নিউজ ডেস্ক, 3 জানুৱাৰী : প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে দেওবাৰে BCCI ৰ অধ্যক্ষ সৌৰভ গাংগুলীৰ সৈতে ফোনত বাৰ্তালাপ কৰে ৷ সৌৰভ গাংগুলীৰ স্বাস্থ্যৰ বুজ লোৱাৰ উদ্দেশ্যে ফোনত বাৰ্তালাপ কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ৷
সৌৰভ গাংগুলীয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক জনাই যে, তেওঁৰ স্বাস্থ্য বৰ্তমান পূৰ্বতকৈ উন্নত ৷ প্ৰধানমন্ত্ৰী মোডীয়ে সৌৰভ গাংগুলীৰ পত্নী ডনা গাংগুলীৰ সৈতেও ফোনত বাৰ্তালাপ কৰে ৷
উল্লেখ্য যে, শনিবাৰে BCCI ৰ অধ্যক্ষ গৰাকীয়ে সামন্য বুকুৰ বিষ অনুভৱ কৰাৰ লগতে মুৰৰ বিষ আৰু বমি অনুভৱ কৰে ৷ লগে লগে তেওঁলোকৰ পৰিয়ালৰ চিকিৎসকক অৱগত কৰাৰ পিচত চিকিৎসক গৰাকীয়ে চিকিৎসালয়ত ভৰ্তি হোৱাৰ পৰামৰ্শ প্ৰদান কৰে ৷ পৰৱৰ্তী সময়ত তেওঁক কলিকতাৰ উডলেণ্ড চিকিৎসালয় ভৰ্তি কৰা হয় ৷
উল্লেখ্য যে, BCCI ৰ অধ্যক্ষ গৰাকীৰ স্বাস্থ্যৰ বুজ লোৱাৰ বাবে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে শনিবাৰে ডনা গাংগুলীৰ সৈতে বাৰ্তালাপ কৰে ৷
লগতে পঢ়ক : মৰাণ আঞ্চলিক চুতীয়া ছাত্ৰ সন্থাৰ উদ্যোগত মাঘী মেলাৰ ব্যাপক প্ৰস্তুতি