স্পৰ্টছ ডেস্ক, 19 জানুৱাৰী : বাওঁহতীয়া বেটছমেন ঋষভ পন্তে মঙলবাৰে প্ৰাক্তন অধিনায়ক এম. এছ. ধোনীৰ অভিলেখ ভংগ কৰে ৷ টেষ্ট ক্ৰিকেটত 1000 ৰাণ সংগ্ৰহ কৰা দ্ৰুততম ভাৰতীয় উইকেট কীপাৰ হিচাপে পৰিগণিত হয় পন্ত ৷
বৰ্ডাৰ-গাভাস্কাৰ শৃংখলাৰ চতুৰ্থ টেষ্টৰ অন্তিম দিনা পেট কামিনছৰ এক বলত চাৰি কোবাই এই অভিলেখৰ গৰাকী হয় পন্ত ৷ 23 বৰ্ষীয় ক্ৰিকেটাৰগৰাকীয়ে 27 টা ইনিংছত সংগ্ৰহ কৰিছে 1000 ৰাণ ৷ তেওঁৰ পূৰ্বে প্ৰাক্তন ভাৰতীয় অধিনায়ক ধোনীয়ে 32 টা টেষ্ট ইনিংছত 1000 ৰাণ সম্পূৰ্ণ কৰিছিল ৷
টেষ্টত (ইনিংছ) দ্ৰুততম 1000 ৰাণ সংগ্ৰহ কৰা ভাৰতীয় উইকেট কীপাৰ :
27- ঋষভ পন্ত
32- এম. এছ. ধোনী
36- ফাৰুক ইঞ্জিনীয়াৰ
37- ঋধিমান সাহা
39- নয়ন মংগিয়া
উল্লেখ্য যে, পন্তে ভাৰতৰ হৈ 16 খন এদিনীয়া আৰু 28 খন টি-20 ত অংশগ্ৰহণ কৰি সংগ্ৰহ কৰিছে ক্ৰমে 374 আৰু 210 ৰাণ ৷
লগতে পঢ়ক : গৰ্বিত স্বামী আৰু পিতৃ : টুইটাৰ বায়’ সলনি কৰিলে বিৰাট কোহলীয়ে