চিটাৰা ডেস্ক, 13 জুলাইঃ অসমৰ জনপ্ৰিয় কৰিঅ'গ্ৰাফাৰ উদয় শংকৰে অসমীয়া ছবিজগত তথা সাংস্কৃতিক জগতখনত সম্পূৰ্ণ কৰিলে সুদীৰ্ঘ 25 টা বছৰ ৷ সোমবাৰে তেওঁ এই সন্দৰ্ভত ছ'চিয়েল মিডিয়া যোগে এটা প'ষ্ট শ্বেয়াৰ কৰিছে ৷
- " class="align-text-top noRightClick twitterSection" data="
">
তেওঁ ইনষ্টাগ্ৰাম একাউন্ট যোগে লিখিছে," সময় কেনেকৈ পাৰ হৈ গ'ল..মই গমকে নেপালো.. আজি এই সময়ত মই সচাই বৰ আবেগিক হৈ পৰিছো ৷মোৰ সকলো অগ্ৰজ আৰু মোৰ সহকৰ্মীক জনাইছো আন্তৰিক কৃতজ্ঞতা আৰু শ্ৰদ্ধা ৷ আজিৰ এই দিনটোত শ্ৰদ্ধাৰ অশোক কুমাৰ বিষয়াৰ লগতে হেপীমনি বিষয়া লৈ মোৰ প্ৰণাম জনাইছো..বিশেষকৈ,আপোনালোক দুজনৰ আশীৰ্বাদ আৰু মৰম অবিহনে মই এই সাংস্কৃতিক জগত খনত কাম কৰাৰ এই সুযোগ লাভ কৰিব নোৱাৰিলো হয়..আজীৱন মই আপোনালোকৰ ওচৰত কৃতজ্ঞ হৈ ৰ'ম জীনি মহলিয়া বা...বহুত ধন্যবাদ মোৰ দৰে লৰা এজনক নৃত্য পৰিচালনাৰ আদিপাঠ শিকোৱাৰ বাবে মোৰ সৌভাগ্য..তুমি মোৰ গুৰু মোৰ এই যাত্ৰাত মোক প্ৰেৰণা দিয়া..মৰম দিয়া..মোৰ দুখত সাহস দিয়া..সুখত সংগ দিয়া প্ৰতিজনলৈ মই মোৰ কৃতজ্ঞতা জনাইছো লগতে মোৰ ঈশ্বৰ..মোৰ ৰাইজক শত বাৰ প্ৰণিপাত জনাইছো..আজীৱন আপোনালোকৰ মৰমৰ মাজতে মই জীয়াই থাকিব বিচাৰো....জয়তু অসমীয়া চলচিত্ৰ..জয় আই অসম..উদয় শংকৰ"
- " class="align-text-top noRightClick twitterSection" data="
">
এইদৰে তেওঁ অনুৰাগীৰ লগতে বিভিন্নজনক কৃতজ্ঞতা জ্ঞাপন কৰিছে ৷ 1979চনৰ 20 ডিচেম্বৰত জন্ম লাভ কৰা এইগৰাকী কৰিঅ'গ্ৰাফাৰে বৰ্তমানলৈকে বহু চিনেমাৰ গীত তথা মিউজিক ভিডিঅ'ৰ কৰিঅ'গ্ৰাফ কৰি আহিছে ৷ বৰ্তমান প্ৰজন্মৰ খুবেই প্ৰিয় কৰিঅ'গ্ৰাফাৰ গৰাকীৰ ঝংকাৰ ডাঞ্চ ষ্টুডিঅ' নামেৰে এটা নিজা ষ্টুডিঅ' আছে ৷ তেওঁৰ এই প্ৰতিষ্ঠানত তেওঁ বহুজনকে দি আছে নৃত্যৰ শিক্ষা ৷
লগতে পঢ়কঃঅমিতাভ বচ্চনৰ 26 গৰাকী কৰ্মচাৰী কৰ'ণা ভাইৰাছ নিগেটিভ