নিউজ ডেস্ক, ৯ মাৰ্চ: ভাৰতৰ উদীয়মান বক্সাৰ দিনেশ দগাৰে ৩৮ তম জি বি বক্সিং চেম্পিয়নশ্বিপত দুৰ্দান্ত আৰম্ভণিকৰিছে । ফিনলেণ্ডৰ হেলচিংকিত অনুষ্ঠিত হৈ থকা এই চেম্পিয়নশ্বিপত ভাৰতীয় খেলুৱৈ গৰাকীয়ে ২০১২ লণ্ডন অলিম্পিকৰ ব্ৰঞ্জ পদক দখল কৰা ইভালডাচ পেট্ৰাউচকাছক ৩-২ ৰ ব্যৱধানত পৰাস্ত কৰে ।
২৩ বছৰীয়া খেলুৱৈ গৰাকীয়ে দ্বিতীয় ৰাউণ্ডত নিজৰ দৃঢ়তাৰে দুৰ্দান্ত প্ৰত্যাৱৰ্তন কৰি এই বৃহৎ জয় সাব্যস্ত কৰিবলৈ সক্ষম হয় ।