চিটাৰা ডেস্ক,১৭ অক্টোবৰ : শেহতীয়াকৈ চৰ্চাত আছে অভিনেতা বিকি কৌশল । অভিনেতাগৰাকীৰ ছবি 'চৰ্দাৰ উধম'(Sardar Udham) মুক্তিৰ পাছতে তেওঁৰ অভিনয়কলৈ চাৰিওফালে প্ৰতিক্ৰিয়া হৈছে । সমান্তৰালকৈ তেওঁৰ ব্যক্তিগত এক খবৰেও অনুৰাগীৰ মাজত ব্যাপক চৰ্চা হৈছে । কিয়নো অভিনেত্ৰী কেটৰীণা কাঈফৰ সৈতে প্ৰেমৰ সম্পৰ্ক থকা বুলি চৰ্চা চলি থকাৰ মাজতে অভিনেতাগৰাকীয়ে এংগেজমেণ্টৰ (engagement) কথা উল্লেখ কৰিছে ।
- " class="align-text-top noRightClick twitterSection" data="
">
উল্লেখ্য যে চলমান খানৰ টাইগাৰ-৩ (Tiger 3) ছবিখনত দেখা যাব কেটৰীণা কাঈফক । ছবিখনৰ শ্বুটিঙৰ বাবে কেটৰীণাই ৰাছিয়ালৈ যোৱাৰ পূৰ্বে এতিয়া বিকি আৰু কেটৰীণাৰ এংগেজমেণ্টৰ খবৰে সামাজিক মাধ্যমত ব্যাপক প্ৰতিক্ৰিয়া হৈছে । 'চিদ্দাত'ৰ (Shiddat) প্ৰচাৰৰ সময়ত বিকিৰ ভাতৃ চানী কৌশলক এংগেজমেণ্টৰ খবৰ সঁচা নে মিছা সোধা হৈছিল তেতিয়া তেওঁ হাঁহিছিল । কিন্তু প্ৰায় দুমাহৰ অন্তত বিকিৰ এক মন্তব্যই পুনৰবাৰ এংগেজমেণ্টৰ খবৰে বিশেষ মাত্ৰা লাভ কৰিছে ।
- " class="align-text-top noRightClick twitterSection" data="
">
চৰ্দাৰ উধমৰ (Sardar Udham) প্ৰচাৰৰ সময়ত, বিকিক কেটৰীণাৰ সৈতে তেওঁৰ ৰোকা (এংগেজমেণ্ট) সন্দৰ্ভত প্ৰশ্ন কৰা হৈছিল । তেতিয়া ৰাষ্ট্ৰীয় বঁটা বিজয়ী অভিনেতাগৰাকীয়ে এটি মিঠা হাঁহিৰে কৈছিল যে এই খবৰটো আপোনালোকৰ বন্ধুবৰ্গৰ দ্বাৰা প্ৰচাৰ কৰা হৈছে । যেতিয়া সঠিক সময় হ'ব তেওঁ সোনকালেই এংগেজমেণ্ট কৰিব । সেই সময়ো সোনকালে আহিব বুলি ক'লে বিকিয়ে ।
উল্লেখ্য যে অভিনেতা হৰ্ষ বৰ্ধন কাপুৰে বিকি আৰু কেটৰীণাৰ সম্পৰ্কৰ কথা ৰাজহুৱা কৰিছিল । অৱশ্যে দুয়োগৰাকীয়ে এতিয়াও আনুষ্ঠানিকভাৱে এই সম্পৰ্কৰ কথা স্বীকাৰ কৰা নাই ।