ETV Bharat / sitara

হিন্দী ভাষালৈ অনুবাদ কৰি মুকলি কৰা হ'ল অসমীয়া দেশপ্ৰেমমূলক গীত

author img

By

Published : Jan 27, 2021, 2:22 PM IST

গণৰাজ্য দিৱসৰ দিনাই মুকলি কৰা হ'ল 'মই কনকলতা দেশৰ বীৰাংগনা' শীৰ্ষক অসমীয়া দেশপ্ৰেমমূলক গীতি হিন্দী ভাষালৈ অনুবাদ কৰি মুকলি কৰা হয় ৷ গীতটি মুকলি কৰে জনপ্ৰিয় ধাৰাবাহিক 'বেহাৰবাৰী আউটপোষ্ট'ৰ মণি বৌ তথা অভিনেত্ৰী পাপৰি বৰুৱাই ৷

হিন্দী ভাষালৈ অনুবাদ কৰি মুকলি কৰা হ'ল অসমীয়া দেশপ্ৰেমমূলক গীত
হিন্দী ভাষালৈ অনুবাদ কৰি মুকলি কৰা হ'ল অসমীয়া দেশপ্ৰেমমূলক গীত

বিশ্বনাথ,২৭ জানুৱাৰী : গহপুৰৰ ককিলা চাৰিআলিত এটা হিন্দী দেশপ্ৰেমমূলক গীত মুকলি কৰিলে জনপ্ৰিয় ধাৰাবাহিক 'বেহাৰবাৰী আউটপোষ্ট'ৰ মণি বৌ তথা অভিনেত্ৰী পাপৰি বৰুৱাই । ৪২ৰ গহপুৰৰ শ্বহীদ বীৰাংগনা কনকলতা বৰুৱা ত্যাগৰ পটভুমিত ৰমেন বৰাই লিখা 'মই কনকলতা দেশৰ বীৰাংগনা' শীৰ্ষক অসমীয়া দেশপ্ৰেমমূলক গীতৰ আলমত হিন্দী ভাষালৈ অনুবাদৰ কৰা গীতটো ৭২ সংখ্যক গণৰাজ্য দিৱস উপলক্ষে মুকলি কৰা হয় । এই গীতটিৰ সুৰ আৰু সংগীত ব্যৱস্থাপনা কৰিছে নিপুৱে ৷ গীতটো হিন্দীলৈ অনুবাদ কৰিছে গহপুৰৰ এগৰাকী সংস্কৃত শিক্ষক নন্দ শৰ্মাই । হিন্দী দেশপ্ৰেমমূলক গীতটোৰ অডিঅ' মংগলবাৰে সন্ধিয়া ককিলা চাৰিআলিৰ কনকলতা জাতীয় বিদ্যালয়ত আনুষ্ঠানিক ভাৱে মুকলি কৰে জনপ্ৰিয় অভিনেত্ৰী পাপৰী বৰুৱাই ।

অন্য এক খবৰৰ বাবে: দিল্লীত সৃষ্টি হোৱা পৰিস্থিতিৰ আঁৰত কোন জড়িত?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.