ETV Bharat / sitara

COVID-১৯ ত ত আক্ৰান্ত কাৰ্তিক আৰিয়ান

author img

By

Published : Mar 27, 2021, 6:03 PM IST

বলীউডৰ অভিনেতা কাৰ্তিক আৰিয়ানৰ শৰীৰত সোমবাৰে COVID-১৯ প অৱস্থিতি ধৰা পৰে । ছ’চিয়েল মিডিয়াযোগে এই কথা ব্যক্ত কৰে অভিনেতাগৰাকীয়ে ।

COVID-১৯ ত ত আক্ৰান্ত কাৰ্তিক আৰিয়ান
COVID-১৯ ত ত আক্ৰান্ত কাৰ্তিক আৰিয়ান

চিটাৰা ডেস্ক,২৭ মাৰ্চ: COVID-১৯ ত আক্ৰান্ত বলীউডৰ অভিনেতা কাৰ্তিক আৰিয়ান । COVID-১৯ ত আক্ৰান্ত হৈও কাৰ্তিকে সুস্থ মনে হাঁহি আছে । শনিবাৰে কাৰ্তিকে ছ’চিয়েল মিডিয়াত এখন চেলফি ধেমেলীয়া কেপশ্বন দি পোষ্ট কৰে । 'মেৰা লক ডাউন হো গয়া । তুম সব কা নাইট কাৰ্ফিউ তো হ্যে' বুলি কেপশ্বন দি পোষ্ট কৰে চেলফিখন ।

কাৰ্তিকে বৰ্তমান তেওঁৰ আহিবলগীয়া হৰৰ-কমেডি ছবি ভুলভুলইয়া-২ ৰ দৃশ্যগ্ৰহণৰ কামত ব্যস্ত হৈ আছে । ছবিখনত কাৰ্তিকে তাবু আৰু কিয়াৰা আদৱানীৰ সৈতে অভিনয় কৰিব । COVID 19 ৰ বাবে ইতিমধ্যে এনিছ বাজমেৰ পৰিচালনা কৰা ছবিখনৰ দৃশ্যগ্ৰহণৰ কাম বহুবাৰ পলম হৈছে । কাৰ্তিক আৰিয়ান COVID-১৯ ত আক্ৰান্ত হোৱাৰ বাবে পুনৰবাৰ স্থগিত ৰখা হ'ব ছবিখনৰ দৃশ্যগ্ৰহণৰ কাম । ছবিখন ২০০৭ চনৰ ছবি ভুলভুলইয়াৰ ছিকুৱেল আৰু নৱেম্বৰ মাহত ছবিগৃহত মুক্তি পাব বুলি আশা কৰা হৈছে । ইয়াৰোপৰি, কাৰ্তিকক ধামাকা ছবিখনত দেখা পোৱা যাব । ছবিখনত কাৰ্তিকে এগৰাকী নিউজ এংকৰৰ ভূমিকা পালন কৰিছে । এক ৰহস্যজনক বোমা বিস্ফোৰণৰ কাহিনীৰ আঁত ধৰিব কাৰ্তিকে । ছবিখন ৰাম মাধৱনীয়ে পৰিচালনা কৰিছে ।

লগতে পঢ়ক: COVID-১৯ ত আক্ৰান্ত অভিনেতা আৰ মাধৱন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.