ETV Bharat / sports

2019 বিশ্বকাপ : আজিৰ দিনটোতে নিউজিলেণ্ডৰ হাতত পৰাস্ত হৈছিল ভাৰত

author img

By

Published : Jul 10, 2020, 7:51 PM IST

ভাৰতীয় ক্ৰিকেটৰ বাবে 10 জুলাই দিনটো হৈছে এটা ক'লা দিন । ভাৰতীয় ক্ৰিকেটাৰ ৰবীন্দ্ৰ জাডেজাইও প্ৰকাশ কৰিলে দুখ । বিগত বৰ্ষৰ আজিৰ দিনটোতেই ছেমিফাইনেলত পৰাস্ত হৈ 2019 বিশ্বকাপৰ পৰা বাহিৰ হৈছিল ভাৰত । জাজেডাই ক'লে "আমি নিজৰ সৰ্বোচ্চ চেষ্টা ৰাখিছিলো, কিন্তু পিচ পৰি ৰ'লো । আটাইতকৈ বেয়া দিনৰ ভিতৰত অন্যতম ।"

Ravindra Jadeja remembers india loss to new zealand in 2019 world cup semis

স্পৰ্টছ ডেস্ক, 10 জুলাই : ভাৰতীয় ক্ৰিকেটাৰৰ লগতে ভাৰতীয় ক্ৰীড়া অনুৰাগীৰ বাবে 10 জুলাই অৰ্থাৎ আজিৰ দিনটো হৈছে এক ক'লা দিন । কাৰণ 2019 বিশ্বকাপৰ লীগ মেচত অপ্ৰতিৰুদ্ধ হৈ থকা ভাৰতীয় দলৰ, আজিৰ দিনটোতেই ছেমিফাইনেলত স্তব্ধ হৈছিল বিশ্বকাপৰ যাত্ৰা । মানচেষ্টাৰত অনুষ্ঠিত ছেমিফাইনেল মেচত 18 ৰানত নিউজিলেণ্ডৰ হাতত পৰাস্ত হৈছিল ভাৰতীয় দল ।

এই ক'লা দিনটো স্মৰণ কৰি ৰবীন্দ্ৰ জাডেজাই এক আৱেগিক প'ষ্ট কৰি কয়, "আমি আমাৰ সৰ্বোচ্চ চেষ্টা ৰাখিছিলো । কিন্তু পিচ পৰি ৰ'লো । সবাতোকৈ বেয়া দিনৰ ভিতৰত অন্য়তম ।"

ভাৰত-নিউজিলেণ্ড ছেমিফাইনেল
ভাৰত-নিউজিলেণ্ড ছেমিফাইনেল

ছেমি ফাইনেল মেচখনত নিউজিলেণ্ড দলটোৱে প্ৰথমে বেটিং কৰি আঠ উইকেট হেৰুৱাই 239 ৰান কৰিবলৈ সক্ষম হৈছিল । কিন্তু ইয়াৰ প্ৰত্যুত্তৰত ভাৰতে যথেষ্ট দুৰ্বল আৰম্ভণি কৰে । অৱশ্যে মেচখনত জাডেজা আৰু ধোনীয়ে ভাৰতক জয়ৰ কাষলৈ নিয়ে যদিও বিফল হয় । ভাৰত 49.3 অভাৰত 221 ৰান কৰি অল আউটৰ সন্মুখীন হয় ।

মেচখনত জাডেজাই সৰ্বাধিক 77 ৰান কৰিবলৈ সক্ষম হৈছিল । অন্তিম ক্ষণত ধোনী ৰান আউট হোৱাৰ পাচতেই ভাৰতৰ পৰাজয় নিশ্চিত হৈ পৰে । ধোনীয়ে 72 টা বলত 50 ৰান কৰে । মাৰ্টিল গুপটিলৰ হাতত ৰান আউট হয় ধোনী । ইয়াৰ পাচৰ পৰাই ধোনীক আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত অংশ লোৱা পৰিলক্ষিত হোৱা নাই ।

লগতে পঢ়কঃ ক্ৰিকেটাৰৰ পৰা বিচিচিআইৰ অধ্যক্ষলৈঃ সৌৰভ গাংগুলীৰ বৰ্ণিল যাত্ৰা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.