ETV Bharat / sitara

মুম্বাইত জাকজমকতাৰে অনুষ্ঠিত হ'ল "আইফা এৱাৰ্ডছ 2019" - "পদ্মাৱতৰ" বাবে শ্ৰেষ্ঠ অভিনেতা

মুম্বাইত 20 সংখ্যক "ইণ্ডিয়ান ফিল্ম একাডেমী এৱাৰ্ডছ" অনুষ্ঠান ৷ জনপ্ৰিয় ছবি "পদ্মাৱতৰ" বাবে শ্ৰেষ্ঠ অভিনেতা হিচাপে ৰণবীৰ সিঙে আৰু "ৰাজি"ৰ বাবে আলিয়া ভাটে লাভ কৰে শ্ৰেষ্ঠ অভিনেত্ৰীৰ সন্মান ৷  আইফা পুৰস্কাৰেৰে সন্মানিত হ'ল বহুকেইগৰাকী জনপ্ৰিয় তাৰকা ৷

"আইফা এৱাৰ্ডছ 2019"- চাৰা আলী খান
author img

By

Published : Sep 19, 2019, 6:11 PM IST

চিটাৰা ডেক্স,19 চেপ্টেম্বৰঃ বুধবাৰে মুম্বাইত অনুষ্ঠিত হয় 20 সংখ্যক "ইণ্ডিয়ান ফিল্ম একাডেমী এৱাৰ্ডছ" অনুষ্ঠান ৷ এই অনুষ্ঠানত অংশ গ্ৰহণ কৰে 'বি-টাউন'ৰ বহু জনপ্ৰিয় তাৰকাই ৷ আইফা পুৰস্কাৰেৰে সন্মানিত হ'ল বহুকেইগৰাকী জনপ্ৰিয় তাৰকা ৷ জনপ্ৰিয় ছবি "পদ্মাৱতৰ" বাবে শ্ৰেষ্ঠ অভিনেতা হিচাপে ৰণবীৰ সিঙে আৰু "ৰাজি"ৰ বাবে আলিয়া ভাটে লাভ কৰে শ্ৰেষ্ঠ অভিনেত্ৰীৰ সন্মান ৷ ইফালে সঞ্জুত কৰা অভিনয়ৰ বাবে শ্ৰেষ্ঠ সহঃ অভিনেতাৰ পুৰষ্কাৰ লাভ কৰে অভিনেতা বিকি কৌশলে ৷ "চেন্নাই এক্সপ্ৰেছ"ৰ বাবে দীপিকা পাডুকন, "বৰফিৰ" বাবে ৰণবীৰ কাপুৰ, "থ্ৰি ইডিয়টছ"ৰ বাবে ৰাজকুমাৰ হিৰানী আৰু " য়ে দিল হে মুচকিলৰ " বাবে প্ৰীতমে লাভ কৰে বিশেষ পুৰষ্কাৰ ৷ ইয়াৰোপৰি ভাৰতীয় চলচ্চিত্ৰ উদ্যোগত নৃত্যৰ ক্ষেত্ৰত আগবঢ়োৱা অতুলনীয় অৱদানৰ বাবে পুৰষ্কাৰ প্ৰদান কৰা হয় কৰিঅ'গ্ৰাফাৰ সৰোজ খানক ৷ কৌতুক অভিনয়ৰ শিতানত আগবঢ়োৱা অৱদানৰ বাবে মাষ্টাৰ চৈয়দ ইশতিয়াক আহমেদকো প্ৰদান কৰা হয় বিশেষ পুৰষ্কাৰ ৷

আইফা এৱাৰ্ডছ 2019ৰ বিজয়ীসকল আৰু শিতানসমূহ হ'ল :
শ্ৰেষ্ঠ ছবি - ৰাজি

শ্ৰেষ্ঠ পৰিচালক- শ্ৰী ৰাম ৰাঘৱন

শ্ৰেষ্ঠ অভিনেত্ৰী- আলিয়া ভাট ( ৰাজি )

iifa awards 2019
"আইফা এৱাৰ্ডছ 2019"- আলিয়া ভাট্

শ্ৰেষ্ঠ অভিনেতা - ৰণবীৰ সিং ( পদ্মাৱত )

iifa awards 2019
"আইফা এৱাৰ্ডছ 2019"-ত ৰণবীৰ সিং

শ্ৰেষ্ঠ চাৰ্পোটিং অভিনেত্ৰী - অদিতি ৰাও হায়দাৰি ( পদ্মাৱত )

শ্ৰেষ্ঠ চাৰ্পোটিং অভিনেতা- বিকি কৌশল ( সঞ্জু )

শ্ৰেষ্ঠ ডেবিউ অভিনেতা - ইশান খট্টৰ (ধড়ক)

iifa awards 2019
"আইফা এৱাৰ্ডছ 2019"-ত ইশান খট্টৰ

শ্ৰেষ্ঠ নবাগতা অভিনেত্ৰী- চাৰা আলী খান ( কেদাৰনাথ)

iifa awards 2019
"আইফা এৱাৰ্ডছ 2019"-চাৰা আলী খান

শ্ৰেষ্ঠ কাহিনী- শ্ৰী ৰাম ৰাঘৱন ,পূজা লাধা শ্ৰুতি, অৰিজিৎ বিশ্বাস , যোগেশ চন্দকৰ , হেমন্ত ৰাও ( আন্ধাধুন)

শ্ৰেষ্ঠ সংগীত পৰিচালনা - অমল মাল্লিক, গুৰু ৰান্ধোৱা ,ৰোচক কোহলি , সৌৰভ বৈভৱ আৰু জেক নাইট (চনু কে টিটু)

শ্ৰেষ্ঠ লিৰিক্স- অমিতাভ ভট্টাচাৰ্য (ধড়ক)

শ্ৰেষ্ঠ নেপথ্য কণ্ঠশিল্পী ( ফিমেল )- হৰ্ষদ্বীপ কৌৰ আৰু বিভা সৰফ ( ৰাজিৰ পৰা দিলবৰো গীতটোৰ বাবে )

শ্ৰেষ্ঠ নেপথ্য কণ্ঠশিল্পী (মেল ) -অৰিজিৎ সিং (ৰাজিৰ পৰা বতন গীতটোৰ বাবে )

Intro:Body:

iifa awards

Conclusion:
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.