নিউজ ডেস্ক, নৱেম্বৰ 02 : দক্ষিণ ভাৰতৰ জনপ্ৰিয় অভিনেতা ৰজনীকান্তলৈ আগবঢ়োৱা হ'ব আন্তঃৰাষ্ট্ৰীয় ছবি মহোৎসৱৰ সোণালী জয়ন্তী বৰ্ষৰ 'আইকন' বঁটা ৷ ভাৰতীয় ছবিজগতত অভিনেতাগৰাকীয়ে আগবঢ়োৱা অৱদানৰ বাবে তেঁওলৈ আগবঢ়োৱা হ'ব এই সন্মান ৷
একেদৰে, ফ্ৰাঞ্চ অভিনেত্ৰী Sabelle Hupertক প্ৰদান কৰা হ'ব বিদেশী শিল্পীৰ জীৱনজোৰা সাধনা বঁটা ৷ তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী প্ৰকাশ জাভেদকাৰে ঘোষণা কৰে এই কথা ৷
লগতে, বিশ্বৰ ভিন্ন প্ৰান্তৰ 50 গৰাকী মহিলা পৰিচালকৰ পৰিচালনাত নিৰ্মিত 50 খন ছবিও প্ৰদৰ্শিত হ'ব আন্তৰাষ্ট্ৰীয় ছবি মহোৎসৱত ৷