ৰহস্যজনক অৱস্থাত পুখুৰীত উদ্ধাৰ মহিলাৰ মৃতদেহ - Deadbody recover in Morigaon - DEADBODY RECOVER IN MORIGAON
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/09-09-2024/640-480-22411418-thumbnail-16x9-nalbari.jpg)
![ETV Bharat Assamese Team](https://etvbharatimages.akamaized.net/etvbharat/prod-images/authors/assam-1716535099.jpeg)
Published : Sep 9, 2024, 4:12 PM IST
|Updated : Sep 9, 2024, 4:39 PM IST
মৰিগাঁও, ৯ ছেপ্টেম্বৰ: মৰিগাঁও জিলাৰ মিকিৰভেটা আৰক্ষী থানাৰ অন্তৰ্গত কালিকাজাড়ীত এটা পুখুৰীৰ পৰা আজি এগৰাকী স্থানীয় মহিলাৰ মৃতদেহ উদ্ধাৰ হয় । পুৱাই স্থানীয় ৰাইজে পুখুৰীটোত বিবস্ত্ৰ অৱস্থাত মহিলাগৰাকীৰ মৃতদেহটো প্ৰত্যক্ষ কৰে ৷ স্থানীয় ৰাইজে ততাতৈয়াকৈ মিকিৰভেটা আৰক্ষীক খবৰ দিয়াত ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে মৰিগাঁও অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে ৷
কোনো দুষ্কৃতিকাৰীয়ে পূৰ্বে হত্যা কৰি মহিলাগৰাকীৰ মৃতদেহটো উক্ত স্থানত পেলাই থৈ যোৱাৰ সন্দেহ কৰিছে স্থানীয় লোকে ৷ ইফালে মহিলাগৰাকীৰ পৰিয়ালৰ লোকে জানিবলৈ দিয়া মতে মহিলাগৰাকী মৃগী ৰোগত আক্ৰান্ত আছিল ৷ তেওঁ নিশা ঘৰৰ পৰা ওলাই আহিছিল । বহু সময়লৈকে তেওঁ ঘৰলৈ ঘূৰি নোযোৱাত পৰিয়ালৰ লোকে বিচাৰ-খোচাৰ কৰিও কোনো সন্ধান লাভ নকৰে ৷
ইয়াৰ পাছতেই আজি মহিলাগৰাকীৰ মৃতদেহ উদ্ধাৰ কৰাৰ খবৰ লাভ কৰাৰ পাছতেই পৰিয়ালৰ লোক ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহটো চিনাক্ত কৰে ৷ সম্প্ৰতি আৰক্ষীয়ে ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে ৷