ETV Bharat / sitara

Siddhant lends his jacket to Ananya : চেঁচা বতাহছাটি গাতে মেৰিয়াই অনন্যাৰ কাৰণে জেকেট খুলি দিলে সিদ্ধান্তে

author img

By

Published : Jan 26, 2022, 1:58 PM IST

'Gehraiyaan' যুটি অনন্যা আৰু সিদ্ধান্তে ইতিমধ্যেই দৰ্শকৰ পৰা আদৰ বুটলিবলৈ সক্ষম হৈছে ৷ বিশেষকৈ দীপিকাৰ বিপৰীতে অভিনয় কৰি দৰ্শকৰ পৰা ৱাহ-ৱাহ লাভ কৰিছে সিদ্ধান্তে ৷ সোমবাৰে বিশেষ কাৰণ এটাত সিদ্ধান্তে আকৌ লাভ কৰিলে নেটিজেনৰ পৰা প্ৰশংসা ৷ জানোচোন আহক কি কৰিলে সিদ্ধান্ত চতুৰ্বেদীয়ে...

Siddhant lends his jacket to Ananya
অনন্যাৰ কাৰণে জেকেট খুলি দিলে সিদ্ধান্তে

চিটাৰা ডেস্ক, 26 জানুৱাৰী : ‘Gehraiyaan’ ৰ ট্ৰেইলাৰ মুকলি হোৱাৰ পিছৰে পৰাই চৰ্চাত আছে সিদ্ধান্ত চতুৰ্বেদী ৷ বলীউড ডিভা দীপিকা পাডুকনৰ সৈতে কিছু সংবেদনশীল মূহুৰ্তত অভিনয় কৰি অনুৰাগীৰ লগতে সমালোচকৰো দৃষ্টি আকৰ্ষণ কৰিছে সিদ্ধান্তে ৷

সোমবাৰে ছবিখনৰ কলা-কুশলীসকলে মুম্বাইত ছবিখনৰ প্ৰমোচনৰ বাবে ৰখা এটা ইভেণ্টত অংশ লৈছিল ৷ প্ৰমোচনৰ বাবে সকলোৱে নিজকে আকৰ্ষণীয়ভাৱে উপস্থাপন কৰিছিল ৷ বগা চাৰ্টৰ লগত এটা নীলা ডেনিম পেণ্ট পৰিধান কৰিছিল সিদ্ধান্তে ৷ এটা জেকেটেৰে তেওঁ লুকটো সম্পূৰ্ণ কৰি তুলিছিল ৷ কিন্তু জেকেটটো পিন্ধিবলৈ নাপালে অভিনেতাজনে ৷ সহ-অভিনেত্ৰী অনন্যাৰ ঠাণ্ডা গুচাবলৈ জেকেটটো খুলি পিন্ধাই দিয়ে সিদ্ধান্তে (Siddhant lends his jacket to Ananya) ৷

এটা টিউব টপৰ লগত ট্ৰাউজাৰ পিন্ধিছিল অনন্যাই ৷ লগতে এযোৰ হিলছ পিন্ধি প্ৰমোচনৰ বাবে নিজৰ লুকটো সম্পূৰ্ণ কৰিছিল অনন্যাই ৷ ফটোৰ বাবে প’জ দিবলৈ যাওতেই চেঁচা বতাহ এছাটিয়ে কোবাই যায় দুয়োকে ৷ জেকেট পৰিধান কৰি থকা সিদ্ধান্তৰ আগত ঠাণ্ডাত কঁপি উঠিল বলীউডৰ নৱাগতা অভিনেত্ৰীগৰাকী ৷ যিহেতু তেওঁ পৰিধান কৰা পোছাকযোৰ বতাহৰ সৈতে মোকাবিলা কৰিব পৰা বিধৰ নাছিল ৷ সময় নষ্ট নকৰি নিজৰ জেকেট খুলি তৎক্ষণাত পিন্ধাই দিলে অনন্যাক ৷

সিদ্ধান্তৰ এই ব্যৱহাৰতে তেওঁৰ প্ৰশংসাত উবুৰি খাই পৰিছে অনুৰাগীসকল ৷ সমান্তৰালকৈ পিন্ধিবলৈ কাপোৰ নাই বুলি ট্ৰলো দিছে অনন্যাক ৷ শকুন বাত্ৰাৰ আহিবলগীয়া ছবি 'Gehraiyaan' ত যুটি হিচাপে অভিনয় কৰিছে সিদ্ধান্ত অনন্যাই ৷ ছবিখনে 11 ফ্ৰেব্ৰুৱাৰীত আমাজন প্ৰাইমত মুক্তি লাভ কৰিব ৷

লগতে পঢ়ক: Tejasswi calls Shamita Aunty: বিগ বছত আণ্টি বোলোতেই লাগিল কেণা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.