ETV Bharat / sports

ইণ্ডিয়া অ'পেন : জয়ৰে অভিযান আৰম্ভ সিন্ধু-শ্ৰীকান্তৰ

author img

By

Published : Mar 28, 2019, 8:45 PM IST

ইণ্ডিয়া অ'পেন বেডমিণ্টন চেম্পিয়নশ্বিপৰ প্ৰি-কোৱাৰ্টাৰত প্ৰৱেশ সিন্ধু, কিদাম্বী, প্ৰণীতৰ ৷

ইণ্ডিয়া অ'পেন : জয়ৰে অভিযান আৰম্ভ সিন্ধু-শ্ৰীকান্তৰ

স্পৰ্টছ ডেস্ক, 28 মাৰ্চঃ নতুন দিল্লীৰ ইন্দিৰা গান্ধী আন্তঃৰাষ্ট্ৰীয় ষ্টেডিয়ামত অনুষ্ঠিত হোৱা ইণ্ডিয়া অ'পেন বেডমিণ্টন চেম্পিয়নশ্বিপৰ প্ৰি-কোৱাৰ্টাৰত প্ৰৱেশ সিন্ধু, কিদাম্বী, প্ৰণীতৰ ৷ মহিলাৰ ছিংগলছত পি.ভি সিন্ধুৱে মুগ্ধাক 21-8, 21-3 ব্যৱধানত পৰাস্ত কৰি প্ৰি-কোৱাৰ্টাৰত প্ৰৱেশ কৰিবলৈ সক্ষম হয় ৷ ইপিনে পুৰুষৰ ছিংগলছ শাখাত বি চাই প্ৰণীতে কাৰ্তিকেয় গুলচন কুমাৰক 22-24, 21-13, 21-8 ব্যৱধানত পৰাস্ত কৰাৰ বিপৰীতে কিদাম্বী শ্ৰী কান্তে হংকঙৰ ৱং ৱইংক 21-16, 18-21, 21-19 ব্যৱধানত জয় লাভ কৰি প্ৰি-কোৱাৰ্টাৰত স্থান সুনিশ্চিত কৰিবলৈ সক্ষম হৈছে ৷ ইয়াৰ পূৰ্বে এছই এছ প্ৰণয় আৰু সমীৰ বৰ্মায়ো নিজৰ নিজৰ মেচত জয় লাভ কৰি পৰৱৰ্তী মেচত প্ৰৱেশ কৰিবলৈ সক্ষম হৈছে ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.