ETV Bharat / sitara

প্ৰিয়ংকা-নিকৰ প্ৰথম বিবাহ-বাৰ্ষিকীঃ চাওঁ আহক দুয়োৰে প্ৰেমৰ যাত্ৰা

author img

By

Published : Dec 2, 2019, 8:34 PM IST

2 ডিচেম্বৰ 2018ত যোধপুৰৰ উম্মেদ ভৱন পেলেচত হিন্দু ৰীতিৰে বিবাহ সম্পন্ন হৈছিল বলীউদ অভিনেত্ৰী প্ৰিয়ংকা চোপ্ৰা আৰু পপ গায়ক নিক জনাচৰ ৷

Priyanka and Nick Jonas first wedding anniversary
প্ৰিয়ংকা-নিকৰ প্ৰথম বিবাহ-বাৰ্ষিকীঃ

চিটাৰা ডেস্ক,2 ডিচেম্বৰঃ প্ৰায়ে চৰ্চাত থাকে বলীউডৰ জনপ্ৰিয় অভিনেত্ৰী প্ৰিয়ংকা চোপ্ৰা আৰু জনপ্ৰিয় পপ গায়ক নিক জনাচৰ সম্পৰ্ক ৷ দেওবাৰে সম্পন্ন হয় তাৰকা দম্পতিৰ বিবাহৰ সম্পূৰ্ণ এটা বছৰ ৷ 2018 চনৰ 1 ডিচেম্বৰত খ্ৰীষ্টান ৰীতি-নীতিৰে আৰু 2 ডিচেম্বৰ তাৰিখে হিন্দু ৰীতি-নীতেৰে বিবাহ সম্পন্ন হৈছিল দুয়োৰে ৷ বলীউড উদ্যোগত এই দম্পতি আটাইতকৈ ৰোমান্টিক আৰু গ্লেমাৰাচ দম্পতি হিচাপে খ্যাত ৷ দুয়ো আড়ম্বৰতাৰে উদযাপন কৰে নিজৰ প্ৰথম বিবাহ বাৰ্ষিকী ৷ প্ৰথম বিবাহ-বাৰ্ষিকীত দুয়োৱে চ'ছিয়েল মিডিয়াযোগে নিজৰ ব্যক্তিগত জীৱনৰ বহু কথাই প্ৰকাশ কৰে ৷ এই বৰ্ষত তেওঁলোক দুয়োৰে ফটোৱে বিশেষ চৰ্চা লাভ কৰে সাধাৰণ ৰাইজৰ মাজত ৷ দুয়োকে যেতিয়া একেলগে দেখা যায় তেতিয়া দুয়োৰে মাজত সাংঘাতিকধৰণৰ ৰোমাঞ্চ পৰিলক্ষিত হয় ৷

  • My promise. Then..today.. forever. You bring me joy, grace, balance, excitement, passion.. all in the same moment...thank you for finding me..Happy First wedding anniversary Husband.. @nickjonas ❤️💋

    And Thank you to everyone for the love and good wishes. We feel blessed. pic.twitter.com/UZgnYQZlVx

    — PRIYANKA (@priyankachopra) December 1, 2019 " class="align-text-top noRightClick twitterSection" data=" ">

দুয়োৰে প্ৰেম কাহিনীৰ কথা ক'বলৈ গলে, নিক জনাচে প্ৰিয়ংকাক প্ৰথমবাৰৰ বাবে এটা পাৰ্টীত লগ পাইছিল ৷ য'ত প্ৰথম চাৱনিতে প্ৰিয়ংকাৰ প্ৰেমত পৰে নিক জনাচ ৷ নিক জনাচে এক সাক্ষাতকাৰ যোগে ইতিমধ্যে ব্যক্ত কৰিছে এই কথা ৷ 2017ৰ মেট গালা অনুষ্ঠিত হোৱাৰ কিছু মাহৰ পূৰ্বে আয়োজিত হৈছিল এই বিশেষ পাৰ্টীৰ ৷ সেই অনুষ্ঠানত প্ৰিয়ংকাক দেখিয়েই নিক জনাচে সপোনৰ ড্ৰীম গাৰ্ল পোৱা যেন পালে ৷ 2016 চনৰ ছেপ্টেম্বৰ মাহত নিক জনাচে প্ৰিয়ংকাক প্ৰথমবাৰৰ বাবে টুইট যোগে বাৰ্তা প্ৰেৰণ কৰে ৷ বাৰ্তাত নিকে লিখে, "আমাৰ কেইজনমান সাধাৰণ বন্ধুৱে আমি দুয়ো লগ পোৱাটো বিচাৰে ৷" তাৰ পিছত দুয়োৱে কিছু সময় ধৰি ডেটিং কৰাৰ পিছত নিকে প্ৰিয়ংকাক নিজৰ মনৰ কথা ব্যক্ত কৰে ৷ লাহে লাহে প্ৰিয়ংকাও প্ৰেমৰ সম্পৰ্কত সোমাই পৰে নিক জনাচৰ লগত ৷ পিছত নিক আৰু প্ৰিয়ংকাৰ দুয়োখন ঘৰৰ সিদ্ধান্ত মৰ্মে দুয়োৰে বিবাহ সম্পন্ন হয় ৷ চন 2017ত প্ৰথমবাৰৰ বাবে দুয়োকে একেলগে দেখা গৈছিল ৰেড কাৰ্পেটত ৷ দুয়োৱে একেলগে অংশগ্ৰহণ কৰিছিল মেট গালা ইভেন্টত ৷ ইয়াৰ পিছত ক্ৰমান্বয়ে ৰাজহুৱা হয় দুয়োৰে প্ৰেম কাহিনী ৷ 2018 বৰ্ষত মুম্বাইত সম্পন্ন হয় দুয়োৰে আঙুঠি পিন্ধোৱা পৰ্ব আৰু 2018 চনৰে ডিচেম্বৰ মাহত যোধপুৰত দুয়োৱে খ্ৰীষ্টান আৰু হিন্দু দুয়োটা ধৰ্মৰ নীতি-নিয়মৰ মাজেৰে বিবাহ সম্পন্ন কৰে ৷ বিয়াৰ পিছত প্ৰিয়ংকা আৰু নিকে দিল্লীত বিবাহৰ অভ্যৰ্থনা অনুষ্ঠান অনুষ্ঠিত কৰে ৷ এই অনুষ্ঠানত বলীউডৰ বিভিন্ন তাৰকাৰ পৰা আৰম্ভ কৰি প্ৰধানমন্ত্ৰী মোডী পৰ্যন্ত উপস্থিত থাকে ৷ দুয়োৱে দুয়োৰে কামক ভালদৰে বুজাৰ লগতে নিজৰ নিজৰ কেৰিয়াৰৰ ওপৰত গুৰুত্ব প্ৰদান কৰে ৷ এনেদৰে দুয়োৱে বুজাবুজি আৰু মৰমৰ মাজেৰে নিজৰ বিবাহৰ এটা বছৰ সম্পূৰ্ণ কৰে ৷

লগতে পঢ়কঃ অনুৰাগ শইকীয়াৰ'প্ৰজেক্ট বৰগীত'

Intro:Body:

Priyanka and Nick Jonas first anniversary 

Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.