চিটাৰা ডেস্ক,28 ফেব্ৰুৱাৰীঃ শেহতীয়াকৈ চুপাৰষ্টাৰ শ্বাহৰুখ খান অভিনীত ডি.ডি.এল.জে আৰু বিগ বি অমিতাভ বচ্চন অভিনীত ছবি চৌলেৰ প্ৰশংসাত পঞ্চমুখ হয় মাৰ্কিন ৰাষ্ট্ৰপতি ড'নাল্ড ট্ৰাম্প ৷ এনেদেৰ নিজৰ ভাষণত ছবি দুখনৰ বিষয়ে উল্লেখ কৰাৰ পিছতে এতিয়া 1995 চনৰ হিট ছবি ডি.ডি.এল.জেৰ চিকুৱেল বনাবৰ বাবে স্বামীক অনুৰোধ কৰিছে পত্নী গৌৰী খানে ৷
মাৰ্কিন ৰাষ্ট্ৰপতি ড'নাল্ড ভাৰত ভ্ৰমনলৈ আহোতে আহমেদাবাদস্থিত ম'টেৰা ষ্টেডিয়ামত ভাষণ প্ৰদান কৰিছিল ৷ ভাষণ প্ৰসংগত মাৰ্কিন ৰাষ্ট্ৰপতিয়ে ভাৰতৰ ছবি উদ্যোগটোৰ বিষয়ে উল্লেখ কৰে ৷ য'ত তেওঁ 90 দশকৰ ডি.ডি.এল.জে অৰ্থাৎ দিলৱালে দুলহনীয়া লে জায়েংগে ছবিখনৰ যথেষ্ট প্ৰশংসা কৰে ৷
পৃথিৱীৰ শক্তিশালী নেতা এগৰাকীয়ে গৌৰী খানৰ স্বামী অৰ্থাৎ চুপাৰষ্টাৰ শ্বাহৰুখ খানৰ ছবিৰ প্ৰশংসা সন্দৰ্ভত সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত গৌৰীখানে কয় ," তেওঁ, (শ্বাহৰুখ খানে ) ডি.ডি.এল.জেৰ দ্বিতীয় খণ্ড বনাব লাগে ৷ এইটো তেওঁৰ নতুন পৰিকল্পনা হ'ব আৰু মোৰ অনুভৱ তেওঁ এইটো কাম কৰিব ৷ "
ইয়াৰ লগতে ইন্টেৰিয়ৰ ডিজাইনাৰ গৌৰী খানে শ্বাহৰুখ খানৰ এটা গোপন কথা উন্মোচন কৰে ৷ তেওঁ কয়, যদি শ্বাহৰুখ খান বলীউডৰ চুপাৰষ্টাৰ নহ'ল হয় তেতিয়া তেওঁ নিশ্চয় এগৰাকী আৰ্কিটেক্ট হ'ল হয় ৷
লগতে পঢ়কঃ শেখৰ কাপুৰক জাৱেদ আখটাৰে ক'লে,'মিষ্টাৰ ইণ্ডিয়া আপোনাৰ আইডিয়া নাছিল '