চিটাৰা ডেস্ক, 28 জানুৱাৰী : ভাল লগা বিশেষজন সকলোৰে বাবে পৃথিৱীৰ আটাইতকৈ ধুনীয়া ব্যক্তি ৷ কোটি কোটি মানুহৰ মাজত কেৱল মাত্ৰ এজনৰ চেহেৰাই নয়ন জুৰায় ৷ টুইংকল খান্নাও সদায় ক্লীন ব’ল্ড হয় অক্ষয় কুমাৰৰ সুঠাম চেহেৰাত (Twinkle mesmerised by Akshays look) ৷ নিজৰ স্বামীৰ সুন্দৰতাৰ প্ৰশংসা কৰাৰ পৰা পিছ পৰি নৰ’ল অভিনেত্ৰী তথা লেখিকা গৰাকী ৷
বৃহস্পতিবাৰে নিজৰ ইন্ষ্টাগ্ৰাম ষ্ট’ৰীত বন্ধৰ দিন উদযাপন কৰা অক্ষয় কুমাৰৰ এখন ফটো দি টুইংকলে লিখিলে, "Apna maal-Ageing like whiskey in a charred wood barrel. Do you agree?" 17 জানুৱাৰীত অক্ষয় আৰু টুইংকলে 21 বছৰীয়া বিবাহ বাৰ্ষিকী উদযাপন কৰে ৷ বিশেষ দিনটো বিশেষ কৰি তুলি টুইংকলে অক্ষয়ৰ সৈতে কাল্পনিক কথা-বতৰাৰ এটা আপডেট দিয়ে ৷ চাওক কি লিখা আছিল পোষ্টটোত...
লগতে পঢ়ক: জীৱনৰ জটিল সম্পৰ্কসমূহক লৈ আহি আছে শকুন বাত্ৰাৰ ‘Gehraiyaan’