গোলাঘাট,13 নৱেম্বৰঃ সমগ্ৰ ৰাজ্যৰ লগতে গোলাঘাটতো উদযাপিত হয় শ্ৰী শ্ৰী কৃষ্ণৰ ৰাস লীলা।গোলাঘাট জিলাৰ অন্যান্য প্ৰান্তৰ লগতে কমাৰবন্ধাৰ কানুগাঁৱতো দুদিনীয়াকৈ উদযাপন কৰা হয় শ্ৰী শ্ৰী কৃষ্ণৰ ৰাস মহোৎসৱ । পূব কমাৰবন্ধা সাংস্কৃতিক চৰ্চা কেন্দ্ৰই ৰাস মহোৎসৱৰ মাজতে প্ৰদান কৰে চিন্ময়ৰঞ্জন দত্ত সোঁৱৰণী শিল্পী বঁটা-2019 । 2019 বৰ্ষৰ বাবে এই বিশেষ বঁটা প্ৰদান কৰে অসমীয়া চলচ্চিত্ৰ জগতৰ বিশিষ্ট অভিনেতা অৰুণ হাজৰিকাক ৷ উল্লেখ্য যে, দ্বিতীয় বৰ্ষৰ বাবে এই বঁটা প্ৰদান কৰে সাংস্কৃতিক চৰ্চা কেন্দ্ৰটোৱে ৷ প্ৰথম বৰ্ষত এই বঁটা আগবঢ়াইছিল বিশিষ্ট অভিনেত্ৰী মৃদুলা বৰুৱাক। গোলাঘাটৰ উপায়ুক্ত ধীৰেণ হাজৰিকাই নেত্ৰকাই খ্যাত অভিনেতাগৰাকীক প্ৰদান কৰে এই বঁটা ৷
লগতে চাওকঃবিবাহ অভ্যৰ্থনাত NSCN-United ৰ গৃহমন্ত্ৰীৰ পুত্ৰৰ মাৰণাস্ত্ৰ লৈ ফ'টো