স্পৰ্টছ ডেস্ক,১৯ জানুৱাৰী : বছৰৰ আৰম্ভণিতে অষ্ট্ৰেলিয়াৰ অদমনীয় প্ৰদৰ্শন । এডিলেডত খেলা প্ৰথমখন টেষ্ট মেচতে অষ্ট্ৰেলিয়াই ৱেষ্ট ইণ্ডিজক ১০ উইকেটত পৰাস্ত কৰে । কেংগাৰু বাহিনীয়ে কেৰিবিয়ান বাহিনীৰ এগৰাকী খেলুৱৈকো আগবাঢ়িব নিদিলে আৰু তৃতীয় দিনা একপক্ষীয়ভাৱে খেলখনত বিজয় সাব্যস্ত কৰে । খেলখনত অষ্ট্ৰেলিয়াৰ বিজয়ৰ নায়ক আছিল জছ হেজলউড আৰু ট্ৰেভিছ হেড । হেজলউডে দুয়োটা ইনিংছতে ৯ টা উইকেট দখল কৰে । বিপৰীতে ট্ৰেভিছ হেডে প্ৰথম ইনিংছত ১১৯ ৰাণৰ এক আকৰ্ষণীয় ইনিংছ খেলে ।
-
Australia power to another Test victory and 12 #WTC25 points 🇦🇺
— ICC (@ICC) January 19, 2024 " class="align-text-top noRightClick twitterSection" data="
Scorecard: https://t.co/CHrgi2NLyG#AUSvWI pic.twitter.com/ZJiQk2yDeS
">Australia power to another Test victory and 12 #WTC25 points 🇦🇺
— ICC (@ICC) January 19, 2024
Scorecard: https://t.co/CHrgi2NLyG#AUSvWI pic.twitter.com/ZJiQk2yDeSAustralia power to another Test victory and 12 #WTC25 points 🇦🇺
— ICC (@ICC) January 19, 2024
Scorecard: https://t.co/CHrgi2NLyG#AUSvWI pic.twitter.com/ZJiQk2yDeS
খেলখনত ৱেষ্ট ইণ্ডিজৰ দলটোৱে প্ৰথম ইনিংছত ১৮৮ ৰাণ সংগ্ৰহ কৰে । ইয়াৰ বিপৰীতে অষ্ট্ৰেলিয়াই প্ৰথম ইনিংছত ২৮৩ ৰাণ সংগ্ৰহ কৰে । ৱেষ্ট ইণ্ডিজৰ দলটো দ্বিতীয় ইনিংছত ১২০ ৰাণতে স্তব্ধ হৈ ৰয় । এনে পৰিস্থিতিত অষ্ট্ৰেলিয়া দলটোক বিজয়ৰ বাবে মাত্ৰ ২৬ ৰাণৰ প্ৰয়োজন আছিল । যিটো তেওঁলোকে সপ্তম অভাৰৰ চতুৰ্থ বলত এটাও উইকেট নেহেৰুৱাকৈ ২৬ ৰাণ সংগ্ৰহ কৰি ১০ উইকেটত জয় লাভ কৰে ।
এই খেলখনত ৱেষ্ট ইণ্ডিজৰ বেটিং অতি দুৰ্বল আছিল । আনহাতে অষ্ট্ৰেলিয়াৰ বলাৰসকলে আশ্চৰ্যজনক প্ৰদৰ্শন কৰিছিল । অধিনায়ক পেট কামিন্সে মুঠ ৪ টা উইকেট দখল কৰে, আনহাতে মিচেল ষ্টাৰ্কে ৩ টা উইকেট দখল কৰে । স্পিনাৰ নাথান লিয়নেও ৩ টা উইকেট লাভ কৰে । জছ হেজলউডে অষ্ট্ৰেলিয়াৰ হৈ সৰ্বাধিক ৯ টা উইকেট দখল কৰে । ট্ৰেভিছ হেডৰ ১১৯ ৰাণৰ উপৰিও উছমান খাৱাজাই দুয়োটা ইনিংছতে মুঠ ৫৪ ৰাণ সংগ্ৰহ কৰে । এই বিজয়ৰ জৰিয়তে অষ্ট্ৰেলিয়াই বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ বাবে নিজৰ দক্ষতাও স্পষ্ট কৰে ।
লগতে পঢ়ক :ক'ভিডত আক্ৰান্ত নিউজীলেণ্ডৰ তাৰকা বেটছমেন ডেভন কনৱে