ETV Bharat / sports

বিশ্বকাপৰ পূৰ্বে বৃহৎ জয় ইংলেণ্ডৰ - JASON ROY

পঞ্চমখন এদিনীয়াত পাকিস্তানক পৰাস্ত কৰি পাঁচমেচৰ এদিনীয়া শৃংখলাত 4-0 ব্যৱধানত জয় লাভ ইংলেণ্ডৰ ৷ পঞ্চমখন এদিনীয়াত 54 ৰানত জয় লাভ ইংলেণ্ডৰ ৷ ইংলেণ্ডৰ এইটো আছিল ধাৰাবাহিক 11 খন দ্বিপাক্ষিক শৃংখলা জয় ৷

বিশ্বকাপৰ পূৰ্বে বৃহৎ জয় ইংলেণ্ডৰ
author img

By

Published : May 20, 2019, 5:24 PM IST

স্পৰ্টছ ডেস্ক, 20মে’: বিশ্বকাপৰ পূৰ্বে পাকিস্তানৰ বিৰুদ্ধে বৃহৎ জয় ইংলেণ্ডৰ ৷ দেওবাৰে অনুষ্ঠিত অন্তিমখন এদিনীয়াত 54 ৰানত জয় লাভ কৰি পাঁচমেচৰ শৃংখলা 4-0 ব্যৱধানত দখল ৷ পঞ্চমখন এদিনীয়াত ইংলেণ্ড দলটোৱে প্ৰথমে বেটিং কৰি 9 উইকেট হেৰুৱাই 351 ৰান কৰিবলৈ সক্ষম হৈছিল ৷ ইংলেণ্ডৰ হৈ সৰ্বাধিক জু ৰুটে 84 আৰু ইয়ন মৰগানে 76 ৰান কৰিবলৈ সক্ষম হয় ৷ পাকিস্তানৰ হৈ শ্বাহিন আফ্ৰিদীয়ে 4 টা উইকেট দখল কৰাৰ বিপৰীতে ইমাদ ৱাছিমে 3 টা উইকেট দখল কৰে ৷

এই লক্ষ্যৰ প্ৰত্যুত্তৰত পাকিস্তান দলটোৱে 46.5 অভাৰত আটাইকেইটা উইকেট হেৰুৱাই 297 ৰান কৰিবলৈ সক্ষম হয় ৷ পাকিস্তানৰ হৈ ছাৰফৰাজ আহমেদে 97 আৰু বাবৰ আজমে 80 ৰান কৰিবলৈ সক্ষম হয় ৷ ইংলেণ্ডৰ হৈ ক্ৰীছ ৱক্ছে 10 অভাৰত 54 ৰান দি 5 টা উইকেট দখল কৰিবলৈ সক্ষম হয় ৷ মেচখনত সুন্দৰ বলিং কৰা ক্ৰীছ ৱক্ছ ‘মেন অফ দ্য মেচ’ ৰ খিতাপ দিয়াৰ বিপৰীতে শৃংখলাত সুন্দৰ বেটিং কৰা জেছন ৰয়ে লাভ কৰে ‘প্লেয়াৰ অফ দ্য ছিৰিজ’ ৰ খিতাপ ৷

etv bharat
জেছন ৰয়ে লাভ কৰে ‘প্লেয়াৰ অফ দ্য ছিৰিজ’ ৰ খিতাপ

পাঁচ মেচৰ শৃংখলাৰ ফলাফল-

  • প্ৰথম এদিনীয়া - বৰষুণৰ বাবে বাতিল
  • দ্বিতীয় এদিনীয়া - 12 ৰানত জয় লাভ ইংলেণ্ডৰ
  • তৃতীয় এদিনীয়া - 6 উইকেটত জয় লাভ ইংলেণ্ডৰ
  • চতুৰ্থ এদিনীয়া - 3 উইকেটত জয় লাভ ইংলেণ্ডৰ
  • পঞ্চম এদিনীয়া - 54 ৰানত জয় লাভ ইংলেণ্ডৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.