ETV Bharat / bharat

অভয়াকাণ্ড: ভুক্তভোগী চিকিৎসকৰ ফটো সামাজিক-বৈদ্যুতিন মাধ্যমৰ পৰা আঁতৰোৱাৰ নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ - R G Kar Medical college rape case - R G KAR MEDICAL COLLEGE RAPE CASE

Kolkata murder case: যোৱা মাহত কলকাতাৰ আৰ জি কৰ মেডিকেল কলেজত এগৰাকী প্ৰশিক্ষাৰ্থী চিকিৎসকৰ ধৰ্ষণ আৰু হত্যাৰ অভিযোগ উত্থাপন হোৱা ঘটনা সন্দৰ্ভত উচ্চতম ন্য়ায়ালয়ত শুনানি ৷ কনিষ্ঠ চিকিৎসকগৰাকীৰ সকলো ফটো আঁতৰোৱাটো নিশ্চিত কৰিবলৈ সোমবাৰে উচ্চতম ন্যায়ালয়ে কৰ্তৃপক্ষক নিৰ্দেশ দিয়ে, যিটো কাণ্ডই সমগ্ৰ দেশতে প্ৰতিবাদৰ সূচনা কৰিছিল । উচ্চতম ন্যায়ালয়ে প্ৰতিবাদকাৰী চিকিৎসকসকলক মঙলবাৰে বিয়লি ৫ বজাৰ ভিতৰত পুনৰ কাম আৰম্ভ কৰিবলৈ নিৰ্দেশ দিয়ে আৰু তেওঁলোকৰ বিৰুদ্ধে কোনো শাস্তিমূলক ব্যৱস্থা গ্ৰহণ কৰা নহ’ব বুলি আশ্বাস দিয়ে ।

Kolkata Murder Case
ভুক্তভোগী চিকিৎসকৰ ফটো সামাজিক-বৈদ্যুতিন মাধ্যমৰ পৰা আঁতৰোৱাৰ নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : Sep 9, 2024, 4:08 PM IST

নিউজ ডেস্ক, 9 ছেপ্টেম্বৰ: সমগ্ৰ দেশ কঁপোৱা কলকতাৰ আৰ জি কৰ মেডিকেল কলেজৰ এগৰাকী কনিষ্ঠ চিকিৎকৰ ধৰ্ষণ আৰু হত্যাৰ গোচৰত গুৰুত্বপূৰ্ণ নিৰ্দেশনা দিছে উচ্চতম ন্যায়ালয়ে ৷ অভয়াকাণ্ডৰ তদন্ত অব্যাহত থকা বুলি উল্লেখ কৰি উচ্চতম ন্যায়ালয়ে চি বি আইক ইয়াৰ তদন্তৰ শেহতীয়া প্ৰতিবেদন দাখিল কৰিবলৈ নিৰ্দেশ দিছে ৷ লগতে সামাজিক মাধ্যম আৰু বৈদ্যুতিন মাধ্যমৰ পৰা ভুক্তভোগীগৰাকীৰ নাম আৰু ফটোগ্ৰাফ আঁতৰাবলৈও কঠোৰ নিৰ্দেশ দিয়ে সৰ্বোচ্চ ন্য়ায়ালয়ে ৷

ইফালে এই ঘটনাৰ বিৰুদ্ধে প্ৰতিবাদ জনাই কৰ্মবিৰতিত থকা চিকিৎসকসকলক মঙলবাৰে বিয়লি 5 বজাৰ ভিতৰত চাকৰিত যোগদান কৰিবলৈ নিৰ্দেশ দিয়ে ৷ চিকিৎসকসকল কৰ্মক্ষেত্ৰলৈ উভতি আহিলে তেওঁলোকৰ বিৰুদ্ধে কোনো শাস্তিমূলক ব্যৱস্থা, শাস্তিমূলক বদলিৰ সিদ্ধান্ত লোৱা নহয় বুলি পশ্চিম বংগ চৰকাৰে সৰ্বোচ্চ ন্য়ায়ালয়ক নিশ্চয়তা প্ৰদান কৰাৰ পিছতেই আদালতে এই নিৰ্দেশনা দিয়ে ৷

কলকাতাৰ আৰ জি কৰ মেডিকেল কলেজ এণ্ড হস্পিতালত স্নাতকোত্তৰ শাখাত অধ্যয়নৰত এগৰাকী চিকিৎসকৰ ধৰ্ষণ আৰু হত্যাৰ সৈতে জড়িত ছুঅ’ ম’ট’ গোচৰৰ শুনানি আৰম্ভ কৰাৰ পিছতে এই নিৰ্দেশনা দিয়ে আদালতে ।

মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়ৰ নেতৃত্বত এখন বিচাৰপীঠে মন্তব্য কৰে যে ভুক্তভোগীৰ মৰ্যাদা আৰু গোপনীয়তা ৰক্ষা কৰাটো গুৰুত্বপূৰ্ণ । ইয়াৰ উপৰিও চিকিৎসক আৰু চিকিৎসা কৰ্মীৰ সুৰক্ষাৰ বাবে শীঘ্ৰে পদক্ষেপ ল’বলৈ পশ্চিম বংগক নিৰ্দেশ দিয়ে । "যদি চিকিৎসালয়সমূহত ৪৪৪৭ টা চি চি টিভি কেমেৰা স্থাপন কৰা আছিল, তেন্তে এই ঘটনা কেনেকৈ সংঘটিত হ'ল ?" চি জে আয়ে প্ৰশ্ন কৰে ।

তেওঁ চিকিৎসক সন্থাক কয় যে তেওঁলোকে পুনৰ কামলৈ আহিব লাগিব । "যুৱ চিকিৎসকসকলে কামলৈ ঘূৰি আহি নিজৰ ৰোগীক যত্ন ল'ব লাগিব...ৰাজ্য চৰকাৰে সুৰক্ষা প্ৰদান কৰিব ।" চি জে আয়ে কয় । আদালতে ১৭ ছেপ্টেম্বৰত ছুঅ’ ম’ট’ গোচৰৰ পৰৱৰ্তী শুনানি গ্ৰহণ কৰিব ।

ইয়াৰ পূৰ্বে শুনানি পুনৰ আৰম্ভ হোৱাৰ সময়ত চি বি আইক প্ৰতিনিধিত্ব কৰা ছ’লিচিটৰ জেনেৰেল তুষাৰ মেহতাই উচ্চতম ন্যায়ালয়ত কয় যে তদন্তকাৰী সংস্থাটোৱে এইমছলৈ ফৰেনছিক নমুনা প্ৰেৰণ কৰাৰ সিদ্ধান্ত লৈছে ।

‘‘আমাৰ হাতত ফৰেনছিক পৰীক্ষাৰ প্ৰতিবেদন আছে আৰু এটা কথা প্ৰমাণ কৰা হৈছে যে ভুক্তভোগী যুৱতীগৰাকীক অৰ্ধনগ্ন অৱস্থাত উদ্ধাৰ কৰা হৈছিল আৰু তেওঁৰ শৰীৰত আঘাতৰ চিন আছিল । ৰাজ্যিক কৰ্তৃপক্ষই নমুনাবোৰ লৈ পশ্চিম বংগৰ কেন্দ্ৰীয় ফৰেনছিক লেবলৈ প্ৰেৰণ কৰিছিল...চি বি আয়ে এই নমুনা এইমছলৈ প্ৰেৰণ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ।’’-মেহতাই কয়

ভুক্তভোগীৰ অস্বাভাৱিক মৃত্যুৰ সঠিক সময় সন্দৰ্ভত পশ্চিম বংগ চৰকাৰৰ পৰা স্পষ্টীকৰণ বিচাৰিছিল আদালতে । বংগ চৰকাৰক প্ৰতিনিধিত্ব কৰি জ্যেষ্ঠ অধিবক্তা কপিল ছিবালে কয় যে মৃত্যুৰ প্ৰমাণ পত্ৰ দুপৰীয়া ১:৪৭ বজাত দিয়া হৈছিল আৰু অস্বাভাৱিক মৃত্যুৰ তথ্য থানাত দুপৰীয়া ২:৫৫ বজাত পঞ্জীয়ন কৰা হৈছিল ৷

ছিবালে মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়ৰ নেতৃত্বত গঠিত বিচাৰপীঠৰ সন্মুখত ৰাজ্যৰ স্বাস্থ্য বিভাগে প্ৰদান কৰা ষ্টেটাছ ৰিপ’ৰ্ট দাখিল কৰে । মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়, ন্যায়াধীশ জে বি পাৰ্দিৱালা আৰু মনোজ মিশ্ৰক লৈ গঠিত বিচাৰপীঠত ছিবালে কয়, "এটা ষ্টেটাছ ৰিপ’ৰ্ট দাখিল কৰা হৈছে । ৰাজ্যৰ স্বাস্থ্য বিভাগে ৰিপ’ৰ্ট দাখিল কৰিছে । চিকিৎসকৰ ধৰ্মঘটৰ বাবে ২৩ জন লোকৰ মৃত্যু হৈছে ।"

ৰাজ্য আৰু চি বি আয়ে দাখিল কৰা ষ্টেটাছ ৰিপ’ৰ্ট পৰীক্ষা কৰি উচ্চতম ন্যায়ালয়ে কয় যে কেন্দ্ৰীয় তদন্ত সংস্থাৰ ষ্টেটাছ ৰিপ’ৰ্টে তদন্ত চলি থকাৰ ইংগিত দিয়ে, আৰু তেওঁলোকক এই বিষয়ত নতুন ষ্টেটাছ ৰিপ’ৰ্ট দাখিল কৰিবলৈ নিৰ্দেশ দিয়ে ।

উচ্চতম ন্যায়ালয়ৰ বিচাৰপীঠে মন্তব্য কৰে, "আমি চি বি আইক এই বিষয়ত নতুনকৈ ষ্টেটাছ ৰিপৰ্ট দাখিল কৰিবলৈ নিৰ্দেশ দিছো । আমি মঙলবাৰে ইয়াক পৰ্যালোচনা কৰিম...চি বি আয়ে তদন্ত চম্ভালি আছে, আৰু আমি তেওঁলোকক তেওঁলোকৰ কামত নিৰ্দেশনা দিব নিবিচাৰো ।"

উচ্চতম ন্যায়ালয়ে তালাচী আৰু জব্দ প্ৰক্ৰিয়াৰ চি চি টিভি ফুটেজ চি বি আইক গতাই দিয়া হৈছে নে নাই সেই সন্দৰ্ভতো স্পষ্টীকৰণ বিচাৰিছে । সংস্থাটোৱে কয় যে ধৰ্ষণ আৰু হত্যাৰ গোচৰত প্ৰথম পাঁচ ঘণ্টা গুৰুত্বপূৰ্ণ আৰু পাঁচ দিনৰ পিছত যদি তেওঁলোকে তদন্তত প্ৰৱেশ কৰে তেন্তে সেয়া এক প্ৰত্যাহ্বান ।

চি চি টিভিৰ ফুটেজৰ উদ্ধৃতি দি উচ্চতম ন্যায়ালয়ে প্ৰশ্ন কৰে- ‘‘ধৰ্ষণ আৰু হত্যাৰ গোচৰৰ অভিযুক্তৰ বাহিৰে আৰু কোনে চেমিনাৰ হলত ​​প্ৰৱেশ কৰিছিল ?" চি চি টিভিৰ ফুটেজ পৰীক্ষাৰ ওপৰত গুৰুত্ব আৰোপ কৰি আদালতে লগতে কয়, “চি বি আইৰ তদন্তৰ সময়ত এই দিশটো পৰীক্ষা কৰা হ’ব ।’’

মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰাৰ সময়ত পশ্চিম বংগ চৰকাৰক এই চালান সন্দৰ্ভত প্ৰশ্ন কৰে উচ্চতম ন্যায়ালয়ে । চি জে আয়ে কয় যে যেতিয়া তদন্তৰ পিছত মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হয়, তেতিয়া চিকিৎসকে চাবলগীয়া কিবা এটা থাকিব লাগিব । তেওঁ জোৰ দি কয় যে চালানটো চোৱাটো গুৰুত্বপূৰ্ণ, কাৰণ ইয়াত এটা বিষয় আছে, য’ত মৃতদেহৰ সৈতে কি কাপোৰ আৰু সামগ্ৰী পঠোৱা হৈছিল আদালতে ইয়াক চাব বিচাৰে ।

ইয়াৰ লগে লগে পশ্চিম বংগ চৰকাৰে এই চালানক অভিলেখত আনিবলৈ সময় বিচাৰিলে । বিচাৰপীঠে মন্তব্য কৰে যে পশ্চিম বংগ চৰকাৰে চালান নোহোৱা হ’লে বুজাব লাগিব । উচ্চতম ন্যায়ালয়ে এফআইআৰ দাখিল কৰাত কমেও ১৪ ঘণ্টা পলম হোৱা বুলিও উল্লেখ কৰে ।

চিকিৎসা কৰ্মচাৰীৰ নিৰাপত্তাৰ সন্দৰ্ভত বিচাৰপীঠে প্ৰশ্ন কৰে, "চিকিৎসক, নাৰ্ছ, পেৰামেডিকেল কৰ্মচাৰীৰ নিৰাপত্তাৰ বাবে ইয়াৰ দ্বাৰা কি পদক্ষেপ গ্ৰহণ কৰা হৈছে ?" ইয়াত নিৰ্দেশ দিয়া হৈছিল যে চি আই এছ এফৰ প্ৰয়োজনীয় সকলো ৰিকুইজিচন আৰু ছিকিউৰিটি গেজেট আজিয়েই তেওঁলোকৰ হাতত গতাই দিয়া উচিত ।

উচ্চতম ন্যায়ালয়ে পশ্চিম বংগ চৰকাৰক চিকিৎসক আৰু চিকিৎসা কৰ্মীৰ সুৰক্ষাৰ বাবে অনতিপলমে পদক্ষেপ ল’বলৈ নিৰ্দেশ দিয়ে । "যদি চিকিৎসালয়সমূহত ৪,৪৪৭ টা চি চি টিভি কেমেৰা স্থাপন কৰা আছিল, তেন্তে এই ঘটনা কেনেকৈ সংঘটিত হ'ল ?" চি জে আয়ে প্ৰশ্ন কৰে । গোচৰৰ শুনানি চলি আছে ।

ইয়াৰ পূৰ্বে শীৰ্ষ আদালতে চিকিৎসক আৰু অন্যান্য স্বাস্থ্যসেৱা পেছাদাৰীসকলৰ সুৰক্ষা আৰু নিৰাপত্তা নিশ্চিত কৰাৰ বাবে প্ৰট’কল প্ৰস্তুত কৰিবলৈ ১০ জনীয়া ৰাষ্ট্ৰীয় টাস্ক ফ’ৰ্চ গঠন কৰিছিল । এই কাণ্ডক ‘ভয়ংকৰ’ বুলি অভিহিত কৰি উচ্চতম ন্যায়ালয়ে এফ আই আৰ দাখিল কৰাত পলম হোৱা আৰু হাজাৰ হাজাৰ লোকক ৰাজ্যৰ শান্তি ভংগ কৰিবলৈ দিয়াৰ বাবে ৰাজ্য চৰকাৰৰ ওপৰত ক্ষোভ প্ৰকাশ কৰে ।

আৰ জি কৰ হাস্পতালত ধৰ্ষণ কৰি হত্যা কৰা মহিলা চিকিৎসকগৰাকীৰ অস্বাভাৱিক মৃত্যুৰ পঞ্জীয়নত পলম হোৱাৰ বাবে যোৱা ২২ আগষ্টত উচ্চতম ন্যায়ালয়ে কলকাতা আৰক্ষীক তীক্ষ্ণ সমালোচনা কৰিছিল ৷ লগতে ইয়াক “অত্যন্ত বিৰক্তিকৰ” বুলি অভিহিত কৰিছিল আৰু পৰিঘটনাৰ ক্ৰম তথা ইয়াৰ পদ্ধতিগত আনুষ্ঠানিকতাৰ সময়ক লৈ প্ৰশ্ন উত্থাপন কৰিছিল ।

লগতে পঢ়ক: আৰ জি কৰ বিত্তীয় অনিয়মৰ গোচৰ : প্ৰাক্তন অধ্যক্ষৰ বাসগৃহত ইডিৰ অভিযান - RG Kar Medical College row

আদালতৰ বাহিৰত সন্দীপ ঘোষক কোনে শোধালে চৰ ! - Sandip Ghosh Sent to Police Custody

পশ্চিমবংগৰ ধৰ্ষণ-হত্যাৰ ঘটনাৰ ন্যায়ৰ দাবীত শিক্ষাৰ্থীৰ প্ৰতিবাদ - Students protest in lakhimpur

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.