নিউজ ডেস্ক, ১১ মাৰ্চ: ভাৰতৰ প্ৰাক্তন অধিনায়ক এম.এচ. ধোনীয়ে এখন ডকুমেন্টেৰীত মেচ ফিক্সিং সম্পৰ্কে মন্তব্য আগবঢ়াইছে । তেওঁ জনাই যে, আটাইতকৈ ভয়ংকৰ অপৰাধ হত্যা নহয়, মেচ ফিক্সিঙহে । আইপিএলৰ চেন্নাই চুপাৰ কিংছ দলটো মেচ ফিক্সিঙত জড়িত হৈ পৰাত তেওঁৰ নামটোও সাঙোৰ খাই পৰিছিল । সেই সময়টো তেওঁৰ বাবে যথেষ্ট কঠিন আছিল বুলি খেলুৱৈগৰাকীয়ে দোহাৰে ।
উল্লেখ্য যে, ২০১৩ চনত চেন্নাই চুপাৰ কিংছৰ দলটো মেচ ফিক্সিঙত জড়িত হোৱাৰ বাবে দুবছৰৰ বাবে আইপিএলৰ পৰা বাহিৰ কৰা হৈছিল ।