ETV Bharat / sitara

সুশান্ত সিং ৰাজপুতৰ মৃত্যুঃ ৰিয়া চক্ৰৱৰ্তীৰ আবেদনৰ ভিত্তিত ৫ আগষ্টত SCৰ শুনানি - কৃষ্ণ কিশোৰ সিংহ

অভিনেতা সুশান্ত সিং ৰাজপুতৰ মৃত্যুৰ ঘটনাৰ লগত অভিনেত্ৰী ৰিয়া চক্ৰৱৰ্তী জড়িত থকাৰ অভিযোগত পাটনাত দাখিল হোৱা এটা গোচৰৰ ন্যায় প্ৰক্ৰিয়া মুম্বাইলৈ স্থানান্তৰৰ বাবে অভিনেত্ৰী গৰাকীয়ে দিয়া আবেদনৰ ভিত্তিত উচ্চতম ন্যায়ালয়ে অহা ৫আগষ্টত দিব ইয়াৰ শুনানি ।

Sushant Singh Rajput's death: SC to hear Rhea Chakraborty's plea on Aug 5
সুশান্ত সিং ৰাজপুতৰ মৃত্যুক লৈ ৰিয়া চক্ৰৱৰ্তীৰ আবেদনৰ ভিত্তিত ৫ আগষ্টত SCৰ শুনানি
author img

By

Published : Aug 1, 2020, 8:43 PM IST

নিউজ ডেস্ক,১ আগষ্ট: অভিনেতা সুশান্ত সিং ৰাজপুতৰ মৃত্যুৰ ঘটনাৰ লগত অভিনেত্ৰী ৰিয়া চক্ৰৱৰ্তীৰ সম্পৰ্ক থকাৰ অভিযোগত পাটনাত দাখিল হৈছিল এটা গোচৰ । ইয়াৰ পিছতে অভিনেত্ৰী ৰিয়া চক্ৰৱৰ্তীয়ে গোচৰটোৰ ন্যায়ৰ প্ৰক্ৰিয়া পাটনাৰ পৰা মুম্বাইলৈ স্থানান্তৰ কৰিবৰ বাবে দিয়া আবেদনৰ ভিত্তিত উচ্চতম ন্যায়ালয়ে অহা ৫ আগষ্টত গ্ৰহণ কৰিব এক শুনানি ।

শীৰ্ষ আদালতৰ ৱেবচাইটত আপল'ড কৰা এখন তালিকাত উল্লেখ কৰা অনুসৰি অভিনেত্ৰী গৰাকীয়ে গোচৰৰ ন্যায় প্ৰক্ৰিয়া পাটনাৰ পৰা মুম্বাইলৈ স্থানান্তৰৰ বাবে কৰা আবেদনৰ শুনানি অহা বুধবাৰে ন্যায়াধীশ হৃষিকেশ ৰায়ৰ পীঠ আদালতে ঘোষণা কৰিব ।

৩৪ বছৰীয়া অভিনেতা সুশান্ত সিং ৰাজপুতক যোৱা ১৪ জুনত মুম্বাইৰ বান্দ্ৰাস্থিত এপাৰ্টমেণ্টত মৃত অৱস্থাত উদ্ধাৰ কৰা হৈছিল। ইয়াৰ পিছতে মুম্বাই আৰক্ষীয়ে ঘটনাৰ প্ৰকৃত ৰহস্য উদ্ঘাটনৰ বাবে বিভিন্ন দিশৰ পৰা অনুসন্ধান চলাই আহিছে ।

বিহাৰ আৰু মহাৰাষ্ট্ৰ চৰকাৰে আদালতক প্ৰথমেই এটা 'কেভেট'ৰ জড়িয়তে উল্লেখ কৰিছিল যে,অভিনেত্ৰী গৰাকীৰ আবেদনৰ শুনানিৰ পূৰ্বেই তেওঁৰ লগতে অন্যান্য অভিযুক্ত সকলৰ বিৰুদ্ধে দাখিল কৰা গোচৰৰ শুনানি কৰা হওঁক ।

ইতিমধ্যে মৃত অভিনেতা গৰাকীৰ পিতৃ কৃষ্ণ কিশোৰ সিংহইও শীৰ্ষ আদালতক এই সংক্ৰান্তত এটা 'কেভেট' দাখিল কৰিছে ।

কেভেট (Caveat)হৈছে এনে এক আইনি প্ৰক্ৰিয়া য'ত অগ্ৰাধিকাৰ সংক্ৰান্তীয় আইনি পদক্ষেপ লোৱাৰ ক্ষেত্ৰত দুয়ো পক্ষকে আইনিভাৱে অৱগত নকৰাকৈ যাতে কোনো সুবিধাজনক শুনানি গ্ৰহণ কৰা নহয় ।

উল্লেখ্য যে,যোৱা ২৫ জুলাইত সুশান্তৰ পিতৃয়ে ৰিয়া চক্ৰৱৰ্তী আৰু তেওঁৰ পৰিয়ালৰ লগতে ছয়জনকৈ অন্য লোকৰ বিৰুদ্ধে পুত্ৰৰ আত্মহত্যাৰ ঘটনাৰ লগত জড়িতৰ অভিযোগত পাটনাৰ ৰাজীৱ নগৰ থানাত এটা গোচৰ ৰুজো কৰিছিল ।

ইফালে অভিনেত্ৰী ৰিয়া চক্ৰৱৰ্তীয়ে আদালতত দাখিল কৰা আবেদনৰ জড়িয়তে উল্লেখ কৰিছে, সুশান্তক আত্মহত্যা কৰিবলৈ বাধ্য কৰোৱা বুলি সুশান্তৰ পিতৃয়ে অভিনেত্ৰী গৰাকীৰ ওপৰত পাটনাত গোচৰ তৰিছে । তেওঁ সুশান্তৰ লগত লিভ-ইন সম্পৰ্কত আছিল আৰু সেয়েহে অভিনেতা জনৰ বিয়োগৰ শোকৰ লগতে বিভিন্নজনৰ পৰা অহা ধৰ্ষণ তথা মৃত্যুৰ ভাবুকিত তেওঁ অধিক কষ্টত থাকিব লগা হৈছে ।

লগতে এইটো উল্লেখ কৰা উচিত হ'ব যে,মৃত সুশান্ত আৰু আবেদনকাৰী ২০২০ চনৰ ৮ জুনলৈকে এবছৰ ধৰি লিভ-ইন ৰিলেশ্ব্যনত আছিল যেতিয়া আবেদনকাৰী অস্থায়ীভাৱে মুম্বাইলৈ স্থানান্তৰিত হৈছিল। এই ধৰণে ৰিয়াই উল্লেখ কৰিলে আবেদনত ।

অভিনেত্ৰী গৰাকীয়ে আবেদনত এই বুলিও উল্লেখ কৰিলে যে,মৃত ৰাজপুট হতাশাত ভুগি থকাৰ বাবে কিছু দিনৰ পৰা তাক ৰোধ কৰিবৰ বাবে চেষ্টা কৰি আহিছিল আৰু অৱশেষত ১৪ জুনত বান্দ্ৰাস্থিত ঘৰত আত্মহত্যা কৰিছিল ।

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.