ETV Bharat / sports

প্ৰথমবাৰৰ বাবে 19 অনুৰ্ধ্ব ক্ৰিকেট বিশ্বকাপৰ ফাইনেলত বাংলাদেশ

author img

By

Published : Feb 7, 2020, 5:27 AM IST

নিউজিলেণ্ডৰ বিৰুদ্ধে 6 উইকেটেৰে বিজয় সাব্যস্ত লাভ কৰি প্ৰথমবাৰৰ বাবে 19 অনুৰ্ধ্ব ক্ৰিকেট বিশ্বকাপৰ ফাইনেলত প্ৰৱেশ বাংলাদেশৰ ৷ ফাইনেলত ডিফেণ্ডিং চেম্পিয়ন ভাৰতৰ বিৰুদ্ধে মুখামুখি হ’ব বাংলাদেশ ৷

প্ৰথমবাৰৰ বাবে 19 অনুৰ্ধ্ব ক্ৰিকেট বিশ্বকাপৰ ফাইনেলত বাংলাদেশ
প্ৰথমবাৰৰ বাবে 19 অনুৰ্ধ্ব ক্ৰিকেট বিশ্বকাপৰ ফাইনেলত বাংলাদেশ

স্পৰ্টছ ডেস্ক, 7 ফেব্ৰুৱাৰীঃ দক্ষিণ আফ্ৰিকাত অনুষ্ঠিত হোৱা 19 অনুৰ্ধ্ব ক্ৰিকেট বিশ্বকাপত ইতিহাস ৰচিলে বাংলাদেশ ক্ৰিকেট দলে ৷ ছেমিফাইনেলত নিউজিলেণ্ডক পৰাস্ত কৰি পোন প্ৰথমবাৰৰ বাবে ফাইনেলত প্ৰৱেশ কৰিলে বাংলাদেশে ৷

ছেমিফাইনেলত নিউজিলেণ্ডৰ বিৰুদ্ধে জয় লাভ

বৃহস্পতিবাৰে ছেনৱেছ পাৰ্কত অনুষ্ঠিত মেচখনত নিউজিলেণ্ডে প্ৰথমে বেটিং কৰি নিৰ্ধাৰিত 50 অভাৰত 8 টা উইকেটৰ বিনিময়ত সংগ্ৰহ কৰে 211 ৰান ৷ নিউজিলেণ্ডৰ হৈ বি.হুইলাৰ গ্ৰীনালে সৰ্বাধিক অপৰাজিত 75 ৰান কৰাৰ বিপৰীতে এন লিডষ্টনে 44 ৰানৰ বৰঙণি দিয়ে ৷ বাংলাদেশৰ হৈ শ্বৰিফুল ইছলামে 3 টা উইকেট দখল কৰে ৷ ইয়াৰ প্ৰত্যুত্তৰত বাংলাদেশে মহমুদুল হাছান জয়ৰ শতকৰ জৰিয়তে 44.1 অভাৰতেই 4 টা উইকেট হেৰুৱাই লক্ষ্যত উপনীত হয় ৷

মহমুদুল হাছান জয়ৰ শতক
মহমুদুল হাছান জয়ৰ শতক

এতিয়া দেওবাৰে ফাইনেলত ভাৰতৰ বিৰুদ্ধে মুখামুখি হ’ব বাংলাদেশ ৷ এই বৰ্ষৰ 19 অনুৰ্ধ্ব ক্ৰিকেট বিশ্বকাপত প্ৰথমবাৰৰ বাবে ভাৰতৰ বিৰুদ্ধে যুঁজত অৱতীৰ্ণ হ’ব বাংলাদেশ ৷ পাকিস্তানক পৰাস্ত কৰি ফাইনেলত প্ৰৱেশ কৰিবলৈ সক্ষম হৈছিল ভাৰত ৷

Intro:Body:

প্ৰথমবাৰৰ বাবে 19 অনুৰ্ধ্ব ক্ৰিকেট বিশ্বকাপৰ ফাইনেলত বাংলাদেশ

Conclusion:

For All Latest Updates

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.