে, জয় শ্বাহ বিচিচিআইৰ সম্পাদক ৷ আনহাতে,বিজেপি নেতা অনুৰাগ ঠাকুৰৰ ভাতৃ অৰুণ ধুমাল হ’ল বিচিচিআইৰ কোষাধ্যক্ষ ৷ মন কৰিবলগীয়া যে, 2019ত পশ্চিমবংগৰ বিজেপি সভাপতি দিলীপ জোশীয়ে কৈছিল যদি গাংগুলীয়ে ৰাজনীতিত যোগদান কৰে তেন্তে ই দলটোক সমৃদ্ধ কৰিব ৷

লগতে পঢ়ক-Aus বনাম Ind: তৃতীয় দিনা বলাৰৰ দূৰ্দান্ত প্ৰদৰ্শনেৰে শীৰ্ষত ভাৰত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.