ETV Bharat / sitara

সুন্দৰৰ পূজাৰী জ্যোতিপ্ৰসাদ আগৰৱালালৈ শিল্পী দিৱসত শ্ৰদ্ধাঞ্জলী - জ্যোতিপ্ৰসাদ আগৰৱালাৰ মহাপ্ৰয়াণৰ দিন

আজি 17 জানুৱাৰী ৷ অসমৰ প্ৰসিদ্ধ সংগীতকাৰ,কবি, নাট্যকাৰ তথা ছবি নিৰ্মাতা জ্যোতিপ্ৰসাদ আগৰৱালাৰ আজি মহাপ্ৰয়াণৰ দিন ৷ আহক ,মৃত্যু তিথিত সোঁৱৰো মহান শিল্পীগৰাকীৰ অমৰ সৃষ্টিৰাজিক.....

jyoti prasad Agarwala death anniversary
সুন্দৰৰ পূজাৰীৰ জ্যোতিপ্ৰসাদ আগৰৱালা
author img

By

Published : Jan 17, 2020, 2:12 PM IST

চিটাৰা ডেস্ক,17 জানুৱাৰীঃ 1903 চনৰ 17 জুনত আগৰৱালা পৰিয়ালত জন্মগ্ৰহণ কৰিছিল ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাই ৷ ডিব্ৰুগড়ৰ তামুলবাৰী চাহ বাগিছাত জন্মগ্ৰহণ কৰা জ্যোতি প্ৰসাদ আগৰৱালাই অসম আৰু কলিকতাত স্কুলীয়া শিক্ষাগ্ৰহণ কৰে ৷ 1926 চনত অৰ্থনীতি বিষয়ত অধ্যয়নৰ বাবে এডিনবাৰ্গত ভৰ্তি হয় জ্যোতি প্ৰসাদ আগৰাৱালা ৷ 1930 চনত এডিনবাৰ্গৰ পৰা শিক্ষা সমাপ্ত কৰি অসমলৈ উভতি আহে তেওঁ ৷ তাৰ পাছতে সাত মাহৰ বাবে পুনৰ চলচ্চিত্ৰ নিৰ্মাণৰ শিক্ষাগ্ৰহণৰ উদ্দেশ্যে জাৰ্মানী ভ্ৰমণ কৰে জ্যোতিপ্ৰসাদ আগৰৱালাই ৷

জাৰ্মানীৰ পৰা উভতি আহি ৰূপকোঁৱৰে সপোন দেখে অসমত বোলছবিৰ সূৰ্যোদয়ৰ ৷ সেই সপোনৰ পম খেদি গহপুৰত জ্যোতি চিত্ৰবন স্থাপন কৰি লক্ষ্মীনাথ বেজবৰুৱাৰ নাটক জয়মতীৰ আধাৰত নিৰ্মাণ কৰে অসমৰ প্ৰথমখন বোলছবি জয়মতী৷ 1935 চনত মুক্তি লাভ কৰা জয়মতীত নাম ভূমিকাত অভিনয় কৰিছিল আইদেউ সন্দিকৈয়ে ৷ জয়মতীৰ পাছত 1939 চনত মুক্তি লাভ কৰে ৰূপকোঁৱৰৰ তেওঁৰ দ্বিতীয়খন ছবি ইন্দ্ৰমালতীয়ে ৷ কেৱল বোলছবিয়েই নহয় গীত নাট কবিতাৰেও অসমৰ সংস্কৃতি আৰু সাহিত্যৰ ভঁৰাল টনকীয়াল কৰি থৈ গৈছে জ্যোতি প্ৰসাদ আগৰাৱালাই ৷ তেওঁ 300ৰো অধিক সংগীত ৰচনা কৰিছে আৰু ৰূপকোঁৱৰৰ ৰচিত গীতসমূহ জ্যোতি সংগীত বুলি জনাজাত ৷ সেইদৰে নাটকৰ ক্ষেত্ৰতো তেওঁৰ আছিল এক সুকীয়া চিনাকী ৷ জ্যোতিপ্ৰসাদ আগৰৱালাৰ দ্বাৰা ৰচিত নাটকসমূহৰ ভিতৰত অন্যতম শোণিত কুঁৱৰী,কাৰেঙৰ লিগিৰী,ৰূপালীম, নিমাতী কন্যা আৰু ৰূপকোঁৱৰ,সোণপখিলী,কনকলতা, সুন্দৰকোঁৱৰ,লভিতা, পাৰফেকচন অফ মি ইত্যাদি ৷ তেওঁৰ দ্বাৰা ৰচিত কবিতাৰ সংকলন কেইখন হ'ল , জ্যোতি ৰামায়ণ আৰু লুইতৰৰ পাৰৰ অগ্নিসুৰ ৷

jyoti prasad Agarwala death anniversary
জ্যোতিপ্ৰসাদ আগৰৱালা

অসমৰ সাহিত্য আৰু ছবিজগতত তেওঁৰ অভূতপূৰ্ব অৱদানৰ বাবে অসম চৰকাৰে তেওঁক সন্মান হিচাপে 2004 চনত তেওঁক ডাকটিকটত স্থান দিয়ে ৷ 1951 চনৰ 17 জানুৱাৰীত এইগৰাকী প্ৰথিতযশা শিল্পীয়ে 47 বছৰ বয়সত ইহলীলা সম্বৰণ কৰে ৷ তেখেতৰ কৰ্মৰাজিৰ বাবে ৰূপকোঁৱৰ উপাধিৰে বিভূষিত কৰা হয় জ্যোতি প্ৰসাদ আগৰৱালাক ৷ ফণী শৰ্মা, বিষ্ণু প্ৰসাদ ৰাভা, ভূপেন হাজৰিকা আদি শিল্পীয়েও সানিধ্য লাভ কৰিছিল ৰূপকোঁৱৰৰ ৷ সকলোৰে বাবে তেওঁ আছিল মৰমৰ জ্যোতি ককাইদেউ ৷ 1811 চনতে অসমলৈ অহা এটা ৰাজস্থানৰ মাৰোৱাৰী সম্প্ৰদায়ৰ পৰিয়ালত জন্মগ্ৰহণ কৰিও অসমীয়া কৃষ্টি-সংস্কৃতিক অন্তৰৰ আঁহে আঁহে কোঁহে কোঁহে স্থান দিয়া জ্যোতি প্ৰসাদ আগৰৱালা চিৰস্মৰণীয় হৈ ৰ'ল অসমবাসীৰ বাবে ৷ অসমৰ কলা-সংস্কৃতিক এঢাপ আগুৱাই নিয়া ৰূপকোঁৱৰ জ্যোতি প্ৰসাদ আগৰৱালালৈ ই টি ভি ভাৰতৰ তৰফৰ পৰাও মৃত্যুদিৱসত গভীৰ শ্ৰদ্ধাঞ্জলী জনালোঁ৷

লগতে পঢ়কঃৰংঘৰৰ বাকৰিত ৰংপুৰ মেলা

Intro:Body:

jyoti prasad Agarwala death anniversary

Conclusion:
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.