ETV Bharat / sports

শৃংখলা জয়ৰ লক্ষ্যৰে বাংগালুৰুত অৱতীৰ্ণ হ'ব ভাৰত - বাংগালুৰু

দেওবাৰে বাংগালুৰুত অনুষ্ঠিত হ'’ব ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ মাজত অন্তিমখন টি-20 মেচ ৷ শৃংখলা জয়ৰ লক্ষ্যৰে অৱতীৰ্ণ হ'ব ব্লু-বাহিনী ৷

শৃংখলা জয়ৰ লক্ষ্যৰে বাংগালুৰুত অৱতীৰ্ণ হ'ব ভাৰত
author img

By

Published : Sep 21, 2019, 8:35 PM IST

স্পৰ্টছ ডেস্ক, 21 ছেপ্টেম্বৰঃ দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে দেওবাৰে অন্তিমখন টি-20 মেচত অৱতীৰ্ণ হ'’ব ভাৰতীয় ক্ৰিকেট দল ৷ মোহালীত অতি সহজে জয় লাভ কৰা ভাৰতীয় দলটোৰ লক্ষ্য হ’'ব অন্তিমখন টি-20 মেচখনত জয় লাভেৰে শৃংখলা দখল কৰাৰ ৷ আনহাতে দক্ষিণ আফ্ৰিকাৰ নৱ নিযুক্ত অধিনায়ক কুইণ্টন ডি কক্ ৰ লক্ষ্য হ'ব শৃংখলাত সমতা স্থাপন কৰি 1-1 ত শৃংখলা সমাপ্ত কৰাৰ ৷

ভাৰত বনাম দক্ষিণ আফ্ৰিকা

ভাৰতীয় দলটোৱে তিনিটা শাখাত সুন্দৰ প্ৰদৰ্শন কৰিবলৈ সক্ষম হৈছে যদিও দলটোৰ একমাত্ৰ সমস্যা হৈছে ঋষভ পন্তৰ দুৰ্বল ফৰ্ম ৷ দ্বিতীয়খন টি-20 মেচত এক দুৰ্বল শ্বট খেলি মাত্ৰ 4 ৰানতে পেভিলিয়নমুখী হৈছিল যুৱ উইকেটকীপাৰগৰাকী ৷

ঋষভ পন্ত
ঋষভ পন্ত

উল্লেখ্য যে, তিনিখন মেচৰ টি-20 শৃংখলাৰ প্ৰথমখন মেচ বৰষুণৰ বাবে বাতিল কৰা হৈছিল ৷ দ্বিতীয়খন মেচত বিৰাট কোহলিৰ অধৰ্শতকীয় ইনিংছৰ ফলত 7 উইকেটৰ বিনিময়ত জয় লাভ কৰিছিল ভাৰতে ৷ বৰ্তমান শৃংখলাত 1-0 ৰ অগ্ৰগতি লৈ আছে ভাৰতে ৷ গতিকে দুয়োটা দলৰ বাবে অধিক গুৰুত্বপূৰ্ণ হ'ব অন্তিমখন মেচ ৷

OTHERS- SPORTS_IMAGE
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.