ETV Bharat / sitara

বিহাৰৰ মুখ্যমন্ত্ৰীক সাক্ষাৎ কৰিলে সুশান্তৰ পিতৃ কে কে সিঙে - মৃত্যুৰ তদন্ত অব্যাহত

প্ৰয়াত অভিনেতা সুশান্ত সিং ৰাজপুতৰ পৰিয়ালৰ লোকে সাক্ষাৎ কৰিলে বিহাৰৰ মুখ্যমন্ত্ৰী নিতিশ কুমাৰক। সুশান্তৰ পিতৃ কে কে সিঙৰ লগতে মুখ্যমন্ত্ৰীগৰাকীৰ বাসগৃহত উপস্থিত থাকে সুশান্তৰ ভগ্নী আৰু ভনীজোঁৱাই।

বিহাৰৰ মুখ্যমন্ত্ৰীক সাক্ষাৎ কৰিলে সুশান্তৰ পিতৃ কে কে সিঙে

author img

By

Published : Sep 30, 2020, 3:50 PM IST

চিটাৰা,৩০ছেপ্টেম্বৰ: সুশান্ত সিং ৰাজপুতৰ ৰহস্যজনক মৃত্যুৰ তদন্ত অব্যাহত থকাৰ মাজতে বুধবাৰে বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰক সাক্ষাৎ কৰে অভিনেতাগৰাকীৰ পৰিয়ালৰ লোকে। মুখ্যমন্ত্ৰীগৰাকীৰ বাসগৃহত উপস্থিত হয় সুশান্তৰ পিতৃ কে কে সিং,সুশান্তৰ ভগ্নী আৰু ভনীজোঁৱাই। উল্লেখ্য যে,মুখ্যমন্ত্ৰী নীতিশ কুমাৰৰ হস্তক্ষেপৰ পিছতে পাটনাত গোচৰ ৰুজু কৰা হৈছিল। আনকি ঘটনাৰ তদন্তৰ বাবে বিহাৰ আৰক্ষী মুম্বাইলৈও গৈছিল। পিছত ঘটনা সন্দৰ্ভত চি বি আই তদন্তৰো দাবী কৰে,যাৰ প্ৰতি কেন্দ্ৰয়ো সঁহাৰি জনাইছিল।

বিহাৰৰ মুখ্যমন্ত্ৰীক সাক্ষাৎ কৰিলে সুশান্তৰ পিতৃ কে কে সিঙে

সুশান্ত সিঙৰ মৃত্যুৰ তদন্তৰ বৰ্তমানৰ স্থিতি সন্দৰ্ভত মুখ্যমন্ত্ৰীগৰাকীৰে আলোচনা কৰে কে কে সিঙে। সম্প্ৰতি কেন্দ্ৰীয় অনুসন্ধানকাৰী সংস্থাৰ লগতে এনফ'ৰ্চমেণ্ট ডাইৰেক্ট'ৰেট আৰু নাৰ্ক'টিক্স কন্ট্ৰ'ল ব্যুৰ'ই ঘটনা সন্দৰ্ভত পৃথকে পৃথকে তদন্ত অব্যাহত ৰাখিছে। ড্ৰাগছ ব্যৱহাৰৰ প্ৰসংগ উত্থাপন হোৱাৰ পিছতে সমগ্ৰ ঘটনাই অন্য গতি লৈছে।

সুশান্ত সিঙৰ মৃত্যুৰ ঘটনাৰ উচিত তদন্তৰ আশা কৰিছে বিহাৰৰ ৰাইজৰ লগতে সুশান্তৰ অনুৰাগীয়ে। আনহাতে,ৰাজনৈতিক দলসমূহে এই ঘটনাৰ পৰা নিজৰ লাভৰ অংক কৰাত ব্যস্ত হৈ পৰা পৰিলক্ষিত হৈছে। বিধানসভা নিৰ্বাচনৰ পূৰ্বে বি জে পিয়ে এই ঘটনাক নিজৰ নিৰ্বাচনী অস্ত্ৰ হিচাপে ব্যৱহাৰ কৰাৰ আশংকা কৰিছে একাংশই।

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.