ETV Bharat / sitara

মুম্বাইত অক্ষয়, জেকলিন আৰু নুছৰাতে কি কৰিছে ? - কেপ অফ গুড ফিল্মছ

মুম্বাইৰ এক অঞ্চলত একেলগে কেমেৰাত বন্দী হ’ল অক্ষয়, জেকলিন আৰু নুছৰাত ভৰুচ্চা ৷ মুক্তি লাভ কৰিবলগীয়া ছবিখন ৰামসেঁতুৰ প্ৰথম ঝলক চাবলৈ তিনিওগৰাকী তাৰকা একেলগে উপস্থিত হৈছে মুম্বাইত । সাংবাদিকৰ ফটোশ্বুটৰ বাবেও তিনিওগৰাকীয়ে একেলগে প'জ দিয়ে ।

Akshay catches up
মুম্বাইত একেলগে অক্ষয় জেকলিন আৰু নুছৰাতে কি কৰিছে
author img

By

Published : Jul 17, 2021, 3:43 PM IST

চিটাৰা ডেস্ক, ১৭ জুলাই : অল টাইম হিট অক্ষয় কুমাৰৰ(Akshay Kumar) আহিবলগীয়া এখন নতুন ছবিক লৈ এতিয়া চৰ্চা অব্যাহত আছে । ছবিখন হৈছে 'ৰামসেঁতু'(Ram Setu)। অক্ষয় কুমাৰৰ অনুৰাগীসকলে গভীৰ আগ্ৰহেৰে ছবিখনৰ মুক্তিৰ বাবে অপেক্ষা কৰি আছে ।

এনে সময়ত মুম্বাইত একেলগে দেখা গৈছে ছবিখনত অভিনয় কৰা অক্ষয় কুমাৰ, জেকলিন ফাৰ্ণাণ্ডেজ (Jacqueline Fernandez) আৰু নুছৰাত ভৰুচ্চাক (Nushrratt Bharuccha) । মুক্তি লাভ কৰিবলগীয়া ছবিখনৰ প্ৰথম ঝলক চাবলৈ তিনিওগৰাকী তাৰকা একেলগে উপস্থিত হৈছে মুম্বাইত । ৰামসেঁতুৰ পৰিচালক অভিষেক শৰ্মা (Abhishek Sharma) আৰু প্ৰযোজক বিক্ৰম মালহোত্ৰাও (Vikram Malhotra) উপস্থিত থাকে এবুনডাঞ্চিয়া এণ্টাৰটেইনমেণ্টৰ প্ৰডাকচন হাউচত । সাংবাদিকৰ ফটোশ্বুটৰ বাবেও তিনিওগৰাকীয়ে একেলগে প'জ দিয়ে ।

লগতে পৰিচালক আৰু প্ৰযোজকেও তেওঁলোকৰ সৈতে ফটোশ্বুটত ভাগ লয় । ছবিখনত এজন পুৰাতত্ত্ববিদৰ চৰিত্ৰত দেখা যাব খিলাড়ী কিং অক্ষয় কুমাৰক । ছবিখন সম্পৰ্কে তেওঁ পূৰ্বে কৈছিল যে ৰামসেঁতু তেওঁৰ জীৱনৰ বিশেষ ছবিবোৰৰ ভিতৰত অন্যতম ।

ছবিখনত তেওঁ চৰিত্ৰ সন্দৰ্ভত দৰ্শকৰ প্ৰতিক্ৰিয়াৰ বাবে গভীৰ আগ্ৰহেৰে ৰৈ আছে বুলি উল্লেখ কৰিছিল । বিগত ১৮ মাৰ্চত অযোধ্যাত এক মহুৰৎ শ্বুটৰ জৰিয়তে ৰামসেঁতুৰ চিত্ৰগ্ৰহণ আৰম্ভ কৰা হৈছিল । ছবিখনৰ এটা মুখ্য অংশ মুম্বাইত দৃশ্যগ্ৰহণ কৰা হৈছে । ভাৰতীয় সাংস্কৃতিক আৰু ঐতিহাসিক ঐতিহ্যত গভীৰভাৱে নিহিত এটা কাহিনীক আধাৰ হিচাপে লৈ নিৰ্মাণ কৰা ছবিখন এক্সন-এডভেঞ্চাৰ ড্ৰামা হিচাপে দৰ্শকৰ মাজলৈ আহিব ।

ৰামসেঁতু ছবিখন অক্ষয় কুমাৰৰ কেপ অৱ গুড ফিল্মছ (Cape of Good Films), এবুনডাঞ্চিয়া এণ্টাৰটেইনমেণ্ট (Abundantia Entertainment), লাইকা প্ৰডাকচন(Lyca Productions) আৰু আমাজন প্ৰাইম ভিডিঅ'ৰ দ্বাৰা প্ৰযোজনা কৰা হৈছে । ছবিখন শীঘ্ৰে ভাৰতৰ প্ৰাইম সদস্যসকলৰ বাবে উপলব্ধ হ'ব ৷ প্ৰায় ২৪০ খনতকৈও অধিক দেশৰ ভিন্ন অঞ্চলত মুক্তি দিয়া হ'ব ছবিখন । ছবিখনৰ বাবে বিশ্বব্যাপী একচেটিয়া ষ্ট্ৰীমিং অংশীদাৰ হ'ব আমাজন প্ৰাইম ।

লগতে পঢ়ক : ৰাহুল বৈদ্যৰ সৈতে বিবাহপাশত আৱদ্ধ হ'ল দিশা পাৰমাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.