ETV Bharat / sports

দাদাৰ জন্মদিনত তেওঁৰ ক্ৰিকেট সফলতাৰ কেইটামান বিশেষ মূহুৰ্ত

author img

By

Published : Jul 8, 2021, 10:29 PM IST

'দাদা'(Dada) নামেৰে জনাজাত, সৌৰভ গাংগুলীয়ে ১৯৯৬ চনৰ গ্ৰীষ্মকালত ইংলেণ্ডৰ বিৰুদ্ধে টেষ্ট ডেবিউট খেলিছিল । লৰ্ডছত তেওঁৰ প্ৰথম টেষ্টত শতক অৰ্জন কৰাৰ লগে লগে তেওঁ শিৰোনাম দখল কৰিছিল ।

Indian cricket to great heights
দাদাৰ জন্মদিনত তেওঁৰ ক্ৰিকেট সফলতাৰ কেইটামান বিশেষ মুহূৰ্ত

স্পৰ্টছ ডেস্ক,৮ জুলাই : ভাৰতৰ প্ৰাক্তন অধিনায়ক আৰু ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব'ৰ্ডৰ (BCCI) সভাপতি সৌৰভ গাংগুলী খেলপথাৰত তেওঁৰ নেতৃত্বৰ শৈলীৰ বাবে আৰু খেলপথাৰত বিপক্ষক সহজভাৱে নোলোৱা এজন খেলুৱৈ হিচাপে বিখ্যাত আছিল । ৰাহুল দ্ৰাবিড়ে 'অফ-চাইডৰ ঈশ্বৰ'(God of off-side) বুলি অভিহিত কৰা গাংগুলীয়ে কেতিয়াও পিছ হুহকি যোৱা নাছিল । ইয়াৰ পৰিৱৰ্তে, তেওঁ সদায়ে মন আৰু নিয়ন্ত্ৰণহীনতাক নিয়ন্ত্ৰণ কৰাত বিশ্বাস কৰিছিল । এক দশকৰো অধিক সময় ধৰি গাংগুলীৰ বেটিঙৰ আক্ৰমণাত্মক ৰূপে সমগ্ৰ দেশৰ লগতে বিশ্বজুৰি অনুৰাগীসকলক আকৰ্ষিত কৰিছিল আৰু ই বিপক্ষৰ বাবে মূৰৰ কামোৰণিও আছিল ।

'দাদা'(Dada) নামেৰে জনাজাত, সৌৰভ গাংগুলীয়ে ১৯৯৬ চনৰ গ্ৰীষ্মকালত ইংলেণ্ডৰ বিৰুদ্ধে টেষ্ট ডেবিউট খেলিছিল । লৰ্ডছত তেওঁৰ প্ৰথম টেষ্টত শতক অৰ্জন কৰাৰ লগে লগে তেওঁ শিৰোনাম দখল কৰিছিল । বাওঁহাতৰ বেটছমেনজনে তেওঁৰ দ্বিতীয় টেষ্টত শতক অৰ্জন কৰে । সেয়েহে, তেওঁ প্ৰথম দুটা ইনিংছৰ প্ৰতিটোতে শতক অৰ্জন কৰা বিশ্বৰ তৃতীয় বেটছমেন হিচাপে পৰিগণিত হয় ।

'প্ৰিন্স অফ কলকাতা'(Prince of Kolkata)য়ে তেতিয়া এদিনীয়া ফৰ্মেটত খেলিবলৈ আৰম্ভ কৰিছিল । তেওঁ ১৯৯৭ চনত পাকিস্তানৰ বিৰুদ্ধে একেৰাহে চাৰিটা মেন অফ দ্য মেচ লাভ কৰিছিল । ১৯৯৯ চনৰ বিশ্বকাপত গাংগুলীয়ে শ্ৰীলংকাৰ বিৰুদ্ধে ১৮৩ ৰাণৰ ইনিংছ খেলিছিল আৰু ৰাহুল দ্ৰাবিড়ৰ সৈতে ৩১৮ ৰাণৰ এক বিশাল পাৰ্টনাৰ্শ্বিপ গঢ়িছিল ।

২০০০ চনত মেচ ফিক্সিং কেলেংকাৰীয়ে ভাৰতীয় দলটোত তীব্ৰ উত্তেজনাৰ সৃষ্টি কৰিছিল আৰু তাৰ পিছতে গাংগুলী দলটোৰ অধিনায়ক হৈছিল । সেই জটিল সময়ত দলটো পৰিচালনা কৰাটো যথেষ্ট কঠিন কাম আছিল । দাদা অধিনায়ক হোৱাৰ লগে লগে, তেওঁ নতুন নতুন অভিলেখ গঢ়িবলৈ আৰম্ভ কৰিলে । গাংগুলী অধিনায়ক হৈ থাকোতেই যুৱৰাজ সিং, হৰভজন সিং, মহম্মদ কাইফ, এম এছ ধোনী, আশীষ নেহৰা আৰু জাহিৰ খানৰ দৰে খেলুৱৈৰ দলটোলৈ আগমন ঘটিছিল ।

গাংগুলীয়ে প্ৰথমবাৰৰ বাবে ভাৰতক ২০০০ চনৰ আইচিচি নকআউট ট্ৰফীৰ(ICC Knockout Trophy) ফাইনেললৈ লৈ গৈছিল । ২০০১ চন ভাৰতীয় ক্ৰিকেটৰ বাবে আন এক ঐতিহাসিক মূহুৰ্ত আহিছিল য'ত গাংগুলীৰ নেতৃত্বত দলটোৱে বৰ্ডাৰ-গাভাস্কাৰ ট্ৰফীত (Border-Gavaskar Trophy) অষ্ট্ৰেলিয়াক ২-১ পইণ্টত পৰাস্ত কৰিছিল । এই শৃংখলাৰ সময়ত ভাৰতে ইডেন গাৰ্ডেনত তেওঁলোকৰ আটাইতকৈ বিখ্যাত টেষ্ট বিজয় ৰেকৰ্ড কৰিছিল । ষ্টিভ ৱাহৰ (Steve Waugh) নেতৃত্বৰ অষ্ট্ৰেলিয়াৰ দলটো ভাৰতৰ বাবে প্ৰত্যাহ্বান স্বৰূপ হৈ পৰিছিল কিন্তু ভিভিএছ লক্ষ্মণ আৰু ৰাহুল দ্ৰাবিড়ে ভাৰতীয় দলটোক উদ্ধাৰ কৰিছিল ।

নাছেৰ হুছেইন আৰু ৱাহৰ দৰে বহুতো প্ৰাক্তন অধিনায়কে গাংগুলীৰ চতুৰ কৌশলক স্বীকাৰ কৰিছিল । ২০০২ চনৰ নেটৱেষ্ট ট্ৰফীৰ (Natwest Trophy) ফাইনেলত ভাৰতে ইংলেণ্ডক পৰাস্ত কৰাৰ মূহুৰ্তত গাংগুলীয়ে লৰ্ডছৰ বাৰান্দাত তেওঁৰ জাৰ্চি খোলা দৃশ্য কোনেও পাহৰিব নোৱাৰে । যুৱৰাজ সিং আৰু মহম্মদ কাইফে ভাৰতীয় দলটোক উদ্ধাৰ কৰা মুহূৰ্তত গাংগুলী আনন্দিত হৈ পৰিছিল । ৪৮ বছৰীয়া গাংগুলীয়ে ভাৰতক ২০০৩ চনৰ বিশ্বকাপৰ ফাইনেললৈ লৈ গৈছিল কিন্তু অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে তীব্ৰ সংঘৰ্ষত দলটো পৰাস্ত হ'বলগীয়া হৈছিল ।

তেওঁ ২০০৪ চনত পাকিস্তানত এখন এদিনীয়া আৰু টেষ্ট শৃংখলাৰো নেতৃত্ব দিছিল । টেষ্ট শৃংখলা বিজয় পাকিস্তানৰ মাটিত ভাৰতৰ বাবে প্ৰথম আছিল । গাংগুলীয়ে ২০০৫-০৬ বৰ্ষত সেই সময়ৰ প্ৰশিক্ষক গ্ৰেগ চেপেলৰ (Greg Chappell) সৈতে তেওঁৰ মতানৈক্য আৰম্ভ হৈছিল যাৰ বাবে তেওঁ দলৰ পৰা বাদ পৰিছিল ।

অষ্ট্ৰেলিয়াৰ প্ৰাক্তন ক্ৰিকেটাৰ গৰাকীয়ে গাংগুলীক 'দুৰ্ব্যৱহাৰ' কৰা আৰু দলটোত এক প্ৰতিকূল পৰিৱেশ সৃষ্টি কৰাৰ বাবে সমালোচিত হৈছিল আৰু অৱশেষত দাদা দললৈ ঘূৰি আহিছিল । দললৈ ঘূৰি আহিয়ে জোহান্সবাৰ্গত পঞ্চাশতকৈ অধিক ৰাণ কৰিবলৈ সক্ষম হৈছিল । ২০০৮ চনত নাগপুৰত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে অন্তিম খন টেষ্ট খেলাৰ পিছত কলকাতাৰ ৰাজকুমাৰে তেওঁৰ ক্ৰিকেট কেৰিয়াৰৰ পৰা বিদায় লৈছিল । অৱশ্যে বাওঁহাতৰ বেটছমেনজনে ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ (IPL) খেলা অব্যাহত ৰাখিছিল, কিন্তু তেওঁ ২০১২ চনত ঘৰুৱা ক্ৰিকেটৰ পৰাও অৱসৰ গ্ৰহণ কৰিছিল ।

প্ৰাক্তন অধিনায়কজনে ভাৰতৰ হৈ ১১৩ খন টেষ্ট আৰু ৩১১ খন এদিনীয়া খেলিছিল । বাওঁহাতৰ বেটছমেনজনে তেওঁৰ আন্তঃৰাষ্ট্ৰীয় কেৰিয়াৰত সকলো ফৰ্মেটতে ১৮,৫৭৫ ৰাণ সংগ্ৰহ কৰিছিল । গাংগুলীয়ে সকলো ফৰ্মেটত ১৯৫ খন খেলত ভাৰতক নেতৃত্ব দিছিল আৰু তাৰ ভিতৰত ৯৭ খন মেচত জয়ী হ'বলৈ সক্ষম হৈছিল । কলকাতাৰ ৰাজকুমাৰ পিছত ক্ৰিকেট এছ'চিয়েচন অৱ বেংগল (CAB)ৰ সভাপতি হয় আৰু এতিয়া তেওঁ বিচিচিআইৰ সভাপতি ।

ভাৰতৰ প্ৰাক্তন অধিনায়কজনে ভাৰতত দিবা-নৈশ টেষ্ট ক্ৰিকেটৰ ধাৰণা অনাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল । ২০১৯ চনত ইডেন গাৰ্ডেনত বাংলাদেশৰ বিৰুদ্ধে ভাৰতে প্ৰথমবাৰৰ বাবে দিবা-নৈশৰ টেষ্ট মেচ খেলিলে তেওঁৰ প্ৰচেষ্টা এয়া সফলো হ'ল ।

লগতে পঢ়ক:ইউৰো কাপৰ ফাইনেলত ইংলেণ্ড

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.