ETV Bharat / sports

ৱেলিংটন টেষ্টঃ ৰাহানে আৰু বিহাৰীৰ সংঘৰ্ষপূৰ্ণ ইনিংছ

ৱেলিংটন টেষ্টৰ তৃতীয় দিনৰ অন্তত ভাৰতৰ দ্বিতীয় ইনিংছত স্ক’ৰ 4 উইকেটত 144 ৰান ৷ নিউজিলেণ্ডৰ প্ৰথম ইনিংছত 348 ৰান সংগ্ৰহ ৷

author img

By

Published : Feb 23, 2020, 5:46 PM IST

ৱেলিংটন টেষ্টঃ ৰাহানে আৰু বিহাৰীৰ সংঘৰ্ষপূৰ্ণ ইনিংছ
ৱেলিংটন টেষ্টঃ ৰাহানে আৰু বিহাৰীৰ সংঘৰ্ষপূৰ্ণ ইনিংছ

স্পৰ্টছ ডেস্ক, 23 ফেব্ৰুৱাৰীঃ ৱেলিংটনত অব্যাহত আছে ভাৰতৰ সংঘৰ্ষ ৷ আজ্যিংকা ৰাহানে আৰু হনুমা বিহাৰীৰ দৃঢ় ইনিংছৰ সহায়ত তৃতীয় দিনৰ খেলৰ অন্তত দ্বিতীয় ইনিংছত ভাৰতৰ স্ক’ৰ 4 উইকেটৰ বিনিময়ত 144 ৰান ৷ ৰাহানেয়ে 67 বলত 25 ৰান কৰি ক্ৰীজত বৰ্তি থকাৰ বিপৰীতে 70 টা বলত 15 ৰান কৰি পিট্ছত দৃঢ়তাৰে খোপনি পুতিবলৈ সক্ষম হৈছে হনুমা বিহাৰীয়ে ৷

ইপিনে দ্বিতীয় ইনিংছত ভাৰতৰ হৈ অৰ্ধশতকীয় ইনিংছ খেলিবলৈ সক্ষম হয় ময়ংক আগৰৱালে ৷ মেচখনত 58 ৰান কৰি টিম ছাউদিৰ বলত আউট হয় ৷ আনহাতে পৃথ্বী শ্ব’ই 14, চেতেশ্বৰ পূজাৰা 11 আৰু বিৰাট কোহলিয়ে 19 ৰান কৰি পেভিলিয়নমুখী হয় ৷ এতিয়া ভাৰতৰ দৃষ্টিভংগীৰে চতুৰ্থ দিনৰ খেল হৈ পৰিব এক অগ্নিপৰীক্ষা স্বৰূপ ৷ এতিয়া অজ্যিংকা ৰাহানে, হনুমা বিহাৰীৰ লগতে ভাৰতীয় দলটোৰ বেটিং বহু পৰিমাণে নিৰ্ভৰ কৰিব ঋষভ পন্ত আৰু আশ্বিনৰ ওপৰত ৷

ৱেলিংটন টেষ্টঃ ভাৰত বনাম নিউজিলেণ্ড
ৱেলিংটন টেষ্টঃ ভাৰত বনাম নিউজিলেণ্ড

ভাৰতে ইয়াৰ পূৰ্বে প্ৰথম ইনিংছত কেৱল 165 ৰান কৰিয়ে অল আউট হৈছিল ৷ আনহাতে নিউজিলেণ্ড দলটোৱে প্ৰথম ইনিংছত 348 ৰান কৰিবলৈ সক্ষম হৈছিল ৷ দলটোৰ হৈ কেন উইলিয়ামছনে সৰ্বাধিক 89 ৰান কৰে ৷ ভাৰতৰ হৈ ঈশান্ত 5 টা উইকেট দখল কৰাৰ বিপৰীতে ৰবিচন্দ্ৰন আশ্বিনে লাভ কৰিছিল 3 টা উইকেট ৷

লগতে চাওক-ৱেলিংটন টেষ্টঃ শক্তিশালী স্থিতিত নিউজিলেণ্ড

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.