চিটাৰা ডেস্ক,২৬আগষ্টঃ ছবিত কাম কৰাৰ সুযোগ দিয়াৰ প্ৰলোভনেৰে একাংশ ছবি নিৰ্মাতা আৰু নিৰ্দেশকে চলোৱা নিৰ্যাতন সন্দৰ্ভত মত প্ৰকাশ কৰিছে অভিনেত্ৰী শমা ছিকন্দৰে। শৰ্মাৰ মতে 'METOO' আন্দোলন চৰ্চালৈ অহাৰ পূৰ্বেই তেওঁ বলীউডত চলি থকা নিৰ্লজ্জ কাণ্ডৰ বিৰুদ্ধে নিজৰ স্থিতি স্পষ্ট কৰি আহিছে । সহ্য কৰিব পৰালৈকে তেওঁ পৰিস্থিতিৰে মোকাবিলাও কৰিছিল বুলি মন্তব্য কৰিছে । সম্প্ৰতি 'METOO' আন্দোলন চৰ্চালৈ অহাত সকলোৱে বলীউড ছবিত কাম কৰিবলৈ গৈ সন্মুখীন হোৱা নিৰ্যাতনৰ বিষয়ে মুকলিকৈ অভিযোগ উত্থাপন কৰিছে । কিন্তু ছবি নিৰ্মাতা আৰু নিৰ্দেশক তথা পৰিচালকৰ শাৰীৰিক আৰু মানসিক নিৰ্যাতনৰ বিৰুদ্ধে থিয় দিয়া প্ৰথম অভিনেত্ৰী বুলি নিজকে দাবী কৰিছে শমা ছিকন্দৰে। এনে পৰিস্থিতিৰ সন্মুখীন হোৱা সকলো অভিনেত্ৰীয়ে বৰ্তমান মুকলিকৈ অভিযোগ উত্থাপন কৰা বাবে সকলোৱে সাহস পাইছে। একতা থাকিলে এনে পৰিস্থিতিৰ সৈতে মোকাবিলা কৰা সহজ হৈ পৰে । লগতে বলীউডত নিজৰ কামৰ জৰিয়তে প্ৰতিষ্ঠা লাভ কৰা একাংশ নিষ্ঠাবান ছবি নিৰ্মাতাও আছে বুলি মত প্ৰকাশ কৰিছে শমাই । সকলো কৰ্মক্ষেত্ৰতে কিছুমান নিকৃষ্ট মানসিকতাৰ মানুহ থাকে । বলীউডত নিষ্ঠাবান ছবি নিৰ্মাতাৰ থকাৰ সমান্তৰালকৈ মহিলাক সদায় বেয়া দৃষ্টিৰে চোৱা মানুহৰো অভাৱ নাই । অভিনেত্ৰীগৰাকীয়ে নিজে এনে নিকৃষ্ট মানসিকতাৰ মানুহৰ সন্মুখীন হ'বলগীয়া হৈছিল বুলি মন্তব্য কৰিছে।
'METOO' আন্দোলনৰ পূৰ্বেই মই যৌন আতিশয্যৰ বিৰুদ্ধে থিয় দিছিলো - নিৰ্যাতন সন্দৰ্ভত মত প্ৰকাশ
'METOO' আন্দোলন চৰ্চালৈ অহাৰ পূৰ্বেই যৌন আতিশয্যৰ বিৰুদ্ধে থিয় দিয়া প্ৰথমগৰাকী অভিনেত্ৰী বুলি নিজকে দাবী কৰিছে মোহময়ী অভিনেত্ৰী শমা ছিকন্দৰে। শেহতীয়াকৈ 'METOO' আন্দোলনৰ পৰিপ্ৰেক্ষিতত বহু অভিনেত্ৰীয়ে একাংশ ছবি নিৰ্মাতা আৰু নিৰ্দেশকে শাৰীৰিক আৰু মানসিক নিৰ্যাতন চলোৱাৰ অভিযোগ উত্থাপন কৰিছে।