ETV Bharat / state

১০০ কোটিৰ ভাইৰেল ফটোৱে কঁপাইছে নামনি অসম - Investment Scam in Assam

Investment scam in Baksa : আজিৰ পৰা কেইবাবছৰ পূৰ্বে গ্ৰাহকে এগৰাকী মহিলাৰ ওচৰত জমা থৈছিল ধন । দুগুণ লাভৰ আশাত জমা থোৱা ধন এতিয়া ঘূৰাই পাব নে নাপাব তাকে লৈ হাহাকাৰ লাগিছে ৮ হাজাৰ গ্ৰাহকৰ । কোটি কোটি টকাৰ মাজত বহি থকা এখন ফটো ভাইৰেল হোৱাৰ পিছত সকলোৰে চকু কপালত উঠিছে।

Online Investment Scam in Baska
ভুৱা অনলাইন ট্ৰেডিঙৰে প্ৰৱঞ্চনা (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : Sep 9, 2024, 3:32 PM IST

বাক্সা, ৯ ছেপ্টেম্বৰ : ৰাজ্যত এটা এটাকৈ দৈনিক ওলায়েই আছে ভুৱা অনলাইন ট্ৰেডিঙৰ জড়িয়তে কৰা প্ৰৱঞ্চনাৰ ঘটনা । বিশাল ফুকন আৰু চুমী বৰাৰ পিছত এইবাৰ জমা ধন দুগুণ কৰি দিয়াৰ প্ৰৱঞ্চনাকাণ্ডই জোকাৰিছে নামনি অসমৰ বাক্সা জিলাৰ মুছলপুৰ ।

ভুৱা অনলাইন ট্ৰেডিঙেৰে প্ৰৱঞ্চনা (ETV Bharat Assam)

কম সময়ত সহজে অধিক লাভৰ আশাত প্ৰায় আঠ হাজাৰ গ্ৰাহকে মুছলপুৰৰ এগৰাকী মহিলাৰ ওচৰত কোটি কোটি টকা জমা কৰাৰ পিছত এতিযা মহিলাগৰাকীক বিচাৰি হাবাথুৰি খাইছে প্ৰতাৰিত লোকসকলে । লগতে ভাইৰেল হৈ পৰিছে মহিলাগৰাকীৰ এখন বিশেষ ফটো ৷ যিখন ফটোৱে কি হাৰত মহিলাগৰাকীয়ে ধন সংগ্ৰহ কৰিছিল সেয়া সহজেই অনুমান কৰিব পাৰি ।

কোটি কোটি টকা সংগ্ৰহ কৰি পলাতক অৱস্থাত থকা মহিলাগৰাকী হৈছে মাইনাও ব্ৰহ্ম ৷ এই মহিলাগৰাকীয়ে গ্ৰাহকৰ জমা ধনৰ অধিক লাভ দিয়াৰ প্ৰলোভন দেখুৱাই প্ৰায় এশ কোটি টকা লুণ্ঠন কৰাৰ অভিযোগ উত্থাপিত হৈছে । চুমী-তাৰ্কিক বৰাৰ দৰে এতিয়া প্ৰায় এশ কোটি টকা লুটি পলাতক অৱস্থাত আছে মাইনাও ব্ৰহ্ম ৷ ফলত মুছলপুৰ অঞ্চলৰ আঠ হাজাৰ গ্ৰাহকৰ মাজত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে ৷

শেষত উপায়ন্তৰ হৈ একাংশ গ্ৰাহকে দেওবাৰৰ নিশা বাক্সাৰ সদৰ মুছলপুৰ আৰক্ষী থানাত প্ৰৱঞ্চক মাইনাও ব্ৰহ্মৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰে ৷ গ্ৰাহকসকলে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ হস্তক্ষেপ বিচাৰি তেওঁলোকৰ কোটি কোটি টকা জমা ধন আদায় কৰি দিবলৈ বাক্সা আৰক্ষীক অনুৰোধ জনায় ।

থানাত গোচৰ দাখিল কৰি প্ৰৱঞ্চিত লোকসকলে অভিযোগ কৰি কয়," মাইনাও ব্ৰহ্মই জমা ৰখা ধনৰ বাবে গ্ৰাহকসকলক বেংকৰ ভুৱা চেকপাত দিয়াৰ লগতে দলিলত চহী কৰি বিশ্বাস দিয়েই দীৰ্ঘদিন ধৰি আভুৱা ভাৰি আহিছিল ।"

  • কোন এই মাইনাও ব্ৰহ্ম ?

মুছলপুৰ চহৰত এখন পাণ-তামোলৰ দোকানীৰূপে পৰিচিত আছিল মাইনাও ব্ৰহ্ম ৷ এসময়ৰ এই ক্ষুদ্ৰ ব্যৱসায়ীগৰাকীয়ে আজি গ্ৰাহকক প্ৰৱঞ্চনা কৰি কোটি কোটি টকা আত্মসাৎ কৰি এটা বৃহৎ অট্টালিকা নিৰ্মাণ কৰাৰ তথ্যও এজাহাৰকাৰীসকলে উল্লেখ কৰিছে ৷ তদুপৰি বিভিন্ন অঞ্চলত মূল্যৱান মাটি ক্ৰয় কৰাৰ তথ্য পোহৰলৈ আনিছে অভিযোগকাৰী সকলে ৷

মুছলপুৰ থানাত গোচৰ দাখিলৰ পিছত নিজৰ টকা বিচাৰি হাহাকাৰ কৰা লোকসকলে অভিযোগ কৰি কয়,"কোটি কোটি টকা লুটি আত্মগোপন কৰা মাইনাও ব্ৰহ্মৰ স্বামীয়ে এতিয়া যাপন কৰিছে বিলাসী জীৱন ৷ পত্নীৰ প্ৰৱঞ্চনাৰ ধনেৰে ধনী হোৱা স্বামী সমীন স্বৰ্গীয়াৰীৰ আছে কেইবাখনো বিলাসী গাড়ী ।" সহজ ধনৰ লোভত নিজৰ ধন মাইনাওৰ হাতত জমা দি প্ৰৱঞ্চনাৰ বলি হোৱা গ্ৰাহকসকলে এতিয়া হাহাকাৰ কৰিছে ধন ওভোতাই পাবলৈ ।"

লগতে পঢ়ক:বিশাল ফুকনৰ কাৰ্যালয়ৰ ইণ্টেৰিয়’ৰ ডিজাইন কৰি জেৰাৰ সন্মুখীন কৰিশ্মা কাকতি - Bishal Phukan Investment Scam

আৰক্ষীয়েই জনা নাছিল, মই কেনেকৈ জানিম : জুবেইৰ আনম মজুমদাৰ - Investment Scam in Assam

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.