ETV Bharat / sitara

'কুছ কুছ হ'তা হ্যে' ছবিৰ মুক্তিৰ ২২ বছৰ সম্পূৰ্ণ - আজিৰ দিনটো

২২ পূৰ্বে আজিৰ দিনটোতে মুক্তি দিয়া হৈছিল জনপ্ৰিয় ছবি 'কুছ কুছ হ'তা হ্যে'। ছুপাৰষ্টাৰ শ্বাহৰুখ খান, কাজল, ৰাণী মুখাৰ্জীৰ অভিনয়ে সাঁচ পেলাইছিল চলচিত্ৰপ্ৰেমীৰ হৃদয়ত। এই বিশেষ দিনটোক সজীৱ কৰি ৰাখিবলৈ কৰণ জোহৰ আৰু কাজলে মনৰ ভাৱ প্ৰকাশ কৰিলে ছ'ছিয়েল মিডিয়াত। 'কুছ কুছ হ'তা হ্যে' ছবিখনক অভিনয় জীৱনৰ আটাইতকৈ ভাল লগা ছবি বুলি মন্তব্য কৰিলে কাজলে ।

'কুছ কুছ হ'তা হ্যে' ছবিৰ মুক্তিৰ ২২ বছৰ সম্পূৰ্ণ

author img

By

Published : Oct 16, 2020, 5:52 PM IST

চিটাৰা ডেস্ক, ১৬ অক্টোবৰ: ছবি নিৰ্মাতা কৰণ জোহৰে নিৰ্মাণ কৰা 'কুছ কুছ হ'তা হ্যে' ছবিৰ মুক্তিৰ আজি ২২ বছৰ সম্পূৰ্ণ হ'ল । কৰণ জোহৰ আৰু অভিনেত্ৰী কাজলে ছ'ছিয়েল মিডিয়াত জাহিৰ কৰিলে মনৰ কথা। ছবিখনত ৰাহুলৰ ডাইলগ 'প্যাৰ ত' হ'না হি থা' নাইবা অঞ্জলিৰ চৰিত্ৰ ৰূপায়ণ কৰা কাজলৰ দুটি ৰূপৰ সফল প্ৰতিফলন নাইবা টীনাৰ চৰিত্ৰত অভিনয় কৰা ৰাণী মুখাৰ্জীৰ কলেজীয়া ছাত্ৰীৰ ৰূপে মন্ত্ৰমুগ্ধ কৰিছিল দৰ্শকক।

এই ছবিখন কৰণ জোহৰে নিৰ্দেশনা কৰা প্ৰথম ছবি আছিল, যিখন ছবিৰ প্ৰায়বোৰ দৃশ্যই সকলোৰে অন্তৰত সজীৱ হৈ আছে । শুক্ৰবাৰে ছ'ছিয়েল মিডিয়াত কৰণ জোহৰে পূৰ্বৰ এটি সাক্ষাৎকাৰৰ ভিডিঅ' শ্বেয়াৰ কৰিছে য'ত কাজল, ৰাণী মুখাৰ্জী আৰু শ্বাহৰুখ খানে ছবিখনত কাম কৰাৰ অভিজ্ঞতাৰ বিষয়ে কৈছে। আনহাতে কাজলেও ইনষ্টাগ্ৰাম পোষ্টযোগে ছবিখন কিছুমান ভাললগা মুহূৰ্ত ডাইলগৰ বিষয়ে অনুৰাগীক জনাইছে। পোষ্টটোত কাজলে লিখিছে, যেতিয়া অঞ্জলিয়ে কয়, 'মেৰা পেহলা প্যাৰ অধুৰা ৰেহ গয়া নাইবা কুছ কুছ হ'তা হ্যে তুম নেহী ছমঝ'গে

কাজল আৰু শ্বাহৰুখৰ যুতিক অধিক জনপ্ৰিয় কৰা আন এটা ডাইলগ ৰাহুল ইজ এ চিটাৰ, হি ইজ এ চিটাৰ। 'কুছ কুছ হ'তা হ্যে' ছবিখন ১৯৯৮ চনৰ ১৬ অক্টোবৰত মুক্তি দিয়া হৈছিল। ছবিখনে দৰ্শকৰ বিপুল সঁহাৰি লাভ কৰাৰ উপৰিও কেইটাও বঁটা লাভ কৰিবলৈ সক্ষম হয়। ছবিখনত অতিথি অভিনেতা হিচাপে ছলমান খান, জনী লিভাৰকো দেখা গৈছিল। কেৱল ছুপাৰহিট ছবিয়েই নহয়, ৯০ৰ দশকৰ 'ট্ৰেণ্ডছেট'ৰ হিচাপেও এই ছবিখন পৰিগণিত হৈছিল।

লগতে পঢ়ক: কৰ্কট ৰোগক পৰাস্ত কৰিবলৈ দৃঢ় সংকল্পবদ্ধ সঞ্জয় দত্ত

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.