ETV Bharat / sitara

কেনেকৈ অভিনেতা হিচাপে আত্মপ্ৰকাশ কৰিছিল ইণ্টেৰিঅ'ৰ ডিজাইনাৰ সিদ্ধাৰ্থ শুক্লাই ?

author img

By

Published : Sep 2, 2021, 4:43 PM IST

Updated : Sep 2, 2021, 4:50 PM IST

এক হৃদয় বিদাৰক খবৰ ! টেলিভিছন জগত, বলীউডত শোকৰ ছাঁ পেলাই অজান মুলুকলৈ গুছি গ'ল জনপ্ৰিয় অভিনেতা তথা ৰিয়েলিটি শ্ব' বিগ বছ-১৩(Bigg Boss-13)ৰ বিজয়ী সিদ্ধাৰ্থ শুক্লা(Sidharth Shukla) ৷ মাত্ৰ ৪০ বছৰ বয়সত হৃদক্ৰিয়া বন্ধ হৈ মৃত্যু হয় অভিনেতাগৰাকীৰ । সিদ্ধাৰ্থ শুক্লাৰ মৃত্যু শোকবিহ্বল হৈ পৰিছে অজস্ৰ অনুৰাগী ।

Sidharth Shukla passed away
সিদ্ধাৰ্থ শুক্লাৰ অকাল বিয়োগ

চিটাৰা ডেস্ক, ২ ছেপ্টেম্বৰ: জনপ্ৰিয় অভিনেতা তথা ৰিয়েলিটী শ্ব' "বিগ বছ-১৩"(Bigg Boss-13)ৰ বিজয়ী সিদ্ধাৰ্থ শুক্লা(Sidharth Shukla)ৰ মৃত্যুৰ বাতৰিয়ে স্বাভাৱিকতে আচম্বিত কৰিছে সকলোকে । অনুৰাগীৰ বাবে এয়া বিশ্বাস কৰিবলৈও কঠিন হৈছে যে, শেহতীয়াকৈ বিগ বছৰ-১৫ৰ উদ্বোধনী অনুষ্ঠানত অংশ লৈ সকলোকে আপ্লুত কৰা সিদ্ধাৰ্থ শুক্লা আৰু নাই । হৃদক্ৰিয়া বন্ধ হোৱাৰ ফলত মৃত্যু হয় ৪০ বছৰীয়া অভিনেতাগৰাকীৰ । এতিয়া মাথোঁ মুম্বাইৰ কোপাৰ হাস্পতালত মৰ্গত পৰি ৰৈছে জনপ্ৰিয় অভিনেতাগৰাকীৰ নশ্বৰ দেহ ।

সিদ্ধাৰ্থ শুক্লাৰ অকাল বিয়োগ
সিদ্ধাৰ্থ শুক্লাৰ অকাল বিয়োগ

মৰণোত্তৰ পৰীক্ষাৰ বাবে কোপাৰ হাস্পতালত ৰখা হৈছে সিদ্ধাৰ্থ শুক্লাৰ মৃতদেহ । মুম্বাই আৰক্ষী, সিদ্ধাৰ্থৰ ভগ্নী আৰু ভাতৃৰ লগতে পৰিয়ালৰ লোকে হাস্পতালতে অপেক্ষা কৰি আছে । অভিনেতাগৰাকীৰ মৃত্যুৰ বাতৰিয়ে টেলিভিছন জগত আৰু বলীউডত শোকৰ ছাঁ পেলাইছে । শোক প্ৰকাশ কৰিছে হাজাৰ হাজাৰ অনুৰাগীয়ে ।

সিদ্ধাৰ্থ শুক্লাৰ অকাল বিয়োগ
সিদ্ধাৰ্থ শুক্লাৰ অকাল বিয়োগ

ইণ্টেৰিঅ'ৰ ডিজাইনাৰ হিচাপে কৰ্মজীৱনৰ পাতনি মেলা সিদ্ধাৰ্থে অভিনয়ৰে হৃদয় জিনিছিল অজস্ৰ অনুৰাগীৰ । ২০০৫ চনত গ্লেডৰেগছ মেনহান্টে(Gladrags manhunt) সিদ্ধাৰ্থ শুক্লাক বিশ্বৰ শ্ৰেষ্ঠ মডেলৰ বঁটা প্ৰদান কৰিছিল । টেলিভিছনৰ ধাৰাবাহিক 'বালিকা বধু'ৰ জৰিয়তে জনপ্ৰিয় হোৱাৰ পাছত ২০১২ চনত তেওঁ গোল্ডেন পেটেল বঁটা(Golden petal Award)ও লাভ কৰিছিল ।

'বালিকা বধু'ত কৰা অভিনয়ৰ বাবে সিদ্ধাৰ্থক ২০১৩ চনত শ্ৰেষ্ঠ অভিনেতাৰ বঁটা প্ৰদান কৰা হৈছিল । আকৰ্ষণীয় উচ্চতা, শাৰীৰিক গঠন, সুন্দৰ ব্যক্তিত্বৰ বাবে অতি কম সময়ৰ ভিতৰতে জনপ্ৰিয় হৈ পৰিছিল । সিদ্ধাৰ্থে কেইবাখনো ধাৰাবাহিকত কাম কৰাৰ উপৰিও আৰু ৱেব শ্ব'ত কাম কৰিছিল ।

অভিনয় জগতত খোজ পেলোৱাৰ পূৰ্বে কি কৰিছিল সিদ্ধাৰ্থ শুক্লাই ?

১৯৮০ চনৰ ১২ ডিচেম্বৰত মুম্বাইত জন্মগ্ৰহণ কৰিছিল সিদ্ধাৰ্থ শুক্লাই । মডেলিং কৰাৰ পূৰ্বে সিদ্ধাৰ্থে ইণ্টেৰিঅ'ৰ ডিজাইনাৰ হিচাপে কাম কৰিছিল । টেলিভিছনৰ ধাৰাবাহিকত অভিনয় কৰাৰ আগতে তেওঁ বহু ঠাইত মডেলিং কৰিছিল । সিদ্ধাৰ্থে ২০০৮ চনত টেলিভিছনৰ ধাৰাবাহিক 'বাবুল কা আংগন ছুটে না'ৰ জৰিয়তে অভিনয় জীৱনৰ আৰম্ভণি কৰিছিল । এই ধাৰাবাহিকখনৰ জৰিয়তে তেওঁ দৰ্শকৰ সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছিল ।

সিদ্ধাৰ্থ শুক্লাই কি কি শ্ব'ত কাম কৰিছিল ?

সিদ্ধাৰ্থে ২০০৯ চনত টিভি ধাৰাবাহিক 'জানে পেহছানে ছে...ইয়ে আজনৱী', ২০১০ চনত 'আহট', ২০১১ চনত 'লাভ ইউ জিন্দেগী' আৰু 'চি আই ডি'ত অভিনয় কৰিছিল । তাৰ পিছত তেওঁক জনপ্ৰিয় ধাৰাবাহিক 'বালিকা বধু'ত দেখা পোৱা গৈছিল । ২০১২-১৫ চনলৈ তেওঁ 'বালিকা বধু'ত অভিনয় কৰিছিল । সিদ্ধাৰ্থে এই ধাৰাবাহিকখনৰ জৰিয়তে প্ৰায় প্ৰতিখন ঘৰৰে চিনাকী মুখ হৈ পৰিছিল ।

২০১৫ চনত 'হাম্পটি শৰ্মা কী দুলহনিয়া' ছবিৰ বাবে সিদ্ধাৰ্থে ষ্টাৰডাষ্ট বঁটা লাভ কৰিবলৈ সক্ষম হৈছিল । 'সাৱধান ইণ্ডিয়া', 'ইণ্ডিয়াজ গট টেলেণ্ট'তো সিদ্ধাৰ্থক দেখা পোৱা গৈছিল । ২০১৭ চনত, তেওঁ টেলিভিছন ধাৰাবাহিক 'দিল চে দিল টক'ত অভিনয় কৰিছিল আৰু এই ধাৰাবাহিকখনতে তেওঁ ৰশ্মি দেশাইক লগ পাইছিল । ধাৰাবাহিকখন যথেষ্ট হিট হৈছিল আৰু সিদ্ধাৰ্থ আৰু ৰশ্মিৰ সম্পৰ্কক বিষয়ে চৰ্চা আৰম্ভ হৈছিল ।

বিগ বছত ৰশ্মিৰ সৈতে সিদ্ধাৰ্থৰ পুনৰ সাক্ষাৎঃ

২০১৯ চনত সিদ্ধাৰ্থ শুক্লাই জনপ্ৰিয় ৰিয়েলিটী শ্ব' "বিগ বছ"ৰ চিজন 13ত অংশগ্ৰহণ কৰিছিল । ৰিয়েলিটী শ্ব'টোৰ আঁত ধৰিছিল বলীউড ছুপাৰষ্টাৰ ছলমান খানে । এই শ্ব'টোতে সিদ্ধাৰ্থে ৰশ্মি দেশাইক পুনৰ লগ পাইছিল । কিন্তু সিদ্ধাৰ্থ আৰু ৰশ্মিৰ সম্পৰ্ক তিক্ততাৰে ভৰি পৰিছিল ।

বিগ বছত বেছিভাগ সময়ত সিদ্ধাৰ্থ আৰু ৰশ্মিৰ মাজত কাজিয়া হোৱা দেখা গৈছিল । আনকি তৰ্তাতৰ্কিয়ে হতাহতিৰ পৰ্যায় পাইছিলগৈ । যি কি নহওক, অৱশেষত সিদ্ধাৰ্থে বিগ বছ-১৩ৰ বিজয়ীৰ খিতাপ জয় কৰে ।

সিদ্ধাৰ্থ শুক্লাৰ অকাল বিয়োগ
সিদ্ধাৰ্থ শুক্লাৰ অকাল বিয়োগ

পৰিয়ালৰ আন লোকতকৈ মাতৃৰ সৈতে সিদ্ধাৰ্থৰ সম্পৰ্ক অধিক শক্তিশালী আছিল । কাৰণ তেওঁ কম বয়সতে পিতৃক হেৰুৱাইছিল । সিদ্ধাৰ্থৰ পিতৃ এগৰাকী অসামৰিক অভিযন্তা আছিল । বিগ বছ চলি থকা সময়ত সিদ্ধাৰ্থৰ মাতৃয়ে তেওঁক সাক্ষাৎ কৰিবলৈও আহিছিল ।

শোকস্তব্ধ টেলিভিছন জগতঃ

ছবি আৰু টেলিভিছন জগতৰে জড়িত সকলোকে মৰ্মাহত কৰিছে সিদ্ধাৰ্থ শুক্লাৰ মৃত্যুৰ বাতৰিয়ে । অভিনেতা মনোজ বাজপেয়ীৰ পৰা আৰম্ভ কৰি কৌতুক অভিনেতা সুনীল গ্ৰোভাৰলৈকে বহু অভিনেতা-অভিনেত্ৰীয়ে তেওঁৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছে । আনহাতে, জনপ্ৰিয় কৌতুক অভিনেতা কপিল শৰ্মাই সিদ্ধাৰ্থ শুক্লাৰ মৃত্যুক হৃদয় বিদাৰক বাতৰি বুলি কৈ শোক প্ৰকাশ কৰিছে ।

লগতে পঢ়ক:Bigg Boss 13 ৰ বিজেতা সিদ্ধাৰ্থ শুক্লা আৰু নাই...

Last Updated : Sep 2, 2021, 4:50 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.