স্পৰ্টছ ডেস্ক, 11 মে' : প্ৰাক্তন ভাৰতীয় বেগী বলাৰ ইৰফান পাঠান আৰু বেটছমেন সুৰেশ ৰাইনাই বিচিচিআইলৈ আবেদন জনাই কৈছিল যে, জাতীয় দলৰ সৈতে চুক্তি নথকা ভাৰতীয় খেলুৱৈসকলক বিচিচিআইয়ে বিদেশৰ টি-20 লীগত অংশগ্ৰহণৰ অনুমতি প্ৰদান কৰা উচিত ৷ কিন্তু, এই সম্পৰ্কত বিচিচিআইয়ে মন্তব্য কৰে যে, ইয়াৰ জৰিয়তে তেওঁলোকক অন্য খেলুৱৈৰ পৰা সুকীয়া আৰু বিশিষ্ট কৰাৰ চেষ্টা কৰা হৈছে ৷
এক নিউজ এজেন্সীক বিচিচিআইৰ এজন বিষয়াই কয় যে, অন্যান্য টি-20 লীগৰ পৰা তেওঁলোকক আঁতৰাই থকাৰ কাৰণ হৈছে তেওঁলোক অন্য দেশৰ খেলুৱৈৰ পৰা পৃথক আৰু সুকীয়া ৷ নিলামৰ জৰিয়তে জাতীয় দলৰ সৈতে চুক্তি নথকা খেলুৱৈসকলক আইপিএলত অধিক দৰত বিক্ৰী কৰাৰ বিশেষ ব্যৱস্থা গ্ৰহণ কৰা হৈছে ৷
বিষয়াজনে লগতে কয় যে, যিসকলে আইপিএলত অংশগ্ৰহণ কৰি আছে তেওঁলোকে বিদেশী টি-20 লীগৰ পৰা আঁতৰত থকা উচিত ৷
উল্লেখ্য যে, পাঠানৰ সৈতে ইনষ্টাগ্ৰাম লাইভ ভিডিঅ'ত ৰাইনাই কৈছিল, "আইচিচিৰ সৈতে বিচিচিআইয়ে আলোচনা কৰি বিচিচিআইৰ সৈতে চুক্তি নথকা ভাৰতীয় খেলুৱৈক বিদেশত খেলিবৰ বাবে অনুমতি প্ৰদান কৰিব লাগে ৷ অতি কমেও দুই পৃথক বিদেশী লীগত খেলাৰ অনুমতি প্ৰদান কৰক ৷ আমি ভাল ক্ৰিকেট প্ৰদৰ্শন কৰিবলৈ সমৰ্থ হ'লে আমাৰ বাবেও ভাল ৷ এই লীগসমূহত প্ৰদৰ্শন আগবঢ়াইয়ে বহু আন্তৰাষ্ট্ৰীয় ক্ৰিকেটাৰে দললৈ প্ৰত্যাৱৰ্তন কৰে ৷"
উল্লেখ্য় যে, এই বছৰ পাঠানে জম্মু-কাশ্মীৰ দলৰ ঘৰুৱা ছিজনৰ বাবে প্ৰশিক্ষণ প্ৰদান কৰিছিল ৷ এই দায়িত্ব পালন কৰি থকা সময়তে তেওঁক তিনিখনকৈ লীগত খেলিবৰ বাবে নিমন্ত্ৰণ কৰা হৈছিল বুলি মন্তব্য কৰে পাঠানে ৷
বিচিচিআইৰ নিয়ম অনুসৰি, সকলো ফৰমেটৰ ক্ৰিকেটৰ পৰা আনুষ্ঠানিক অৱসৰ ঘোষণা নকৰালৈকে ভাৰতীয় খেলুৱৈয়ে বিদেশৰ টি-20 লীগত অংশগ্ৰহণ কৰিব নোৱাৰে ৷ পাঠানে এই বছৰৰ জানুৱাৰীত সকলো ধৰণৰ ক্ৰিকেটৰ পৰা অৱসৰ ঘোষণা কৰিলেও ৰাইনাই 2018 চনৰ জুলাই মাহৰ পৰা ভাৰতীয় দলত স্থান লাভ কৰিবলৈ সক্ষম হোৱা নাই ৷