ETV Bharat / sitara

ছলমানৰৈ সৈতে বিয়াত বহাৰ খবৰ সন্দৰ্ভত মুখ খুলিলে সোনাক্ষী - উৰাবাতৰিত কি ক’লে সোনাক্ষী সিন্হাই

ছলমান-সোনাক্ষীৰ এখন ভাইৰেল ফটোৱে লগাইছে সামাজিক মাধ্যমত খলকনি (salman sonakshi wedding) ৷ ছলমানে সোনাক্ষীক আঙুঠি পিন্ধাই থকা এই ফটোখনক লৈ সাংঘাতিক চৰ্চা চলিছে অনুৰাগীৰ মাজত ৷ শেহতীয়াকৈ ফটোখন সম্পৰ্কত মুখ খুলিলে সোনাক্ষী সিন্হাই (Sonakshi Sinh statement on fake news) ৷

fake news
ছলমানৰৈ সৈতে বিয়াত বহাৰ খবৰ সন্দৰ্ভত মুখ খুলিলে সোনাক্ষী
author img

By

Published : Mar 5, 2022, 8:51 PM IST

চিটাৰা ডেস্ক, 5 মাৰ্চ : বিগত কেইটামান দিনত ছলমান সোনাক্ষীয়ে মনে মন পতা বিয়াৰ খবৰে বাৰুকৈয়ে চৰ্চা লাভ কৰিছে ৷ অৱশ্যে খবৰটো এনেই জুইৰ দৰে বিয়পি পৰা নাই ৷ এখন ফটোত ছলমান আৰু সোনাক্ষীক সম্পূৰ্ণ সাজ-পোছাকত দেখা গৈছে য’ত ছলমানে সোনাক্ষীক আঙুঠি পিন্ধাই থকা দেখা গৈছে ৷

ফটোখন সম্পৰ্কত অৱশ্যে ইতিমধ্যেই সত্যসত্যতা প্ৰমাণ হৈছে ৷ ফটোখনত প্ৰকৃত চেহেৰা আঁতৰাই বলীউডৰ জনপ্ৰিয় তাৰকা দুজনৰ ফটো লগাই ইন্টাৰনেটত এৰি দিয়া হয় ৷ তাৰ পিছৰে পৰাই দুয়োৰে বিয়াৰ বাতৰিয়ে বাতৰিৰ শিৰোনাম দখল কৰি আছে ৷

এনেকুৱা ঘটনা চেলিব্ৰিটী সকলক লৈ প্ৰায়ে ঘটি থাকে যদিও কেতিয়াবা অতিষ্ঠ হৈ কোনোৱে কোনোৱে এৰাই চলিব নোৱাৰি নিজৰ মত দিবলৈ বাধ্য হৈ পৰে (Sonakshi reacts on fake wedding with Salman) ৷ এইটো ঘটনাতো তেনেকুৱাই হ’ল ৷ ফটোখন মিছা বুলি জনাৰ পিছতো সামাজিক মাধ্যম ব্যৱহাৰকাৰী সকলে শ্বেয়াৰ কৰিবলৈ এৰা নাছিল ফটোখন ৷ অৱশেষত নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিলে সোনাক্ষী সিন্হাই (Sonakshi Sinha statement on fake news) ৷

ফটোখন সঁচা বুলি ভবাসকলক ইতিকিং কৰি সোনাক্ষীয়ে ক’লে, আপোনালোক ইমান অজ্ঞ নে যে এখন প্ৰকৃত ফটো আৰু ফটোশ্বপ কৰা ফটোৰ মাজত পাৰ্থক্য বুজি নেপায়???

ভাইৰেল হোৱা ফটোখন প্ৰকৃততে দক্ষিণৰ এজন অভিনেতা আৰ্যাৰ ৰিং চেৰিমনীৰ ফটো ৷ তামিল আৰু তেলেগু ছবিত অভিনয় কৰা অভিনেত্ৰী সায়েশাৰ সৈতে 2019 চনত বিবাহ পাশত আৱদ্ধ হৈছিল আৰ্যা ৷ সোনাক্ষী সিন্হাই ২০১০ চনত চলমান খানৰ ছবি দাবাং ৰ জৰিয়তে বলীউডত আত্মপ্ৰকাশ কৰিছিল । দাবাংৰ বাহিৰে সোনাক্ষী ছলমানক আন কোনো ছবিত দেখা পোৱা হোৱা নাই ৷

লগতে পঢ়ক: ৰূপালী পৰ্দাত ধামাকা কৰিবলৈ সাজু হৈছে বিজয় দেৱেৰাকোণ্ডা আৰু সামান্থা ৰুথ প্ৰভু

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.