ETV Bharat / entertainment

শিল্পীয়ে সদায় গীত শিকিব লাগে : পুলক বেনাৰ্জী - Pulak Banerjee interview

author img

By ETV Bharat Entertainment Team

Published : Sep 9, 2024, 4:24 PM IST

Updated : Sep 9, 2024, 4:29 PM IST

Pulak Banerjee : একাংশ শিল্পীয়ে সংগীতক ব্যৱসায় হিচাপে লৈছে নেকি ? বৰ্তমানৰ কণ্ঠশিল্পীসকলে সংগীতৰ ৭ টা স্বৰৰ ভিতৰত থাকিয়েই গীত গাই নে ? তাহানিৰ সংগীত আৰু এতিয়াৰ সংগীতৰ মাজত ইত্যাদি বিভিন্ন কথাৰ আলোচনাৰে বিশিষ্ট সংগীত শিল্পী পুলক বেনাৰ্জীৰ সৈতে এই বিশেষ সাক্ষাৎকাৰ আপোনালোকৰ বাবে-

etv  bharat  special  interview  with  veteran  singer  pulak  banerjee
পুলক বেনাৰ্জী (ETV Bharat Assam)

গুৱাহাটী, 9 ছেপ্টেম্বৰ : ফুলৰে মেলাতে পখীয়ে গীত গায়, পাৰ হৈ গ'ল ধুমুহা এজাক...আদিকে ধৰি একাধিক গীতত কণ্ঠদান কৰা চিৰসেউজ শিল্পী পুলক বেনাৰ্জী । শ্ৰব্য কেছেট ‘সোঁৱৰণি’ৰ জৰিয়তে জনপ্ৰিয়তা অৰ্জন কৰা শিল্পীগৰাকীয়ে বিগত পাঁচটা দশকজুৰি অসংখ্য গীতত কণ্ঠদান কৰিছে । দৰদী শিল্পীগৰাকীয়ে ই টিভি ভাৰতৰ সৈতে হোৱা এক সাক্ষাৎকাৰত জনালে তেওঁৰ বিষয়ে নজনা বহু কথা ।

পুলক বেনাৰ্জীৰে বিশেষ সাক্ষাৎকাৰ (ETV Bharat Assam)

দৰদী শিল্পীগৰাকীৰ সংগীতৰ এই যাত্ৰাৰ আৰম্ভণি কেনেদৰে হৈছিল ?

এই সন্দৰ্ভত শিল্পীগৰাকীয়ে কয়, “আৰম্ভণি মোৰ পৰিয়ালৰ পৰাই হৈছিল । মোৰ মা আৰু ডাঙৰ বাইদেৱে মোক সংগীতৰ শিক্ষা দিয়ে ৷ তেওঁলোকৰ দুগৰাকীৰ চেষ্টাতে মই সংগীতজগতত এতিয়াও বৰ্তি আছো । ঘৰত এটা সুন্দৰ পৰিৱেশ আছিল, এটা সাংগিতিক নিয়মানুৱৰ্তিতা আছিল । আৰু সেয়াই লৈ মই সৰুৰে পৰা এনেদৰে সংগীতক্ষেত্ৰৰ লগত জড়িত হৈ পৰিলো ।”

বৰ্তমানৰ কণ্ঠশিল্পীসকলে সংগীতৰ 7 টা স্বৰৰ ভিতৰত থাকিয়েই গীত গাই নে ?

সা, ৰে, গা, মা, পা, ধা, নি, সা সংগীতৰ এই 7 টা স্বৰ । বৰ্তমানৰ যিসকল নৱপ্ৰজন্মৰ গায়ক গায়িকা আহিছে তেওঁলোকে এই 7 টা স্বৰৰ ভিতৰতে থাকি গীত গাই নে ? এই সন্দৰ্ভত কণ্ঠশিল্পীগৰাকীয়ে কয়, “গীত শিকা আৰু গীত শুনি উঠা দুটা বেলেগ শব্দ । শিল্পীয়ে সদায় গীত শিকিব লাগে । গীত শিকিলে তেতিয়া আমি গীতৰ মৰ্মটো বুজি পাওঁ, সংগীত কি বস্তু , তেতিয়াহে সংগীতৰ আধাৰটো আমাৰ মন মগজুত সোমাব । সংগীতক মানুহে পূজা কৰিব লাগে, সংগীতক পূজা কৰিলেহে ঈশ্বৰে আশীৰ্বাদ দিব ।”

গীততকৈ এতিয়া বাদ্যযন্ত্ৰৰ শব্দ বেছি

তাহানিৰ সংগীত আৰু এতিয়াৰ সংগীতৰ মাজত সুৰৰ পৰা আৰম্ভ কৰি বহুত পার্থক্য আছে । এই সন্দৰ্ভত শিল্পীগৰাকীয়ে কয়, “মই আজিকালি গান বাজানা বুলি নকওঁ, আজি কালি বাজানা গান বুলি কওঁ । গায়কৰ গীততকৈ বাজানাৰ শব্দ বেছি হয় । মই এইক্ষেত্ৰত ভাবো, গায়কৰ নিজৰ ওপৰত আত্মবিশ্বাস নাই গতিকে বাদ্যযন্ত্ৰ সহযোগেৰে তাক ওপৰলৈ উঠাই নি এজন শিল্পীয়ে সংগীত পৰিবেশন কৰে ।”

লগতে পঢ়ক : “গুণ গুণ কথা মৰমৰ” ধাৰাবাহিকৰ অভিনেতা অনিৰ্বাণ কলিতাৰ জীৱনত এভুমুকি - Anirban kalita Gungun Kotha Moromor

Last Updated : Sep 9, 2024, 4:29 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.