ETV Bharat / sitara

Karni Sena seeks ban on Prithviraj: অক্ষয় কুমাৰৰ ‘পৃথ্বীৰাজ’ৰ ওপৰত কৰ্নি সেনাৰনিষেধাজ্ঞা - অক্ষয় কুমাৰৰ আহিবলগীয়া ছবি পৃথ্বীৰাজ

কৰ্নি সেনাই অক্ষয় কুমাৰৰ আহিবলগীয়া ছবি ‘পৃথ্বীৰাজ’ৰ ওপৰত নিষেধাজ্ঞা জাৰি কৰিব বিচাৰিছে (Karni Sena seeks ban on Prithviraj) ৷ কৰ্নি সেনাৰ মতে হিন্দু সম্ৰাট পৃথ্বীৰাজক ভূল আৰু অশ্লীল ৰূপত উপস্থাপন কৰা হৈছে ৷

Karni Sena
অক্ষয় কুমাৰৰ ‘পৃথ্বীৰাজ’ৰ ওপৰত কৰ্নি সেনাৰনিষেধাজ্ঞা
author img

By

Published : Feb 4, 2022, 1:51 PM IST

চিটাৰা ডেস্ক, 4 ফ্ৰেব্ৰুৱাৰী: কৰ্নি সেনা দ্বিতীয় বাৰলৈ ওলাই আহিছে এখন ছবিৰ বিৰুদ্ধে ৷ 2017 চনত পদ্মাৱতৰ বিৰোধিতা কৰাৰ পিছত এইবাৰ পৃথ্বীৰাজৰ বিৰুদ্ধে প্ৰতিবাদত নামিছে কৰ্নি সেনা (Karni Sena seeks ban on Prithviraj) ৷

চেঞ্চৰ ব’ৰ্ডে অক্ষয় কুমাৰৰ আহিবলগীয়া চলচ্চিত্ৰ পৃথ্বীৰাজৰ মুক্তিৰ বাবে প্ৰমাণপত্ৰ প্ৰদান কৰিছে নেকি, এইবুলি কেন্দ্ৰীয় চৰকাৰক প্ৰশ্ন কৰিলে লক্ষ্ণৌস্থিত এলাহাবাদ উচ্চ ন্যায়ালয়ে ৷ ছবিখনৰ ওপৰত নিষেধাজ্ঞা সম্পৰ্কত বৃহস্পতিবাৰে এটা গোচৰ ৰুজু হয় ৷ ২১ ফেব্ৰুৱাৰীৰ পিছত এই গোচৰটোৰ শুনানি প্ৰদান কৰিব আদালতে ৷

  • " class="align-text-top noRightClick twitterSection" data="">

কৰ্নি সেনাৰ উপ-সভাপতি সংগীতা সিঙে দাখিল কৰা পি.আই.এলৰ ওপৰত ন্যায়াধীশ এ আৰ মাছুদী আৰু ন্যায়াধীশ এন কে জৌহৰীয়ে এখন আৱেদন প্ৰদান কৰে আদালতত ৷ আৱেদনখনত অভিযোগ দাখিল কৰা হৈছে যে, ছবিখনত এজন হিন্দু সম্ৰাট পৃথ্বীৰাজৰ এখন 'ভুল আৰু অশ্লীল' ছবি উপস্থাপন কৰা হৈছে আৰু ই ধৰ্মীয় অনুভূতিত আঘাত হানিছে ৷

এইটো দ্বিতীয়বাৰৰ বাবে কৰ্নি সেনাই এখন চলচ্চিত্ৰৰ মুক্তিৰ বিৰোধিতা কৰিছে । 2017 চনত কৰ্নি সেনাই সঞ্জয় লীলা ভাঞ্চালীৰ দ্বাৰা পৰিচালিত আৰু দীপিকা পাডুকন অভিনীত পদ্মাৱতীৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছিল । দেশজুৰি হোৱা প্ৰতিবাদৰ ফলত ছবিখনৰ মুক্তিত পলম হৈছিল ৷ নিৰ্মাতাসকলে ছবিখনৰ শিৰোনাম পদ্মাৱতীৰ পৰা পদ্মাৱত কৰিছিল।

লগতে পঢ়ক: Gangubai Kathiawadi trailer launch:আজি ট্ৰেইলাৰ মুকলি হ’ল গংগুবাই কাথিয়াৱাড়ীৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.