ETV Bharat / sports

আজি ভাৰত বনাম দক্ষিণ আফ্ৰিকাৰ মাজত প্ৰথমখন টি-20

ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ মাজত প্ৰথমখন টি-20 মেচ ৷ সন্ধিয়া 7 বজাত ধৰ্মশালা ষ্টেডিয়ামত মুখামুখি হ’ব দুয়োটা দল ৷

author img

By

Published : Sep 15, 2019, 10:01 AM IST

Updated : Sep 15, 2019, 12:35 PM IST

আজি ধৰ্মশালাত ভাৰত বনাম দক্ষিণ আফ্ৰিকাৰ মাজত প্ৰথমখন টি-20 মেচ

স্পৰ্টছ ডেস্ক, 15 ছেপ্তেম্বৰঃ হিমাচল প্ৰদেশৰ ধৰ্মশালাত আজি অনুষ্ঠিত হ’ব তিনিখন মেচৰ টি-20 শৃংখলাৰ প্ৰথমখন মেচ ৷ সন্ধিয়া 7 বজাত মুখামুখি হ’ব দুয়োটা শক্তিশালী দল ৷ এই খেলপথাৰত ভাৰত আৰু দক্ষিণ আফ্ৰিতাৰ মাজত এইটো হ’ব দ্বিতীয়খন টি-20 শৃংখলা ৷ ইয়াৰ পূৰ্বে 2015 চনত অনুষ্ঠিত হোৱা তিনিখন মেচৰ টি-20 শৃংখলাত 2-0 ৰে শৃংখলা দখল কৰিবলৈ সক্ষম হৈছিল দক্ষিণ আফ্ৰিকাই ৷

ধৰ্মশালাৰ পৰিৱেশ অনুসৰি পেছ বলিঙৰ বাবে অনুকূল হ’ব এই খন মেচ ৷ ভাৰতীয় দলটোত আছে খলীল আহমেদ, নৱদ্বীপ চাইনী, দিপক চাহাৰৰ দৰে দ্ৰুত বেগী বলাৰ ৷ আনহাতে স্পিনৰ ভূমিকাত আছে ৱাছিংটন সুন্দৰ আৰু ৰাহুল চাহৰ, ক্ৰোণাল পাণ্ডিয়া, ৰবীন্দ্ৰ জডেজা ৷ দুয়োটা দলৰ মাজত বৰ্তমান লৈকে 13 খন মেচ অনুষ্ঠিত হৈছে ৷ য’ত ভাৰতে 8 খন আৰু দক্ষিণ আফ্ৰিকাই 5 খন মেচত জয় লাভ কৰিবলৈ সক্ষম হৈছে ৷ আনহাতে এই মেচখনত দক্ষিণ আফ্ৰিকাৰ অধিনায়কৰ দায়িত্বত আছে কুইণ্টন ডি কক্ ৷

ভাৰতীয় দলটোত আছে- বিৰাট কোহলি (অঃ), ৰোহিত শৰ্মা (সঃঅঃ) শিখৰ ধাৱন, শ্ৰেয়াছ আয়াৰ, ঋষভ পন্ত, কে.এল ৰাহুল, মনীষ পাণ্ডে, ৰাহুল চাহাৰ, হাৰ্দিক পাণ্ডিয়া, ক্ৰোণাল পাণ্ডিয়া, ৰবীন্দ্ৰ জডেজা, ৱাছিংটন সুন্দৰ, দিপক চাহাৰ, খলীল আহমেদ, নৱদ্বীপ চাইনী ৷

দক্ষিণ আফ্ৰিকা দলটোত আছে- কুইণ্টন ডি কক্ (অঃ), ৰীজা হেণ্ডডিক্সছ, ৰাছী ভান ডেৰ ডুছন (সঃঅঃ), টেম্বা বাৱুমা, ডেভিদ মিলাৰ, এনৰিক নাৰ্জে, এণ্ডিলে ফেহলুকৱেঅ’, ডিএন প্ৰীট’ৰিয়াছ, বেউৰান হেণ্ডড্ৰিক্সছ, কাগিছ ৰাবাডা, তাৱৰেজ শাম্সী, জুনিয়ৰ ডালালা/এনৰিক নৰ্টজে, জৰ্ন ফৰ্চোন, জৰ্জ লিণ্ডে ৷

Last Updated : Sep 15, 2019, 12:35 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.