চিটাৰা ডেস্ক,১৭ এপ্ৰিল: 'ধড়ক' ছবিৰে অভিনয় জগতত খোজ পেলোৱা জাহ্নৱী কাপুৰে বৰ্তমান বলীউডত সফল অভিনেত্ৰী হিচাপে নিজকে প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হৈছে । ২০১৮ চনত জাহ্নৱীৰ মাতৃ তথা অভিনেত্ৰী শ্ৰীদেৱীৰ বিয়োগৰ পিছত 'ধড়ক' ছবিখন মুক্তি দিয়া হৈছিল । জাহ্নৱীয়ে পূৰ্বে কৈছিল যে, যেতিয়াই তেওঁ এগৰাকী অভিনেত্ৰী হোৱাৰ ইচ্ছা প্ৰকাশ কৰিছিল তেতিয়াই তেওঁৰ মাতৃ শ্ৰীদেৱী চিন্তিত হৈ পৰিছিল ।
- " class="align-text-top noRightClick twitterSection" data="
">
জাহ্নৱীৰ প্ৰথম ছবিখনে আশা কৰা ধৰণে দৰ্শকৰ সমাদৰ লাভ কৰিবলৈ সক্ষম হোৱা নাছিল । অৱশ্যে, অভিনেত্ৰীগৰাকীয়ে অ'টিটি প্লেটফৰ্মত মুক্তি প্ৰাপ্ত ছবি ঘ’ষ্ট ষ্টৰীজ আৰু গুঞ্জন চাক্সেনা: দ্য কাৰ্গিল গাৰ্লত কৰা অভিনয়ৰ বাবে প্ৰশংসিত হৈছে । যদিও এতিয়া কন্যাৰ সাফল্যৰ আনন্দ ল'বলৈ শ্ৰীদেৱী এই পৃথিৱীত নাই, তথাপিও জীয়াই থকাৰ কালত শ্ৰীদেৱীয়ে জাহ্নৱীৰ ভৱিষ্যতক লৈ উদ্বিগ্ন আছিল ।
- " class="align-text-top noRightClick twitterSection" data="
">
এই সন্দৰ্ভত জাহ্নৱীয়ে পূৰ্বৰ এটা সাক্ষাৎকাৰত কৈছিল যে, তেওঁৰ প্ৰয়াত মাতৃয়ে আশা কৰিছিল যে জাহ্নৱীক যাতে শ্ৰীদেৱীৰ সৈতে তুলনা কৰা নহয় । কাৰণ শ্ৰীদেৱীয়ে ৩০০ৰো অধিক ছবিত অভিনয় কৰিছিল আৰু নৱাগতা জাহ্নৱীয়ে অভিনয় দক্ষতা প্ৰমাণ কৰিবলৈ বাকী আছিল । উল্লেখ্য যে, জাহ্নৱীক আনন্দ এল ৰায়ৰ 'গুড লাক জেৰী', 'দোস্তানা-২' আৰু মালায়ালম ছবি 'হেলেন'ৰ হিন্দী ৰিমেকত দেখা পোৱা যাব । জাহ্নৱীয়ে এইবাৰ তেওঁৰ ছবি নিৰ্মাতা পিতৃ বনী কাপুৰৰ সৈতে প্ৰথমবাৰৰ বাবে পেছাগতভাৱে কাম কৰিব ।
- " class="align-text-top noRightClick twitterSection" data="
">
লগতে পঢ়ক: তামিল কৌতুক অভিনেতা বিবেকৰ মৃত্যু