স্পৰ্টছ ডেস্ক, 15 জুনঃ ভাৰতীয় ক্ৰিকেট দলৰ প্ৰাক্তন প্ৰশিক্ষক তথা প্ৰাক্তন অষ্ট্ৰেলিয়ান ক্ৰিকেটাৰ গ্ৰেগ চেপেলৰ আইচিচিৰ দ্বাৰা জাৰি কৰা বলত থু ব্যৱহাৰৰ নিষেধাজ্ঞাৰ ওপৰত গুৰুত্বপূৰ্ণ মন্তব্য । এই নিষেধাজ্ঞাই বেটছমেনক অধিক লাভৱান কৰিব বুলি স্বীকাৰ কৰে যদিও চেপেলে কয়, বলৰ উজ্বলতা বৰ্তাই ৰাখিবলৈ ঘামেও গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব । কৰ'ণা ভাইৰাছৰ সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখিয়ে এই নিয়ম বান্ধি দিছে আইচিচিয়ে ।
এই নিয়মক লৈ বিভিন্ন জনে বিভিন্ন মন্তব্য প্ৰদান কৰি বলাৰৰ বাবে এইয়া কঠিন প্ৰত্যাহ্বান হিচাপে থিয় দিব বুলি কৈ থকাৰ মাজতেই ইয়াক লৈ বিপৰীত ভাষ্য প্ৰদান কৰিছে চেপেলে । ঘামৰ প্ৰয়োগে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব আৰু এই নিয়মে বলাৰক অধিক সমস্যা নকৰে বুলি কয় প্ৰাক্তন প্ৰশিক্ষকগৰাকীয়ে ।
আনহাতে অষ্ট্ৰেলিয়াৰ বলাৰৰ ক্ষেত্ৰতো ইয়াৰ প্ৰভাৱ দেখা পোৱা নাযাব বুলি কয় চেপেলে । কাৰণ অষ্ট্ৰেলিয়া দলত অত্য়াধিক চুইং বল কৰা কোনো খেলুৱৈ নাই বুলি কোৱাৰ লগতে মিটচেল ষ্ট্ৰাৰ্কে ৰিভাৰ্ছ চুইং লাভ কৰিবলৈও সক্ষম হ'ব পাৰে বুলি উল্লেখ কৰে চেপেলে ।
ইপিনে বল নিৰ্মাতা কোম্পানী কুকাবুৰাই শেহতীয়াকৈ বলৰ উজ্বলতা বৰ্তাই ৰাখিবলৈ ম'মৰ এপ্লিকেটৰ বিকশিত কৰি উলিয়াইছে । অৱশ্যে ইয়াৰ কোনো প্ৰয়োজন নাই বুলিও কয় গ্ৰেগ চেপেলে ।