চিটাৰা ডেস্ক, ১৭ জুন: ১৯ জুনত বিশেষ বিমানেৰে আমেৰিকা যুক্তৰাষ্ট্ৰলৈ যাব অভিনেতা ৰজনীকান্ত(Rajinikanth) । কেইবছৰমান পূৰ্বে স্বাস্থ্যজনিত সমস্যাত ভূগিছিল অভিনেতাগৰাকীয়ে আৰু তেওঁক ছিংগাপুৰৰ এখন হাস্পতালত ভৰ্তি কৰোৱা হৈছিল ।
এমাহৰো অধিক সময় ধৰি তেওঁৰ চিকিৎসা চলিছিল । ইয়াৰ পিছৰে পৰা ৰজনীকান্তে বছৰত এবাৰকৈ স্বাস্থ্যজনিত পৰীক্ষা(medical check-up)ৰ বাবে আমেৰিকালৈ যায় । তেওঁৰ জোৱাই তথা অভিনেতা ধনুশো(Dhanush) বৰ্তমান পত্নীৰ সৈতে আমেৰিকাতে আছে ।
ধনুশে আমেৰিকাত এখন হলীউড ছবিৰ দৃশ্যগ্ৰহণত ব্যস্ত হৈ আছে । ক'ভিড-১৯(Covid-19)ৰ সংক্ৰমণৰ বাবে দেশত কিছু কঠোৰ নিয়ম পালন কৰি থকা হৈছে যদিও ৰজনীকান্তে কেন্দ্ৰীয় চৰকাৰক ভ্ৰমণৰ অনুমতি দিবলৈ অনুৰোধ জনাইছিল । ইয়াৰ পিছত ৰজনীকান্তক ভ্ৰমণৰ অনুমতি দিয়া হয় ।
লগতে পঢ়ক:"ৰামায়ণ"ত সুমন্ত্ৰৰ চৰিত্ৰ ৰূপায়ন কৰা চন্দ্ৰশেখৰৰ দেহাৱসান