ETV Bharat / sports

20-20 লাখ টকাৰ জৰিমনা ৰাহুল-পাণ্ডিয়াক - বিচিচিআই

কফি উইথ কৰণ শ্ব’ত মহিলাক লৈ বিতৰ্কিত মন্তব্য কৰাক লৈ জৰিমনা কে.এল ৰাহুল আৰু হাৰ্দিক পাণ্ডিয়াক ৷ ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ বৰ্ডৰ লোকপাল ডীকে জেইনে 20-20 লাখ টকাৰ জৰিমনা বিহে দুই খেলুৱৈক ৷

20-20 লাখ টকাৰ জৰিমনা ৰাহুল-পাণ্ডিয়াক
author img

By

Published : Apr 20, 2019, 2:59 PM IST

স্পৰ্টছ ডেস্ক, 20 এপ্ৰিলঃ ভাৰতীয় ক্ৰিকেটাৰ কে.এল ৰাহুল আৰু হাৰ্দিক পাণ্ডিয়াই কফি উইথ কৰণ নামৰ এখন টেলিভিচন অনুষ্ঠানত অংশগ্ৰহণ কৰি মহিলাৰ বিষয়ে কিছু বিবাদমূলক মন্তব্য কৰিছিল ৷ যাৰ বাবে যথেষ্ট সমালোচনাৰ সন্মুখীন হৈছিল দুই খেলুৱৈ ৷ ইয়াৰ পাচতেই এই সন্দৰ্ভত তদন্ত ঘোষণা কৰিছিল বিচিচিআইয়ে ৷ বিচিচিআইৰ লোকপাল ডি কে জেইনে অৱশেষত দহগৰাকী ছহিদ জোৱানৰ পৰিয়ালক 1-1 লাখ টকাকৈ আৰু ব্লাইড ক্ৰিকেটত অধিক অগ্ৰাধিকাৰ দিয়াৰ উদ্দেশ্যে 10-10 লাখ টকা দিবলৈ নিৰ্দেশ দিয়ে ৷ জানিব পৰা মতে যদি এই ধন ৰাশি দুয়ো খেলুৱৈ এমাহৰ ভিতৰত দিবলৈ অসমৰ্থ হয় তেন্তে দুয়ো খেলুৱৈৰ মেচ ফিচ কৰ্তন কৰিব বিচিচিআইয়ে ৷

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.