নিউজ ডেস্ক, 6 এপ্ৰিল: শুকুৰবাৰে অনুষ্ঠিত কোৱাৰ্টাৰ ফাইনেলত পৰাজয়ৰ সন্মুখীন হৈছে ভাৰতৰ বেটমিণ্টন খেলুৱৈ কিডাম্বি শ্ৰীকান্ঠ ৷ তেওঁ চীনৰ চেন লঙৰ হাতত 18-21, 19-21 ছেটত পৰাস্ত হয় ৷ মেচখনত 26 বছৰীয়া কিডাম্বিয়ে চীনৰ প্ৰতিপক্ষ গৰাকীক তীব্ৰ প্ৰতিদ্বন্দিতা দিবলৈ সক্ষম হৈছিল যদিও সেয়া অলিম্পিক চেম্পিয়ন তথা দুবাৰৰ বিশ্ব চেম্পিয়ন আৰু ইংলেণ্ড চেম্পিয়ন চেন লঙৰ বাবে যথেষ্ট নাছিল ৷
ভাৰতীয় খেলুৱৈ গৰাকীয়ে সুন্দৰ আৰম্ভণিৰে প্ৰথম ছেটত 16-11 ত অগ্ৰগতি লাভ কৰিছিল যদিও শেষৰ ফালে ধাৰাবাহিকতা বৰ্তাই ৰাখিব নোৱাৰা বাবে পৰাজয় বৰণ কৰিব লগা হয় ৷ কিডাম্বিৰ পাছত ভাৰতীয়ৰ উপস্থিতি মালয়েছিয়া অ'পেনত শেষ হৈছে যিহেতু ছাইনা নেহৱাল আৰু পি. ভি সিন্ধুয়েও দ্বিতীয় ৰাউণ্ডৰ পৰাই বাহিৰ হ'ব লগা হৈছিল ৷